Connect with us

ভাৰত

আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস : ৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰেৰে অসম দেশৰ পঞ্চম স্থানত

School

গুৱাহাটী,৮ ছেপ্তেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমতো আজি পালন কৰা হৈছে আন্তৰ্জাতিক সাক্ষৰতা দিৱস। প্ৰতি বছৰে বিশ্বজুৰি ৮ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ১৯৬৫ চনৰ ছেপ্টেম্বৰত তেহৰাণত নিৰক্ষৰতা দূৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীসকলৰ অনুষ্ঠিত বিশ্ব সন্মিলনত গ্ৰহণ কৰা প্ৰস্তাৱৰ পাছত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপন আৰম্ভ হৈছিল। সন্মিলনত প্ৰস্তাৱ কৰা হৈছিল যে সন্মিলনৰ উদ্বোধনৰ তাৰিখ অৰ্থাৎ ৮ ছেপ্টেম্বৰত আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰূপে ঘোষণা কৰা হওঁক আৰু ইয়াক বিশ্বব্যাপি পালন কৰা হওঁক। ইউনেস্ক’ৰ দ্বাৰা ১৯৬৬ চনৰ নবেম্বৰত পেৰিছত আয়োজিত সাধাৰণ সন্মিলনৰ ১৪ সংখ্যক অধিৱেশনত ৮ ছেপ্টেম্বৰক আন্তৰ্জাতিক সাক্ষৰতা দিৱস পিচাপে ঘোষণা কৰা হয় আৰু তাৰ পাছৰে পৰাই প্ৰত্যেক বছৰে দিৱসটো উদযাপন কৰা হয়।

অসমতো ১৯৯২-৯৩ চনৰ পৰা ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ অধীনত সাক্ষৰতা অভিযান আৰম্ভ হয়। জিলা সাক্ষৰতা অভিযানৰ মূল লক্ষ্য হৈছে নিৰক্ষৰসকলক লিখা-পঢ়া আৰু সংখ্যাজ্ঞান প্ৰদান কৰা। নিজে ক’ত ক’ত বঞ্চিত হৈছে তাক জনা, সংগঠিত হৈ উন্নয়নমূলক কামৰ জৰিয়তে নিজৰ আৰু দহৰ উন্নতি সাধন কৰা, জীৱন ধাৰণৰ মান আৰু অৰ্থনৈতিক অৱস্থা উন্নত কৰা। একতা, পৰিবেশ সংৰক্ষণ, নাৰী-পুৰুষৰ সমতা, সৰু পৰিয়াল আদিৰ যোগেদি প্রাথমিক শিক্ষা সার্বজনীন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সাক্ষৰতা অভিযানৰ উক্ত লক্ষ্যসমূহ পূৰণৰ প্রয়াস চলোৱাৰ সমান্তৰালভাৱে নতুনকৈ নিৰক্ষৰ লোকৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতিও বিশেষ ব্যৱস্থা লোৱা হৈছে।

চৰকাৰে গ্ৰহণ কৰা সাক্ষৰতা অভিযানৰ ফলত অসমত তুলনামূলকভাৱে বৃদ্ধি পাইছে সাক্ষৰতাৰ হাৰ। মাত্র এটা দশকৰ ভিতৰত সাক্ষৰতাৰ নিৰিখত দেশৰ ২৬ সংখ্যক ৰাজ্যৰ পৰা ২১ সংখ্যক স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নত হৈছে অসম। ক’ভিডকেন্দ্ৰীক পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰাষ্ট্রীয় পৰিসংখ্যা বিভাগে। উল্লেখ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ আছিল ৭২.২ শতাংশ। কিন্তু বিগত বৰ্ষত প্রকাশিত ৰাষ্ট্রীয় নমুনা সমীক্ষাৰ প্রতিবেদনত দেখা গৈছে যে অসমৰ সাক্ষৰতাৰ হাৰ ৮৫.৯ শতাংশলৈ বৃদ্ধি পাইছে।

২০১১ চনত অসম দেশৰ ২৬ নম্বৰ ৰাজ্য আছিল আৰু এতিয়া ২০২০ চনৰ পৰিসংখ্যাত সাক্ষৰতাৰ হাৰত অসম দেশৰ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হ’ল। উল্লেখযোগ্য কথাটো হৈছে যে সামগ্রিকভাৱে অসমত মহিলা আৰু পুৰুষ উভয় শাখাতেই সাক্ষৰতাৰ হাৰ ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ক্রমে ৭৭.৮ আৰু ৬৬.৩ শতাংশ। ২০২০ চনৰ পৰিসংখ্যাত দেখা গৈছে অসমত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পালে ক্রমে ৯০.১০ আৰু ৮০.২০ শতাংশলৈ। উল্লেখ্য যে ৰাজ্যৰ ৭ বছৰৰ ঊর্ধ্বৰ লোকৰ মাজত ৰাষ্ট্রীয় পৰিসংখ্যা বিভাগে এই সমীক্ষা চলাইছিল। লক্ষণীয়ভাৱে ২০১১ চনৰ দৰে শেহতীয়া ২০২০ চনৰ সমীক্ষাতো দেশৰ আটাইতকৈ সাক্ষৰতাৰ হাৰ বেছি থকা ৰাজ্যখন হৈছে কেৰালা।

২০১১ চনতো কেৰালাত সাক্ষৰতাৰ হাৰ আছিল ৯৬.২ শতাংশ আৰু শেহতীয়া সমীক্ষাতো দেখা গ’ল ৰাজ্যখনত সাক্ষৰতাৰ হাৰ ৯৬.২ শতাংশ অটুট আছে। পিছে দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম স্থানত নতুন নতুন ৰাজ্যই উন্নত ফল প্রদর্শন কৰা পৰিলক্ষিত হৈছে। ২০১১ চনত সাক্ষৰতাৰ হাৰত দেশৰ দ্বিতীয়খন ৰাজ্য আছিল লাক্ষাদ্বীপ (৯১.৮)। ২০২০ৰ পৰিসংখ্যাত দ্বিতীয় স্থান লাভ কৰিছে দিল্লীয়ে (৮৮.৭)। পূর্বতে তৃতীয় স্থানত আছিল মিজোৰাম (৯১.৩) আৰু এইবাৰ তৃতীয় স্থান দখল কৰিছে উত্তৰাখণ্ডই (৮৭.৬)। চতুর্থ স্থানত আছিল গোৱা (৮৮.৭) আৰু এইবাৰ উক্ত স্থান লাভ কৰিছে হিমাচল প্রদেশে (৮৬.৬)। ২০১১ চনত পঞ্চম স্থানত উত্তৰ-পূর্বাঞ্চলৰ ত্রিপুৰা (৮৭.২) আছিল যদিও এইবাৰ এই স্থান দখল কৰিছে অসমে। তালিকাৰ অন্তিম ৫ স্থানতো ব্যাপক সালসলনি হোৱা পৰিলক্ষিত হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি তালিকাৰ অন্তিম পাঁচখন ৰাজ্য আছিল ক্রমে বিহাৰ (৬১.৮), অৰুণাচল প্রদেশ (৬৫.৪), ৰাজস্থান (৬৬.১), ঝাৰখণ্ড (৬৬.৪) আৰু অন্ধ্রপ্রদেশ (৬৭.০)। ২০২০ চনৰ পৰিসংখ্যা অনুসৰি অন্তিম পাঁচখন ৰাজ্য হৈছে ক্রমে অন্ধ্রপ্রদেশ (৬৬.৪), ৰাজস্থান (৬৯.৭), বিহাৰ (৭০.৯), তেলেংগানা (৭২.৮) আৰু উত্তৰ প্রদেশ (৭৩.০)। লক্ষণীয়ভাৱে সৰ্বভাৰতীয় পৰ্যায়ত বিগত এক দশকত দেশৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ আছিল ৭৪.০৪ শতাংশ। ২০২০ চনৰ সমীক্ষাত সর্বভাৰতীয় সাক্ষৰতাৰ হাৰ ৭৭.৭ শতাংশলৈ বৃদ্ধি পালে।

Continue Reading
1 Comment

1 Comment

  1. sumon Barua

    September 8, 2021 at 11:57 am

    অতি আকৰ্ষণীয় ৱেবছাইট

Leave a Reply

Your email address will not be published. Required fields are marked *

ভাৰত

ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্বত এডমিৰেল আৰ হৰি কুমাৰ

আৰ হৰি কুমাৰ

গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে অৱসৰ গ্রহণ কৰাৰ পাছতেই ২৫ সংখ্যক চীফ অৱ দ্য নেভেল ষ্টাফ (চিএনএছ) হিচাপে এডমিৰেল আৰ হৰি কুমাৰক দায়িত্ব অর্পণ কৰা হয়।

৪১ বছৰ ধৰি সেৱা আগবঢ়োৱা নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙক স্থলাভিষিক্ত কৰি দেশৰ নৌসেনাৰ নতুন মুৰব্বী ৰূপে দায়িত্ব গ্রহণ কৰা এডমিৰেল কুমাৰে ৱেষ্টার্ন নেভেল কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কার্যনির্বাহ কৰি আছিল৷ ১৯৬২ চনৰ ১২ এপ্রিলত জন্মগ্রহণ কৰা এডমিৰেল কুমাৰ ভাৰতীয় নৌসেনাৰ কার্যবাহী শাখাত ১৯৮৩ চনৰ ১ জানুৱাৰীত নিযুক্তি লাভ কৰিছিল৷ প্রায় ৩৯ বছৰ ধৰি নৌসেনা বাহিনীৰ বিভিন্ন পদবীত কার্যনির্বাহ কৰাৰ অভিজ্ঞতাৰে পুষ্ট এডমিৰেল কুমাৰে আইএনএছ নিশাংক, ক্ষেপণাস্ত্র সন্নিৱিষ্ট আইএনএছ কোৰা আৰু মিছাইল বিধ্বংসী আইএনএছ ৰণবীৰৰ দায়িত্বও চম্ভালিছিল৷

