Connect with us

গুৱাহাটী

গুৱাহাটীত অবৈধ সুৰাৰ বিৰুদ্ধে অবকাৰী বিভাগৰ ব্যাপক অভিযান

অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

গুৱাহাটী,১৪ ছেপ্তেম্বৰঃ গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্র পৰিদর্শকৰ কার্যালয়ে বিগত সময়ছোৱাত চুলাই মদৰ উপৰি দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে৷ আনহাতে কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ-আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নির্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্রই যৌথভাৱে এক অভিযান চলায়৷ আবকাৰী বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি উলুবাৰী, কছাৰীবস্তি, ফটাশিল আমবাৰী, হৰিজন কলনী, ভূতনাথ, আঠগাঁও, উজানবজাৰ, নাৰিকলবস্তি আৰু জাপৰিগোগ আদি অঞ্চলত চলোৱা অভিযানত প্রায় ৭০ লিটাৰৰো অধিক চুলাই মদ, ১৩০টা বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাৰ বটল আৰু ৪ কার্টন বিয়েৰ জব্দ কৰা হয়। লগতে মহিলাসহ মুঠ তিনিজন বিক্রেতাক হাতে-লোটে ধৰা পেলাই আটক কৰা হয়৷ আনহাতে অভিযানত ৬জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৩ হাজাৰ টকা সংগ্রহ কৰা হয়৷

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

গুৱাহাটী

গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

হত্যাকাণ্ড

গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ পাকঘৰত। আৰক্ষীয়ে এটা কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰিলে মহিলাগৰ‍কীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে।

উল্লেখ যে বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি গড়চুক আৰক্ষীক অৱগত কৰিছিল। স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত‍্যা কৰি নাটকীয় ৰূপ দিয়‍ৰ প্ৰচেষ্টা কৰিছিল। সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল সন্তোষ গুপ্তাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনীঘৰত। কিন্তু বৃহস্পতিবাৰে নিশা দেৱযানী দাসে তেওঁৰ স্বামীৰ সৈতে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনী ঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহটো লুকুৱাই ৰখাৰ কথা জনায়। সন্তোষ গুপ্তাই হত‍্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ দেৱযানী দাসক নিৰ্দেশ দিছিল যদিও অৱশেষত তেওঁলোক আৰক্ষীৰ কাষ চাপে। তেওঁলোকৰ কথাৰ ভিত্তিত বৃহস্পতিবাৰে নিশাই ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহটোৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰে। আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে দেৱযানী দাস আৰু তেওঁৰ স্বামীক।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত‍্যাকাৰী সন্তোষ গুপ্তাক। ধৃত সন্তোষ গুপ্তা পেছাত এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট। জানিব পৰা মতে আন্তিমা গুপ্তাৰ সৈতে সন্তোষ গুপ্তাৰ বিবাহ পাশত আবদ্ধ হোৱা ৭ বছৰ হৈছিল যদিও তেওঁলোক নিঃসন্তান আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Continue Reading

গুৱাহাটী

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।

কুতুম্ব সুৰক্ষা মিছনৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই। উল্লেখ যে বিগত কেইটামান দিন ধৰি বাংলাদেশত হিন্দু লোকসকল অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। হিন্দু লোকসকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ লগতে দেশখনত হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাই সোমবাৰে আকাশ বতাহ গৰম কৰি তোলে প্ৰতিবাদকাৰী লোকসকলে। এইক্ষেত্ৰত সত্য ৰঞ্জন বৰাই কয় যে বাংলাদেশত আক্ৰমণৰ সন্মুখীন হোৱা হিন্দু লোকসকলক অসমে গ্ৰহণ কৰাৰ প্ৰশ্ন নুঠে। সেই বুলি বাংলাদেশত হিন্দুসকলক পৰুৱাৰ দৰে মাৰিবলৈও দিয়া নহ’ব বুলি কয় হিন্দুত্ববাদী নেতাগৰাকীয়ে।

Continue Reading

গুৱাহাটী

চি বি আই, আয়কৰ আৰু ইডি বিজেপি চৰকাৰৰ পুতলা

প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী,১৬ অক্টোবৰঃ বিজেপি চৰকাৰে চি বি আই, আয়কৰ বিভাগ আৰু ইডি আদি সংস্থাসমূহক ৰাজনৈতিক প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংসদগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয়-‘ কেন্দ্ৰত বিজেপিৰ ৭ বছৰীয়া কাৰ্যকালত আজিলৈকে বিজেপিৰ এজন নেতাৰ বিৰুদ্ধে চি বি আই, আয়কৰ নাইবা ইডিৰ গোচৰ হোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে কংগ্রেছ দলকে ধৰি বিভিন্ন বিৰাধী দলৰ বহু কেইগৰাকী নেতাক চি বি আই, আয়কৰ আৰু ইডি গাচেৰত তেওঁলােকৰ ঘৰত অভিযান চলোৱা, সম্পত্তি বাজেয়াপ্ত কৰাকে ধৰি বিভিন্ন ধৰণৰ গাচেৰ ৰুজু কৰি কেৱল হাৰাশাস্তি কৰাই নহয় বিৰাধীৰ কণ্ঠ ৰাধে কৰিবলৈ বিভিন্ন ধৰণে অপচেষ্টা চলাই আহিছে।’

সংবাদমেল যোগে সাংসদ ৰিপুন বৰাই বিজেপি চৰকাৰৰ চক্ৰান্তৰ বিষয়ে উল্লেখ কৰি কয়-‘ প্রাক্তন কেন্দ্রীয় গৃহ মন্ত্রী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰাম আৰু তেওঁৰ পুত্র কার্তিক চিদাম্বৰামক ২০১৯ চনৰ শেষৰফালে কেইমাহ ধৰি চি হি আই গাচেৰত জেলত আবদ্ধ কৰি ৰাখিছিল। সেইদৰে কর্ণাটকৰ প্ৰাক্তনমন্ত্রী, বর্তমান কর্ণাটক প্রদেশ কংগ্ৰেছৰ সভাপতি ডি কে শ্রীকুমাৰক দীর্ঘদিন ধৰি আয়কৰ গাচেৰ সংক্রান্তত জেলত আৱদ্ধ কৰি ৰাখিছিল।’ নির্বাচনৰ প্ৰাকমুহূর্তত বিভিন্ন বিৰাধী দলৰ নেতাৰ বিৰুদ্ধে বিজেপি চৰকাৰে চক্ৰান্তমূলকভাৱে জাপি দিয়া গোচৰ সন্দৰ্ভত তেওঁ তথ্য সহকাৰে কেতবোৰ দিশ উল্লেখ কৰে।

Continue Reading

আপডেট খবর

অভিযোগ কংগ্ৰেছৰ অভিযোগ কংগ্ৰেছৰ
অসম24 hours ago

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী,২৩ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ...

মাতৃত্ব মাতৃত্ব
ভাৰত24 hours ago

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০...

ড্ৰাগ ড্ৰাগ
অসম1 day ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব2 days ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম2 days ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম2 days ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

Trending