Connect with us

গুৱাহাটী

মাতৃৰ চকুৰ আগতে মৃত্যু হৈছিল পৰিমিতা দাসৰ

Boat Collision

গুৱাহাটী,৯ ছেপ্তেম্বৰঃ যোৰহাটৰ নিমাতীঘাটৰ ভয়াৱহ নাও দুৰ্ঘটনাত মাতৃৰ চকুৰ আগতে মৃত্যু হৈছিল গুৱাহাটীৰ কাহিলিপাৰাৰ পৰিমিতা দাসৰ। মাজুলীৰ ৰঙাচাহী প্ৰবক্তা জীয়াৰী পৰীমিতাক নাওত উঠাই দি মাতৃয়ে বিদায় দিয়াৰ পিছতে ঘটে এই দুৰ্ঘটনা। পানীৰ বটল দি পাৰলৈ অহা মাতৃয়ে হাত জোকাৰি জীয়াৰীক বিদায় দিয়াৰ পিছতে সংঘটিত হয় ভয়াৱহ ফেৰী দুৰ্ঘটনাটো।এই বিদায় যে অন্তিম বিদায় হ’ব সেয়া কেতিয়াও ভবা নাছিল পৰিমিতাৰ মাতৃয়ে। জানিব পৰা মতে তেওঁ আঠখেলীয়া নামঘৰলৈ জীয়ৰীৰ সৈতে গৈছিল। তাত থকা মাহীয়েকৰ ঘৰত নিশাটো কটোৱাৰ কথা আছিল যদিও পিছদিনা কলেজত ক্লাছ থকা বাবে পৰিমিতাই অকলে উভতি অহাৰ সিদ্ধান্ত লয়। নগাঁৱৰ বেবেজীয়াত পিতৃ গৃহ যদিও পৰৱৰ্তী সময়ত পৰিমিতাৰ পৰিয়াল গুৱাহাটীৰ বাসিন্দা হৈ পৰিছিল। মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আছিল পৰিমিতা দাস। চলিত বৰ্ষৰ ২৭ ফেব্ৰুবাৰিত পৰিমিতাই চাকৰিত যোগদান কৰিছিল। পৰিমিতাৰ পিতৃ আছিল আৰক্ষীৰ বিশেষ শাখাৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক। ক’ভিড পৰিস্থিতিৰ বাবে কলেজ বন্ধ থকাত পৰিমিতা গুৱাহাটীতে আছিল। শেহতীয়াকৈ কলেজ খোলাৰ বাবে দহদিন পূৰ্বে মাতৃ সীমাৰাণী ভূঞাৰ সৈতে পৰিমিতা মাজুলীলৈ গৈছিল। বুধবাৰে মাতৃৰ উভতনি যাত্ৰা আছিল। মাজুলীৰ পৰা উভতি অহাৰ পথত মাতৃ-কন্যাই পুৱাতে আঠখেলীয়া নামঘৰ দৰ্শন কৰি নিমাতীঘাটলৈ আহিছিল। নিমাতীঘাটত কন্যাক বিদায় দি মাতৃ নৈশ বাছত গুৱাহাটীলৈ অহাৰ কথা আছিল।  কিন্তু নিয়তিৰ কি পৰিহাস। মাতৃৰ সন্মুখতে পৰিমিতা উঠা ফেৰীখন মুহূৰ্ততে বহ্মপুত্ৰৰ বুকুত সোমাই যায়। লগে লগে নিখোঁজ হৈ পৰে বহু যাত্ৰী। তাৰ মাজতে উদ্ধাৰ হ’ল পৰিমিতাৰ শেতা পৰা দেহ। লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল পৰিমিতাক। কিন্তু চিকিৎসালয় পোৱাৰ পাছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

গুৱাহাটী

গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

হত্যাকাণ্ড

গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ পাকঘৰত। আৰক্ষীয়ে এটা কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰিলে মহিলাগৰ‍কীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে।

উল্লেখ যে বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি গড়চুক আৰক্ষীক অৱগত কৰিছিল। স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত‍্যা কৰি নাটকীয় ৰূপ দিয়‍ৰ প্ৰচেষ্টা কৰিছিল। সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল সন্তোষ গুপ্তাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনীঘৰত। কিন্তু বৃহস্পতিবাৰে নিশা দেৱযানী দাসে তেওঁৰ স্বামীৰ সৈতে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনী ঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহটো লুকুৱাই ৰখাৰ কথা জনায়। সন্তোষ গুপ্তাই হত‍্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ দেৱযানী দাসক নিৰ্দেশ দিছিল যদিও অৱশেষত তেওঁলোক আৰক্ষীৰ কাষ চাপে। তেওঁলোকৰ কথাৰ ভিত্তিত বৃহস্পতিবাৰে নিশাই ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহটোৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰে। আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে দেৱযানী দাস আৰু তেওঁৰ স্বামীক।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত‍্যাকাৰী সন্তোষ গুপ্তাক। ধৃত সন্তোষ গুপ্তা পেছাত এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট। জানিব পৰা মতে আন্তিমা গুপ্তাৰ সৈতে সন্তোষ গুপ্তাৰ বিবাহ পাশত আবদ্ধ হোৱা ৭ বছৰ হৈছিল যদিও তেওঁলোক নিঃসন্তান আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Continue Reading

গুৱাহাটী

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।

কুতুম্ব সুৰক্ষা মিছনৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই। উল্লেখ যে বিগত কেইটামান দিন ধৰি বাংলাদেশত হিন্দু লোকসকল অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। হিন্দু লোকসকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ লগতে দেশখনত হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাই সোমবাৰে আকাশ বতাহ গৰম কৰি তোলে প্ৰতিবাদকাৰী লোকসকলে। এইক্ষেত্ৰত সত্য ৰঞ্জন বৰাই কয় যে বাংলাদেশত আক্ৰমণৰ সন্মুখীন হোৱা হিন্দু লোকসকলক অসমে গ্ৰহণ কৰাৰ প্ৰশ্ন নুঠে। সেই বুলি বাংলাদেশত হিন্দুসকলক পৰুৱাৰ দৰে মাৰিবলৈও দিয়া নহ’ব বুলি কয় হিন্দুত্ববাদী নেতাগৰাকীয়ে।

Continue Reading

গুৱাহাটী

চি বি আই, আয়কৰ আৰু ইডি বিজেপি চৰকাৰৰ পুতলা

প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী,১৬ অক্টোবৰঃ বিজেপি চৰকাৰে চি বি আই, আয়কৰ বিভাগ আৰু ইডি আদি সংস্থাসমূহক ৰাজনৈতিক প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংসদগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয়-‘ কেন্দ্ৰত বিজেপিৰ ৭ বছৰীয়া কাৰ্যকালত আজিলৈকে বিজেপিৰ এজন নেতাৰ বিৰুদ্ধে চি বি আই, আয়কৰ নাইবা ইডিৰ গোচৰ হোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে কংগ্রেছ দলকে ধৰি বিভিন্ন বিৰাধী দলৰ বহু কেইগৰাকী নেতাক চি বি আই, আয়কৰ আৰু ইডি গাচেৰত তেওঁলােকৰ ঘৰত অভিযান চলোৱা, সম্পত্তি বাজেয়াপ্ত কৰাকে ধৰি বিভিন্ন ধৰণৰ গাচেৰ ৰুজু কৰি কেৱল হাৰাশাস্তি কৰাই নহয় বিৰাধীৰ কণ্ঠ ৰাধে কৰিবলৈ বিভিন্ন ধৰণে অপচেষ্টা চলাই আহিছে।’

সংবাদমেল যোগে সাংসদ ৰিপুন বৰাই বিজেপি চৰকাৰৰ চক্ৰান্তৰ বিষয়ে উল্লেখ কৰি কয়-‘ প্রাক্তন কেন্দ্রীয় গৃহ মন্ত্রী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰাম আৰু তেওঁৰ পুত্র কার্তিক চিদাম্বৰামক ২০১৯ চনৰ শেষৰফালে কেইমাহ ধৰি চি হি আই গাচেৰত জেলত আবদ্ধ কৰি ৰাখিছিল। সেইদৰে কর্ণাটকৰ প্ৰাক্তনমন্ত্রী, বর্তমান কর্ণাটক প্রদেশ কংগ্ৰেছৰ সভাপতি ডি কে শ্রীকুমাৰক দীর্ঘদিন ধৰি আয়কৰ গাচেৰ সংক্রান্তত জেলত আৱদ্ধ কৰি ৰাখিছিল।’ নির্বাচনৰ প্ৰাকমুহূর্তত বিভিন্ন বিৰাধী দলৰ নেতাৰ বিৰুদ্ধে বিজেপি চৰকাৰে চক্ৰান্তমূলকভাৱে জাপি দিয়া গোচৰ সন্দৰ্ভত তেওঁ তথ্য সহকাৰে কেতবোৰ দিশ উল্লেখ কৰে।

Continue Reading

আপডেট খবর

ড্ৰাগ ড্ৰাগ
অসম1 hour ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব24 hours ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম24 hours ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম24 hours ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

হত্যাকাণ্ড হত্যাকাণ্ড
গুৱাহাটী1 day ago

গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ...

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী5 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

Trending