Connect with us

উত্তৰ-পূব

চৰ্চাত নাগালেণ্ডৰ আঠবছৰীয়া এটা শিশু

বৰ্তমান দুটাকৈ এপ ডেভেলপ কৰাত ব্যস্ত তৃতীয় শ্ৰেণীত পঢ়ি থকা জায়িগুম জেলিয়াং। জায়িগুমে ‘Feed the Needy’ নামৰ এপটোৰ জৰিয়তে অভাৱী লোকক অতিৰিক্তভাৱে ৰৈ যোৱা খাদ্য দান কৰাৰ কথা ভাবি প্ৰস্তুত কৰিছিল। এই এপটোৰ উপৰি বৰ্তমান আন এটা এপ ডেভেলপ কৰাকলৈ জায়িগুম ব্যস্ত হৈ আছে।

গুৱাহাটী,১২ ছেপ্তেম্বৰঃ ক’ভিডৰ ফলত বিদ্যালয়সমূহ বন্ধ থকাৰ মাজতে নাগালেণ্ডৰ এটি শিশুয়ে মাত্ৰ ৮ বছৰ বয়সতে এপ তৈয়াৰ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। শিশুটিৰ নাম জায়িগুম জেলিয়াং। ডিমাপুৰৰ হ’ল’টলি স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্র জায়িগুম জেলিয়াঙে ক’ভিডৰ বাবে বিদ্যালয় বন্ধ থকা সময়ছোৱাত ছফ্টৱেৰ ক’ডিঙৰ শিক্ষা গ্ৰহণ কৰি নিজাববীয়াকৈ এটা এপ তৈয়াৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান জায়িগুমে নাগালেণ্ডৰ আটাইতকৈ কনিষ্ঠ চাৰ্টিফাইড এপ ডেভেলপাৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে।

উল্লেখ যে তৃতীয় শ্ৰেণীত পঢ়ি থকা জায়িগুম আৰু তেওঁৰ পিতৃ কাংঝাং জেলিয়াঙে নাগালেণ্ডৰ উদ্যোগ আৰু বাণিজ্য বিভাগ তথা এডুচেণ্টাৰ নামৰ এক প্ৰতিষ্ঠানে ২ৰ পৰা ২০ আগষ্টত আয়োজন কৰা ‘Start-Up Nagaland’s Hackathon 2021’-ত অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পিতা-পুত্ৰৰ যুটীয়ে কেৱল দ্বিতীয় স্থান অধিকাৰ কৰাই নহয় আনকি শ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া টীমৰ খিতাপ অৰ্জন কৰি ২৫,০০০ টকা লাভ কৰিবলৈ সক্ষম হয়। জালিগুমে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে দেউতাৰ সৈতে যুটি বান্ধি প্ৰতিযোগিতাখনত দ্বিতীয় স্থান অধিকাৰ কৰাত খুবেই ভাল লাগিছে। ইফালে জায়িগুমৰ পিতৃ কাংঝাং জেলিয়াঙে কয়-‘ বিগত বছৰৰ এপ্ৰিল মাহত এক অনলাইন প্লেটফৰ্মৰ জৰিয়তে আমি তাক শিক্ষা দিয়াইছিলো। জায়িগুমে খুব আগ্ৰহেৰে শিকা আৰম্ভ কৰি এই বছৰৰ জুলাই মাহৰ ভিতৰত ১৪৪ টা বিগিনাৰ্ছ ক্লাছ সমাপ্ত কৰে। এতিয়া সি ছয়টা মাষ্টাৰ ক্লাছ সম্পূৰ্ণ কৰাত লাগি আছে আৰু ইয়াৰ পিছত প্ৰফেছনেল পৰ্য্যায়ত প্ৰগ্ৰেমিং শিকাৰ পৰিকল্পনা কৰিছে।’

জায়িগুমে ‘Feed the Needy’ নামৰ এপটোৰ জৰিয়তে অভাৱী লোকক অতিৰিক্তভাৱে ৰৈ যোৱা খাদ্য দান কৰাৰ কথা ভাবি প্ৰস্তুত কৰিছিল। কিন্তু পিছত বিভিন্নজনৰ পৰা পৰামৰ্শ পোৱা পিছত এপটোৰ নাম ‘Give the Needy’ ৰখা হয়, য’ত মানুহে কিতাপ-পত্ৰ, ফাৰ্নিচাৰ বা যিকোনো সামগ্ৰী দান কৰিব পাৰে। এই এপটোৰ উপৰি বৰ্তমান আন এটা এপ ডেভেলপ কৰাকলৈ জায়িগুম ব্যস্ত হৈ আছে। PTI নামৰ এপটোৰ কামত জায়িগুম যোৱা বছৰৰ পৰা লাগি আছে। ছাত্ৰজনে দুয়োটা এপ অহা ৪ৰ পৰা ৬ সপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

উত্তৰ-পূব

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱস

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।

গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।

উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।

Continue Reading

উত্তৰ-পূব

অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।

প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।

Continue Reading

উত্তৰ-পূব

মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

ইউ এন এল এফ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending