Connect with us

অসম

টেট পৰীক্ষাত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ এ আই ইউ ডি এফৰ

TET-Examination

গুৱাহাটী,১৫ ছেপ্তেম্বৰঃ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীসকলক বঞ্চিত কৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে টেট পৰীক্ষা অনুষ্ঠিত কৰিব লৈছে। এই গুৰুতৰ অভিযোগ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামৰ। বুধবাৰে গুৱাহাটীৰ হাতীগাঁৱস্থিত দলৰ মুখ্য কাৰ্যালয় আয়োজন কৰা এখন সংবাদমেলত বিধায়ক আমিনুল ইছলামে কয়-‘ শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা টেট পৰীক্ষাৰ জাননীত ৰাজ্যৰ ৩৩ খন জিলাত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে। কিন্তু লক্ষণীয়ভাৱে ৩৩ খন ভিতৰত টেট পৰীক্ষাৰ বাবে ২৭ খন জিল‍াত চেণ্টাৰ দিয়া হৈছে। ছয়খন জিলাত পৰীক্ষা কেন্দ্ৰ দিয়া হোৱা নাই। এইকেইখন জিলা হৈছে – ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা মানকাছাৰ, বৰপেটা, হাইলাকান্দি আৰু কৰিমগঞ্জ। এই জিলাকেইখন সংখ্যালঘু অধ্যুষিত। সংখ্যালঘু অধ্যুষিত এই জিলাকেইখনৰ প্ৰাৰ্থীসকল যাতে টেট পৰীক্ষাৰ পৰা বঞ্চিত হয় তাৰ বাবে চৰকাৰে এই জিলা কেইখনত পৰীক্ষা কেন্দ্ৰ দিয়া নাই। এয়া সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক প্ৰতাৰণা কৰাৰ কৌশল। শিক্ষা বিভাগতে যদি এনেদৰে প্ৰত‍ৰণা কৰা হয় তেনেহলে কি হ’ব। চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক মাহীআইৰ দৃষ্টিৰে চাই আহিছে। চৰকাৰে শিক্ষাৰ কথা কয়, জনসংখ্যা নিয়ন্ত্ৰণৰ কথা কয়। কিন্তু শিক্ষাৰ প্ৰসাৰৰ বিপৰীতে এনেদৰে এটা সম্প্ৰদায়ক প্ৰতাৰণা-প্ৰৱঞ্চনা কৰা হৈছে। এইখন চৰকাৰৰ দিনত সংখ্যালঘু অঞ্চলসমূহক সকলো ক্ষেত্রতে বঞ্চিত কৰা হৈছে।’

তেওঁ লগতে কয়-‘ বিশেষ টেটৰ ক্ষেত্রত একে দৰেই বঞ্চিত কৰা হৈছিল। মানাকাছাৰৰ ৬০০ প্ৰাৰ্থীৰ বাবে কেন্দ্ৰ কৰা হৈছিল ছয়গাঁৱত। যাতে প্ৰাৰ্থীসকলে পৰীক্ষাৰ বহিব নোৱাৰে। চৰকাৰৰ এনে মানসিকতাৰ বাবে অকল সংখ্যালঘুৰে নহয় সেই জিলাসমূহত থকা অন্য জাতি-জনগোষ্ঠিৰ লোকসকলেও সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সম বিকাশ তথা সম উন্নয়ণৰ কথা কোৱা এইখন চৰকাৰে অন্য দলৰ বিধায়ক থকা সমষ্টিৰ ক্ষেত্রত উদাসীন। এইক্ষেত্রত আমি মুখ্যমন্ত্রীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো। এই সন্দৰ্ভত আমি প্ৰধানমন্ত্রীক অৱগত কৰিম আৰু বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাম। প্ৰয়োজনত আইনী ব্যৱস্থা গ্ৰহণ কৰিম, প্ৰতিবাদ জনাম। চৰকাৰখনৰ এনে মানসিকতাৰ বাবেই সকলো ক্ষেত্রতে পিছপৰি আছে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ।’

তেওঁ কয়-‘ চৰকাৰৰ ভাল কামৰ আমি যিদৰে প্ৰশংসা কৰো ঠিক সেইদৰে বেয়া কামৰ আমি সমালোচনা কৰো।

আনহাতে চৰ উন্নয়ন পুঁজিৰ ক্ষেত্রত হোৱা দুৰ্নীতিৰ তেওঁ তদন্ত দাবী কৰাৰ লগতে দোষীক শাস্তি দিয়াৰ দাবী জনায়।

উপ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়-‘ আমি এতিয়াও কৈছো যে বৰ্ত্তমান সময়তো মহাজোঁটৰ প্ৰয়োজনীয়তা আছে। অখিল গগৈৰ কথাৰ কোনো গুৰুত্ব নাই। আমি তেওঁৰ কথাক গুৰুত্ব নিদিও। কংগ্ৰেছ আমাৰ পৰা কিয় ওলাই গৈছে তেওঁলোকে ভালদৰে জানিব। কংগ্ৰেছে জনা ভাল যে কংগ্ৰেছে অকলে প্ৰতিদ্ধন্দ্বিতা কৰাৰ ক্ষমতা নাই। কংগ্ৰেছ মাজত বিজেপিৰ এজেণ্ট আছে আৰু যিয়ে এনেবোৰ কামৰ দ্বাৰা বিজেপিক শক্তিশালী কৰিছে।’

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending