Connect with us

বিশ্ব

চীনৰ এটা কাৰখানাত প্ৰতিসপ্তাহত উৎপাদন ২ কোটি মহ

Good Mosquito Production

গুৱাহাটী,১৩ ছেপ্তেম্বৰঃ বিভিন্ন কৰ্মকাণ্ডৰে সময়ে সময়ে চীনে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এইবাৰে চীনে এক আচহুৱা কৰ্মৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। চীনৰ গুয়াংঝৌত এটা কাৰখানাত প্ৰতিসপ্তাহত উৎপাদন কৰা হয় ২ কোটি মহ। ভাল মহ উৎপাদনেৰে কেনেদৰে ৰোগ সৃষ্টিকাৰী মহ ধ্বংস কৰিব পাৰি তাৰে চীনে কাৰখানাত পৰীক্ষা কৰিছে। চীনে এটা গৱেষণাৰ পিছত এই কাম আৰম্ভ কৰিছে। চীনে ২০১৫ চনৰ পৰা এনে কৰি আহিছে। এই মহে নিজৰ ধৰণে ৰোগ বিয়পোৱা মহৰ বিকাশ প্ৰতিহত কৰে। এই মহবোৰ প্ৰকৃততে ৱলবেচিয়া বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত। এই মহবোৰক প্ৰথমে গুয়াংঝৌৰ এটা কাৰখানাত প্ৰজনন কৰোৱা হয়। তাৰ পিছত ইয়াক অৰণ্য আৰু বহুত মহ থকা ঠাইত এৰি দিয়া হয়। কাৰখানাত জন্ম হোৱা মহবোৰে মাইকী মহক লগ পায় আৰু তেওঁলোকৰ উৰ্বৰতা ধ্বংস কৰে। তেতিয়া সেই ঠাইত মহ হ্ৰাস হ’বলৈ আৰম্ভ কৰে আৰু এইদৰে ৰোগ প্ৰতিৰোধ কৰে।

মহ উৎপাদন কৰা চীনা কাৰখানাটো হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ কাৰখানা।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

বিশ্ব

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ইকবাল হুছেইন

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ যে এই ইকবাল হুছেইন নামৰ লোকজনেই দুৰ্গা পূজাৰ এটা পেণ্ডলত এখন কোৰান থৈ আহিছিল। যাক কেন্দ্ৰ কৰি দেশখনত এক সাম্প্ৰদায়িক বিষবাস্প বিয়পি পৰিছিল। ইকবালক বাংলাদেশ আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশা কস্ক বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

চি চি টি ভি ফুটেজৰ আধাৰত ইকবালক চিনাক্ত কৰিছিল আৰক্ষীয়ে। কমিল্লা পূজা পেণ্ডেলত থকা চি চি টিভিৰ ফুটেজত ধৰা পৰিছিল যে এই লোকজনে হাতত এখন কোৰান লৈ মণ্ডপৰ বাহিৰত ঘূৰি আছিল।

আন এক দৃশ্যত দেখা পোৱা গৈছিল পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰা লোকজনে পেণ্ডেলৰ ভিতৰৰ পৰা ওলাই আহোঁতে হাতত এটা গদা লৈ আহিছিল। লৈ যোৱা কোৰানখন প্ৰতিমাৰ সমীপত থৈ আহিছিল এই সন্দেহজনক ব্যক্তিগৰাকীয়ে। ইয়াৰ ফলতেই সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিত ৩ জন হিন্দুলোকে প্ৰাণ হেৰুৱাইছিল।

Continue Reading

বিশ্ব

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন চিকিৎসাধীন

বিল ক্লিণ্টন

গুৱাহাটী,১৫ অক্টোবৰঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক ইউআৰউইন চিকিৎসা কেন্দ্ৰ ইউচি কেলিফৰ্ণিয়াত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ মুখপাত্ৰ এঞ্জেল ইউৰেনাই এক বিবৃতি জাৰি কৰি কয় যে তেওঁক মঙলবাৰে অনা-ক’ভিড সংক্ৰমণৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

ক্লিণ্টনৰ চিকিৎসকসকলে কৈছিল যে তেওঁক নিকট নিৰীক্ষণৰ বাবে ভৰ্তি কৰা হৈছে আৰু এণ্টিবায়টিক আৰু তৰল দিয়া হৈছে। ৭৫ বছৰীয়া ক্লিণ্টন কাৰ্ডিওভাস্কুলাৰ ৰোগত ভুগি আছে। ২০০৪ আৰু ২০১০ চনত তেওঁৰ দুটা হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল।

Continue Reading

বিশ্ব

বায়ু প্ৰদূষণৰ প্ৰভাৱত গৰ্ভৱতী মহিলা

বায়ু প্ৰদূষণ

গুৱাহাটী,১১ অক্টোবৰঃ বায়ু প্ৰদূষণৰ বাবে বহু লোকৰ মৃত্যু হৈছে। এই প্ৰদূষণে গৰ্ভৱতী মহিলাকো প্ৰভাৱিত কৰিছে। বায়ু প্ৰদূষণৰ বাবে ২০১৯ চনত ৬০ লাখ শিশু অকালতে জন্ম হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰাঞ্চিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ শেহতীয়া গৱেষণাত এই কথা প্ৰকাশ কৰিছিল। গৱেষকসকলে ২০৪ খন দেশৰ তথ্য অন্তৰ্ভুক্ত কৰিছিল। তেওঁলোকে প্ৰতিবেদনখনত উল্লেখ কৰিছিল যে গৰ্ভধাৰণৰ সময়ত বিষাক্ত বায়ু প্ৰদূষণৰ বাব পিএম ২.৫ ৰ বেয়া প্ৰভাৱ পৰে। পিএম ২.৫ হৈছে এক অতি সূক্ষ্ম কণা, যাক খালি চকুৰে মনিব নোৱাৰে। গৱেষকসকলে জানিবলৈ দিয়ে যে বায়ু প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰিলে পৰিস্থিতি অধিক বেয়া হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে শিশু দুৰ্বল আৰু ওজন হ্ৰাস হ’লে ভিন্ন ৰোগ হ’ব পাৰে। বিশ্বজুৰি প্ৰতি বছৰে ১ নিয়ুত শিশুৰ অকাল মৃত্যু হয় । সেয়ে আগন্তুক সময়ত বায়ু প্ৰদূষণ ৰোধৰ বাবে অচিৰেই পৰিকল্পনা গ্ৰহণ কৰা উচিত।

Continue Reading

আপডেট খবর

অভিযোগ কংগ্ৰেছৰ অভিযোগ কংগ্ৰেছৰ
অসম1 day ago

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী,২৩ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ...

মাতৃত্ব মাতৃত্ব
ভাৰত1 day ago

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০...

ড্ৰাগ ড্ৰাগ
অসম1 day ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব2 days ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম2 days ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম2 days ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

Trending