Connect with us

উত্তৰ-পূব

উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰক অনন্য ৰূপ দিয়াৰ প্ৰয়াস কেন্দ্ৰীয় চৰকাৰৰ

উত্তৰ-পূৱৰ পৰ্যটন

গুৱাহাটী,১৩ ছেপ্তেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্রালয়ৰ গুৱাহাটীত আয়োজন কৰা উত্তৰ-পূর্বাঞ্চলৰ পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত কেন্দ্ৰীয় পৰ্যটন, সংস্কৃতি আৰু উত্তৰ-পূব উন্নয়নৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, সংস্কৃতি আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল তথা পৰ্যটন আৰু প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভট্টৰ সৈতে অংশগ্রহণ কৰে। দুদিনীয়া সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী আৰু অন্যান্য প্ৰতিনিধিসকলক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ পদক্ষেপৰ বাবে সংস্কৃতি মন্ত্ৰালয়ৰ শলাগ লয়। কেৱল দুৰ্বল পথ যোগাযোগৰ বাবে উত্তৰ-পূবৰ বেছিভাগ পৰ্যটন স্থলী ভালদৰে প্ৰচাৰিত হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীক এই ক্ষেত্ৰত অধিক বিনিয়োগ কৰিবলৈ আহ্বান জনায়। ভাষণত মুখ্যমন্ত্রীয়ে উত্তৰ-পূর্বাঞ্চলৰ নিৰ্দিষ্ট বিকাশৰ হেতু পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্রত অধিক গুৰুত্বৰ প্রয়োজনীয়তা সম্পর্কে উল্লেখ কৰে। ইয়াৰ লগতে প্ৰথমবাৰৰ বাবে উত্তৰ-পূব উন্নয়ন মন্ত্ৰীক এই দুটা দপ্তৰৰ দায়িত্ব অৰ্পণ কৰাৰ প্রেক্ষাপটত পৰ্যটন আৰু সাংস্কৃতিক উদ্যোগ এক নতুন উচ্চতালৈ উন্নীত হোৱাত অনন্য সুযোগ হিচাপে বিবেচিত হ’ব বুলিও ব্যক্ত কৰে। উল্লেখ্য যে এই কাৰ্যসূচীৰ সময়ত ঘৰুৱা পৰ্যটন আৰু নতুন পৰ্যটন সামগ্ৰীৰ বিকাশত সহযোগিতাৰ বাবে পৰ্যটন মন্ত্ৰালয় আৰু আই আৰ  চি টি চিৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়। ৰে’ল সেৱাৰে পৰ্যটন ক্ষেত্ৰক  সংলগ্ন কৰাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আশা কৰা হৈছে এই সন্মিলনে উত্তৰ পূৰ্বৰ পৰ্যটন আৰু  সাংস্কৃতিক ক্ষেএখনলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াব। উত্তৰ-পূবৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিয়াৰ উদ্দেশ্য গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিচন ব্লুত মিলিত হোৱা উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলে নিজ নিজ ৰাজ্যৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনকলৈ বিষদভাৱে আলোচনা কৰে। ক’ভিডৰ সময়ত পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনত হোৱা লোকচান কেনেদৰে পূৰণ কৰিব পাৰি তাৰ বিষদ আলোচনা কৰা হয় সন্মিলনত ৷

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

উত্তৰ-পূব

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱস

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।

গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।

উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।

Continue Reading

উত্তৰ-পূব

অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।

প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।

Continue Reading

উত্তৰ-পূব

মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

ইউ এন এল এফ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব1 year ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম1 year ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম1 year ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম1 year ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম1 year ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী1 year ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending