Connect with us

ভাৰত

মোডী চৰকাৰৰ দিনত সাংঘাতিক ধৰণে বিধ্বস্ত দেশৰ অৰ্থনীতি : সাংসদ ৰিপুন বৰা

Economy

গুৱাহাটী, ১০ ছেপ্তেম্বৰঃ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী চৰকাৰে বিগত ৭ বছৰত এটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গঢ় দিয়া নাই। বৰং ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দিনত কৰা ২৩ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতত গটাই দিলে। এই অভিযোগ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংসদ ৰিপুন বৰাই কয়-‘ মোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈ পৰিছে। চৰকাৰখনৰ ভুল নীতিৰ বাবে দেশখনে ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। বিগত ৪৫ বছৰৰ ভিতৰত দেশত সৰ্বাধিক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। চেণ্টাৰ ফ’ৰ ম’নিটৰিং ইণ্ডিয়ান ইক’নমিৰ মতে বৰ্ত্তমান দেশত নিবনুৱাৰ হাৰ চহৰাঞ্চলত ৯.৩ শতাংশ আৰু গ্ৰামাঞ্চলত ৬.৮ শতাংশ আৰু সামগ্ৰিকভাৱে দেশৰ ৭.৬ শত‍ংশ। আনহাতে বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ বাবে দেশৰ ৫০ লাখ লোক কৰ্ম সংস্থাপনহীন হোৱাৰ বিপৰীতে কৰ’ণাৰ পৰিপ্ৰেক্ষিতত মোডী চৰকাৰে দিয়া অপৰিকল্পিত লকডাউনৰ বাবে ২ কোটি লোকে নিজৰ চাকৰি হেৰুৱাব লগা হয়। আনকি চলিত বৰ্ষৰ প্ৰথম ছয়মাহত ২.৫ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে। সেইদৰে মোডী চৰকাৰৰ ভুল নীতিৰ বাবে ৭.৫ কোটি লোক অতিৰিক্তভাৱে দৰিদ্ৰতাৰ কৱলত পৰিছে। আনহতে ১০ কোটি লোকৰ উপাৰ্জন আধালৈ নামি আহিছে।’

তেওঁ লগতে কয়-‘ ৰাজহুৱা খণ্ডত ২০১৪ চনত ১৩,৯১,৩০৬ লোক নিয়োজিত হৈ আছিল আৰু ২০২০ চনত সেই সংখ্যা হ’লগৈ ৯,২০,০০০। ৭ বছৰত চাকৰি হ্ৰাস ৪,৭১,৩০৬ লৈ। আনহাতে চৰকাৰী বিভিন্ন বিভাগত নিয়োজিত হৈ থকা মহিলা কৰ্মচাৰীৰ সংখ্যা মোডী চৰকাৰৰ দিনত ৫৩ হ‍জাৰলৈ হ্ৰাস পালে। যিখন চৰকাৰে কিন্তু সকলো সময়তে মহিলা সবলীকৰণৰ কথা কয়। সেইদৰে ৰে’লৱে বিভাগত অনুমোদিত ১৫ লাখ পদৰ বিপৰীতে বৰ্ত্তমান ২.৫ লাখ পদ খালী হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিভাগত অনুমোদিত ৪০ লাখ পদৰ বিপৰীতে খালী আছে ৯ লাখ পদ। গৃহ বিভাগত খালী হৈ আছে ২.৫ লাখ পদ।’