ৱেষ্টার্ন ফ্লীটৰ ফ্লীট অপাৰেচন অফিচাৰ হিচাপে সেৱা আগবঢ়োৱা এডমিৰেল কুমাৰে নৌসেনাৰ বিমান পৰিবাহী আইএনএছ বীৰাটৰো কমাণ্ডাৰ আছিল৷ আমেৰিকা যুক্তৰাষ্ট্রত নেভেল ৱাৰ কলেজত পাঠ্যক্রম সমাপ্ত কৰাৰ লগতে গ্রেট ব্রিটেইনৰ ৰয়েল কলেজ অৱ ষ্টাডিজতো অধ্যয়ন কৰিছিল এডমিৰেল কুমাৰে৷ নৌসেনাত সেৱা আগবঢ়োৱাৰ বাবে এডমিৰেল কুমাৰক পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল আৰু বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত কৰা হৈছে৷ আজি ছাউথ ব্লক লনত গার্ড অৱ অনাৰ গ্রহণ কৰাৰ পাছত নতুন মুৰব্বী এডমিৰেল কুমাৰে কয়– চীফ অৱ নেভেল ষ্টাফ হিচাপে দায়িত্ব গ্রহণ কৰাটো মহৎ সন্মান৷ ভাৰতীয় নৌবাহিনীয়ে আমাৰ ৰাষ্ট্রীয় সাগৰীয় সুৰক্ষা আৰু প্রত্যাহ্বানৰ ওপৰত প্রাধান্য দি আহিছে৷

Continue Reading

ভাৰত

কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ

মতান্তৰ

গুৱাহাটী,২৮ নবেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশন প্ৰাৰ্কক্ষণত বিৰোধী ঐক্যত ফাট মেলা পৰিলক্ষিত হৈছে। দৰাচলতে শীতকালীন অধিৱেশনত ঐক্যৱদ্ধভাৱে থিয় দিয়াৰ বাবে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধীৰ বৈঠকত অংশগ্ৰহণ নকৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে।

সোমবাৰে বিৰোধী দলসমূহৰ বৈঠকৰ আহ্বান জনাইছিল বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। তৃণমূল কংগ্ৰেছৰ বৰ্জনৰ পিছত দুটা বিৰোধী দল সমাজবাদী পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে এই বৈঠকৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে। জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ গোৱা শাখাৰ বিৰোধিতাৰ বাবই কংগ্ৰেছে আহ্বান কৰা এই বৈঠকৰ পৰ আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই। উল্লেখ্য যে গোৱাত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধ নিৰ্বাচনত অৱৰ্তীণ হৈছিল তৃণমূল কংগ্ৰেছ।

Continue Reading

ভাৰত

ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

Narendra Putin

গুৱাহাটী,২৭ নবেম্বৰঃ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ভাৰতলৈ আহিব পুটিন। ৬ ডিচেম্বৰত ভাৰতত উপস্থিত হ’ব পুটিন। এই সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠকত অংশগ্ৰহণ কৰিব। কৰ’না কালত এইখন দুয়োজন নেতাৰ প্ৰথম বৈঠক হ’ব। এই সন্মিলনত কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই কথা জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন শীৰ্ষ বৈঠকৰ সৈতে ভাৰত-ৰাছিয়া ‘টু-প্লাছ-টু’ বৈঠকৰ প্ৰথম সংস্কৰণ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ আলোচনা অনুষ্ঠিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত কেইবাটাও চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ২০২১ চনত ভ্লাদিমিৰ পুটিনৰ এইটো দ্বিতীয় বিদেশ ভ্ৰমণ হ’ব। পুটিনে শেষবাৰৰ বাবে ২০১৮ চনত সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল। দুয়োখন দেশে এছ-৪০০ চুক্তিস্বাক্ষৰ কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পূৱ ৰাছিয়াৰ ভ্লাদিভষ্টক চহৰ ভ্ৰমণ কৰিছিল। ভাৰতে সেই সময়ত পূৱ ৰাছিয়াৰ বিকাশত ভাৰতীয় ব্যৱসায়িক অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ১ বিলিয়ন ডলাৰৰ ছফ্ট ক্ৰেডিট লাইন ঘোষণা কৰিছিল। ইফালে সন্মিলনখনত এছ-৪০০ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতত ৰাছিয়ান স্পুটনিক লাইট ভেকছিন ব্যাপকভাৱে প্ৰস্তুত কৰা হৈছে। সেই অনুসৰি কৰ’না ভাইৰাছৰ বিষয়েও বৈঠকত আলোচনাৰ সম্ভাৱনাও আছে।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending