Connect with us

উত্তৰ-পূব

ত্রিপুৰা চৰকাৰে মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ

মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ পদক্ষেপ

গুৱাহাটী,১০ ছেপ্তেম্বৰঃ মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ত্ৰিপুৰা চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ তেওঁলোকৰ সংস্থাপনৰ বাবে বিশেষ উদ্যোগ লৈছে চৰকাৰে । মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকলক চৰকাৰে প্ৰদান কৰিব সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ। ত্ৰিপুৰা চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যখনত নতুনকৈ ৪০৮ খন নতুন সুলভ মূল্যৰ দোকানৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। ৰাজ্যখনৰ লোকসকলে যাতে সহজতে চৰকাৰী ৰেচন লাভ কৰিব পাৰে সেই উদ্দেশ্যেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।

উল্লেখ্য যে ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত হিতাধিকাৰীসকলে ৰেচনৰ বাবে বহু দূৰলৈ যাবলগীয়া হয় । সেই দূৰত্ব কিছু কম কৰাৰ লগতে মানুহে দুৱাৰমুখতে যাতে সকলো সামগ্ৰী লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। লগতে ৪০৮ খন নতুন সুলভ মূল্যৰ দোকানক এনেদৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব যাতে একোখন দোকানত ৪০০তকৈ অধিক নিয়মীয়া গ্ৰাহক নাথাকে । ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল যে চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত মহিলাসকল অগ্ৰাধিকাৰ দিব । এক সূত্ৰৰ মতে মহিলাসকলক এই আঁচনিখনত অন্তৰ্ভূক্ত কৰা হৈছে যাতে তেওঁলোকে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰে ।

তদুপৰি বিশেষভাৱে সক্ষম ব্যক্তিকো সম অগ্ৰাধিকাৰ দিয়া হৈছে। সূত্ৰটোৰ মতে আৰ্থিক দিশত যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে বিশেষভাৱে সক্ষম ব্যক্তিসকলেও সুলভ মূল্যৰ দোকানৰ বাবে আবেদন কৰিব পৰা ব্যৱস্থা কৰিব চৰকাৰে ।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

উত্তৰ-পূব

নগা শান্তি আলোচনাৰ ক্ষেত্রত অব্যাহত আছে জটিলতা

নগা শান্তি আলোচনা

গুৱাহাটী,১৭ অক্টোবৰঃ চৰকাৰৰ সৈতে শান্তি আলোচনাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি এন এছ চি এনে(আই এম) পৃথক নগা জাতীয় পতাকা আৰু সংবিধানৰ দাবীত অটল হৈ থকাৰ কথা স্পষ্ট কৰি দিছে। প্ৰায় দুবছৰৰ ব্যৱধানৰ পাচত দশক পুৰণি নগা ৰাজনৈতিক সমস্যাৰ সমাধান বিচাৰি পুনৰ আলোচনা আৰম্ভ কৰা এন এছ চি এনে (আই এম) এক বিবৃতিত কয় যে নগা জনসাধাৰণৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ উলংঘা কৰা এই সমস্যা ভাৰতৰ বিদ্বেষপূৰ্ণ আনন্দত নিহিত হৈ আছে ৷

ইফালে শুকুৰবাৰে নতুন দিল্লীত এন এছ চি এন (আই এম)ৰ বিৰোধী সাতটা সংগঠনৰ সন্মিলিত মৰ্চা এন এন পি জিৰ কাৰ্যবাহী কমিটিৰ সদস্যসকলৰ সৈতে নগা আলোচনাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিনিধি এ কে মিশ্ৰ এক বৈঠকত মিলিত হৈছিল। দুয়োপক্ষই নিৰ্ধাৰিত লক্ষ্যৰ প্ৰতি দুয়োপক্ষই যথেষ্ট স্থিৰতা আৰু প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছিল আৰু সমগ্ৰ আলোচনা প্ৰক্ৰিয়া যথেষ্ট সৌহাদ্যপূৰ্ণ আছিল। অৱশ্যে এন এছ চি এন (আই এম) নিজৰ পূৰ্বৰ স্থিতিত অটল হৈ আছে।

এন এন পি জি আৰু চৰকাৰৰ মধ্যস্থতাকাৰীৰ মাজত হোৱা আলোচনাৰ প্ৰসংগত এন এছ চি এনে (আই এম) বিবৃত্তি যোগে কয়-‘ যেতিয়া বিষয়টো চম্ভালা অতি কঠিন হৈ পৰে, তেতিয়া নগা ৰাজনৈতিক সমাধান বিচাৰি উলিওৱাৰ নামত ভাৰত চৰকাৰে বিভাজনমূলক নীতি আৰু তোষামোদ কৰিবলৈ আৰম্ভ কৰে। নগা পতাকাক লৈ কোনো ধৰণৰ ব্যৱসায় তথা দৰদাম কেতিয়াও হ’ব নোৱাৰে।’

উল্লেখ্য যে এন এছ চি এনে (আই এম) ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰৰ সৈতে এক ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰিছিল যদিও এতিয়াও চূড়ান্ত চুক্তিত উপনীত হোৱা নাই ৷ নাগালেণ্ডত সক্ৰিয় উগ্ৰপন্থী গোটসমূহৰ ভিতৰত সৰ্ববৃহৎ এন এছ চি এন-আইএমে ১৯৯৭ চনত চৰকাৰৰ সৈতে শান্তি আলোচনাত যোগদান কৰিছিল। ২০১৯ চনত কেন্দ্ৰৰ মধ্যস্থতাকাৰী ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ সময়ত নগা সকলৰ প্ৰশ্নৰ সমাধানৰ আশা উজ্জ্বল হৈ উঠিছিল যদিও পাচত ৰবিয়ে এন এছ চি এন-আই এমৰ বিৰুদ্ধে এক ব্যাপক চুক্তি বিলম্বিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’লৈ এখন পত্ৰ লিখি সংগঠনটোক “সশস্ত্ৰ দল” বুলি অভিহিত কৰাৰ লগে লগে বিষয়টোৱে এক অন্য ৰূপ লয়। চলিত বৰ্ষৰ ছেপ্টেম্বৰত ৰবিক অপসাৰণ কৰা হৈছিল আৰু মিশ্ৰক শান্তি আলোচনা আগবঢ়োৱাৰ বাবে কেন্দ্ৰৰ মধ্যস্থতাকাৰী হিচাপে নিযুক্ত কৰা হৈছিল।

Continue Reading

উত্তৰ-পূব

শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰাৰ প্ৰসংগকলৈ প্ৰতিক্ৰিয়া

পাঞ্জাৱী লেন

গুৱাহাটী,১৩ অক্টোবৰঃ শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰা হ’ব। মেঘালয় কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাঞ্জাৱী লেন সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত পাঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী চৌখচিন্দৰ সিং ৰান্ধাৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়-‘ এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পাতিব। হাৰিয়ানাতো এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলিত শিখ পৰিয়াল সকলক মাওলেন অঞ্চলত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে।’

ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে উচ্চ পৰ্যায়ৰ এখন কমিটিয়ে নগৰ পৰিক্ৰমা বিভাগক এই পৰামৰ্শ দিছে যে পাঞ্জাৱী লেনৰ পৰা অন্য এক উপযুক্ত স্থানলৈ শিখ সকলক স্থানান্তৰিত কৰিব লাগে আৰু এই সন্দৰ্ভত কেবিনেটে অনুমোদন জনাইছে। পাঞ্জাৱী লেনত তেনেকুৱা ৫০ৰো অধিক শিখ পৰিয়াল বাস কৰি আহিছে। তেওঁলোকৰ দাবী যে ১৮৬৩ চনৰ পৰাই তেওঁলোকে এই স্থানত বাস কৰি আছে আৰু তেওঁলোক তাৰ পৰা উচ্ছেদ কৰাটো কোনো কাৰনতে নীতিগত হ’ব নোৱাৰে।

Continue Reading

উত্তৰ-পূব

মণিপুৰত সেনাৰে হোৱা সংঘৰ্ষত চাৰি কুকি বিদ্ৰোহী নিহত

কুকি বিদ্ৰোহী

গুৱাহাটী,১১ অক্টোবৰঃ মণিপুৰৰ ইণ্ডো ম্যানমাৰ সীমান্তত সেনাৰে হোৱা সংঘৰ্ষত কুকি বিদ্ৰোহী সংগঠন কুকি নেচলচন লিবাৰেচন আৰ্মিৰ ৪ গৰাকী দুৰ্ধষ কেডাৰ নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কাংপকি জিলাৰ হিংগজান গাঁৱৰ সমীপত কুকি বিদ্ৰোহী কে এন এল এ ১২ জনীয়া এটা দলে অঞ্চলটো আশ্ৰয় লৈ থকা বুলি বিশেষ খবৰ লাভ কৰাৰ পিছতে শনিবাৰে আছাম ৰাইফলছ আৰু সেনাই বিদ্ৰোহীৰ বিৰুদ্ধে বৃহৎ যৌথ অভিযান আৰম্ভ কৰে। ঘন অৰণ্যত ওৰে নিশা চলা অভিযানৰ পিছত দেওবাৰে পুৱা নিৰাপত্তা বাহিনীৰ সৈতে কুকি বিদ্ৰোহীৰ ভয়ংকৰ সংৰ্ঘত হয়।

কেইবাঘণ্টা ধৰি চলা এই সংৰ্ঘষত সেনাৰ গুলীবৰ্ষণত ৪ গৰাকী কে এন এল এফৰ কেডাৰ নিহত হয়। বিদ্ৰোহীৰ সৈতে সেনাৰ তুমুল সংঘৰ্ষ বৰ্তমানেও অব্যাহত আছে বুলি জানিব পৰা গৈছে । সেনাই ঘটনাস্থলিৰ পৰা কেইবাটাও এ কে চিৰিজৰ ৰাইফল উদ্ধাৰ কৰিছে। নিৰাপত্তা বাহিনীয়ে সদৰী কৰামতে এই সংঘৰ্ষত অধিক বিদ্ৰোহী হতাহত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে এই অভিযানত সেনাৰ কোনো জোৱান হতাহত হোৱা নাই । ইফালে বিদ্ৰোহী সৈতে হোৱা এই সংঘৰ্ষৰ পিছত মণিপুৰৰ আৰক্ষী দল ঘটনাস্থলি উপস্থিত হৈছে ।

Continue Reading

আপডেট খবর

মাতৃত্ব মাতৃত্ব
ভাৰত9 mins ago

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০...

ড্ৰাগ ড্ৰাগ
অসম3 hours ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব1 day ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম1 day ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম1 day ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

হত্যাকাণ্ড হত্যাকাণ্ড
গুৱাহাটী1 day ago

গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ...

Trending