সংবাদমেলত মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদ বৰাই কয়-‘ প্ৰধানমন্ত্রী মোডীৰ ভুল অৰ্থনীতি, দূৰদৃষ্টিহীনতা আৰু আদানি-আম্ব‍ানি প্ৰীতিৰ ফলত দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ অৱস্থা শোচনীয় হৈ পাৰিছে। জৱহাৰলাল নেহেৰুৰ পৰা ড০ মনমোহন সিঙৰ দিনলৈ দেশত ১৮৮ টা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান গঢ় দিয়া হৈছেল আৰু ইয়াৰে ৭ টা অটল বিহাৰী বাজপেয়ীৰ দিনত আৰু ৩ টা মনমোহন সিঙৰ দিনত ব্যক্তিগতকৰণ কৰা হৈছিল। কিন্তু মোডী চৰ‍কাৰৰ দিনত এটাও ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান গঢ় নিদিয়াৰ বিপৰীতে ২৩ টা বিক্ৰী কৰা হৈছে। ২০১৪ চনত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা হোৱা লাভৰ পৰিমাণ আছিল ৮৮ হাজাৰ কোটি টকা। ২০২১ চনত ইয়াৰ পৰিমাণ হ’লগৈ ২৬,১০৪ কোটি টকা। ২০১৪ চনত অ’ এন জি চিৰ হাতত নগদ ধন আছিল ১ লাখ কোটি টকা। ২০২১ চনত হাতত নগদ ধন হিচাপে এক পইচাও নাই। উল্লেখযোগ্য যে দেশৰ সকলোবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বজাৰ মূল্য হৈছে ১৩ লাখ কোটি টকা। কিন্তু ইয়াৰ বিপৰীতে ৰিলায়েঞ্চ উদ্যোগৰ বজাৰ মূল্য হৈছে ১৫ ল‍াখ কোটি।’

সংবাদমেলত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অক্ষমণীয় অপৰাধ কৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি সাংসদ বৰাই কয়-‘ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে প্ৰশাসনিক অদক্ষতাৰ বাবে দেশ পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা ৰাজহ সৃষ্টি কৰিব নোৱাৰি অতি সহজ পন্থাৰে ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা অস্বীকাৰ কৰি বলপূৰ্বকভাৱে সংৰক্ষিত পুঁজিত হাত দিছে। ২০১৯ চনত ৰিজাৰ্ভ বেংকৰ সংৰক্ষিত পুঁজিৰ পৰা ১.৭৬ লাখ কোটি টকা আৰু ২০২০ চনৰ জুল‍াইৰ পৰা ২০২১ চনৰ মাৰ্চলৈ বিগত ৯ মাহত ৯৯,১২২ কোটি টকা কেন্দ্ৰীয় চৰকাৰে উলিয়াই নিছে। দেশৰ অৰ্থনীতিৰ বাবে এইটো এটা অশুভ সংকেট। আনহাতে ২০১৩-১৪ বিত্তীয় বৰ্ষত ভাৰতৰ বৈদেশিক ঋণ নিয়ন্ত্রিত অৱস্থাত আছিল আৰু ঋণৰ পৰিমাণ আছিল ৫৬ লাখ কোটি টকা। কিন্তু বিগত ৭ বছৰত বৈদেশিক ঋণৰ পৰিমাণ ১৩৫,৮৬,৯৭৫ কোটি টকালৈ বৃদ্ধি পালে।’

সাংসদ বৰাই কয়-‘ মোডী চৰকাৰৰ ভুল নীতিৰ বাবে দেশৰ জি ডি পি সকলো ক্ষেত্রতে নিম্নগামী হৈছে। কংগ্ৰেছৰ দিনত দেশৰ জি ডি পি ৭.৮ শত‍ংশলৈ বৃদ্ধি হৈ এক অভিলেখ সৃষ্টি কৰিছিল। কিন্তু মোডীৰ ৭ বছৰীয়া কাৰ্যকালত দেশৰ জি ডি পি ক্ৰমাৎ নিম্নগামী হৈ মাইনাছ ৩.১ শতাংশ হৈছে। সেইদৰে ২০২০ চনৰ গ্লৱেল হাংগাৰ ইনডেক্স অনুযায়ী বিশ্বৰ ১০৭ দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ৯৪ সংখ্যক। মোডী চৰকাৰৰ দিনত দেশৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা অভাৱনীয় হাৰত হ্ৰাস পাইছে। পৰিয়ালভিত্তিক সঞ্চয় ৩৯.৭৯ শতাংশৰ পৰা হ্ৰাস হৈ ৩.২৮ শত‍ংশ হৈছে।’

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

ভাৰত

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো শ্ৰমিক। ঘটনা অনুসৰি চুৰাটৰ কাডোৰা ডি আই ডি চিৰ এটা পেকেজিং কাৰখানাত পুৱা জুই লাগে। উদ্ধাৰকাৰী দলে ১২৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে কেইবাজনো শ্ৰমিকে জুইৰ পৰা ৰক্ষা পাবলৈ পাঁচ মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই দিয়ে। যাৰ ফলত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। চুৰাট অগ্নি নিৰ্বাপক বাহিনীয়ে সংবাদ মাধ্যমত জনোৱা অনুসৰি তেওঁলোকে পুৱা ৪.৩০ বজাত দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল।

ইয়াৰ ঠিক পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ ১০ খন বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে। প্ৰায় চাৰে তিনি ঘণ্টাৰ অন্তত তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ২০ জন কৰ্মচাৰী অগ্নিদগ্ধ হৈছে। ইয়াৰে ১৫ জন লোকক চুৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে আন আহতসকলক একেদৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী ভাষ্য অনুসৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত কেইবাজনো শ্ৰমিকে পঞ্চম মহলাত কাম কৰি আছিল। শ্ৰমিকসকলে জুই দেখি ভয় খাইছিল আৰু তেওঁলোকৰ জীৱন বচাবলৈ তাৰ পৰা জঁপিয়াই দিছিল। আনহাতে এছ ডি এম কেজি বাঘেলাই কৈছে যে অগ্নিকাণ্ডৰ সময়ত ভৱনটোত ১০০ তকৈও অধিক লোক আছিল। অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকক বচাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল।

Continue Reading

ভাৰত

কেৰালাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে

flood

গুৱাহাটী,১৭ অক্টোবৰঃ কেৰালাত বানপানীয়ে কালৰূপ ধাৰণ কৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ১১ জন লোকে এই বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে।

ৰাজ্যখনৰ কেইবাঠাইতো প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে আজি আৰু কাইলৈ সবৰীমালা মন্দিৰ দৰ্শনৰ বাবে নাযাবলৈ ভক্ত সকলক অনুৰোধ জনাইছে প্ৰশাসনে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সদৰি কৰিছে যে বৰ্তমানে ৰাজ্যখনৰ স্থিতি গম্ভীৰ। বহু ঠাইত আৱদ্ধ হৈ আছে লোক। সেয়ে সেনাক সহায়ৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে সেনা জোৱানো উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে।  বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ মজুত কৰি ৰখা হৈছে।

Continue Reading

ভাৰত

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

ৰাহুল দ্ৰাবিড়

গুৱাহাটী,১৬ অক্টোবৰঃ ৰবি শাস্ত্ৰীৰ পিছত এইবাৰ ভাৰতীক ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হ’ব ৰাহুল দ্ৰাবিড়। বি চি চি আইয়ে ঘোষণা কৰিলে এই কথা। ২০২১ চনৰ ১৭অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা টি-২০ বিশ্বকাপৰ পাছতে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব ল’ব প্ৰাক্তন খেলুৱৈ ৰাহুল দ্ৰাবিড়ে। ডুবাইত এক বৈঠকত মিলিত হয় বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলি আৰু সচিব জয় শ্বাহসহ ৰাহুল দ্ৰাবিড়। সেই বৈঠকতে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক হোৱাৰ বাবে দ্ৰাবিড়ক সন্মতি কৰায়। এতিয়া বিশ্বকাপ ২০২৩ লৈকে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিবাহ কৰিব ৰাহুল দ্ৰাবিড়ে।

উল্লেখ্য যে এই বিশ্বকাপৰ পাছতে টি-২০ ৰ অধিনায়কত্ব এৰিব বিৰাট কোহলীয়ে। লগতে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও এৰিব প্ৰশিক্ষকৰ পদ।

Continue Reading

আপডেট খবর

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী2 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

পেঞ্চন পেঞ্চন
অসম2 days ago

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত...

কংগ্ৰেছ-বি পি এফ কংগ্ৰেছ-বি পি এফ
অসম2 days ago

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা...

আই এছ আই আই এছ আই
অসম2 days ago

ৰাজ্যত আই এছ আই আৰু অল কায়দাৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

গুৱাহাটী,১৮ অক্টোবৰঃ এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা...

ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড
ভাৰত2 days ago

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত...

কাতি বিহু কাতি বিহু
অসম2 days ago

ৰাজ্যজুৰি কাতি বিহুৰ ব্যস্ততা

গুৱাহ‍‍াটী,১৮ অক্টোবৰঃ আজি কাতি বিহু। বিহুৰ এই সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কৰ’না সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি...

Trending