ভাৰত
মহিলাৰ সুৰক্ষাৰ বাবে মুম্বাই আৰক্ষীৰ বিশেষ পদক্ষেপ

গুৱাহাটী,১৫ ছেপ্তেম্বৰঃ মহিলাৰ সুৰক্ষাৰ বাবে মুম্বাই আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মুম্বাইত ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকা মহিলা নিৰ্যাতনৰ ঘটনাৰ পিছতেই আৰক্ষীয়ে এইধৰণৰ ঘটনা হ্ৰাসৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। মহিলা সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপিত হোৱাৰ সময়তে মুম্বাইৰ এম আই ডি চি অঞ্চলত এগৰাকী ৭ বছৰীয়া কন্যা শিশুৰ নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে আৰক্ষীয়ে লগে লগে তদন্ত চলাই নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰে। ৰাজ্যখনত বৃদ্ধি পাবলৈ ধৰা এইধৰণৰ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই গৃহমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে এখন বৈঠকত মিলিত হৈ এইধৰণৰ অপৰাধ হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। মুখ্যমন্ত্ৰীৰ বৈঠকৰ পিছতে মুম্বাই আৰক্ষীয়ে এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে।
মুম্বাই আৰক্ষী আয়ুক্তই এক নিৰ্দেশনা প্ৰেৰণ কৰি মহিলা সন্দৰ্ভত কন্ট্ৰোল ৰূমলৈ অহা সকলো ফোনৰ তাৎক্ষণিক তদন্ত কৰিবলৈ আহ্বান জনায়। আৰক্ষীয়ে নিৰন্তৰভাৱে নিৰ্জন আৰু অন্ধকাৰ ঠাইত টহল দিব। এনে ঠাইত অধিক চিচি টিভি স্থাপন কৰিবলৈ বি এম চিৰ সৈতে আলোচনা কৰিছে। তদুপৰি মহিলা শৌচাগাৰৰ বাহিৰত আৰক্ষীৰ টহল থাকিব আৰু যদি কোনো লোকৰ ওপৰত সন্দেহ জন্মে তেন্তে লগে লগে সোধা-পোছা কৰা হ’ব। মহিলাৰ সৈতে জড়িত গোচৰত অভিযুক্তৰ এখন তালিকা প্ৰস্তুত কৰা হ’ব। ৰে’ল ষ্টেচনৰ বাহিৰত নিশা ১০ বজাৰ পৰা পুৱা ৭ বজালৈ আৰক্ষীৰ ভান মোতায়েন কৰা হ’ব। মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী দিলীপ ভালছে পাটিলে এই সন্দৰ্ভত কয়-‘ চৰকাৰে সকলো আৰক্ষী বিষয়াক জনাই দিছে যে এই সকলোবোৰ বিষয় যাতে তেওঁলোকৰ এলেকাত ভালদৰে পালন কৰা হয়। যদি এই ধৰণৰ ঘটনা পোহৰলৈ আহে তেন্তে তাৎক্ষণিকভাৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰা উচিত।’ ইফালে মহিলাৰ সুৰক্ষাৰ বাবে প্ৰশাসনে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰে এতিয়ালৈকে ৰাজ্যিক মহিলা আয়োগ বাছনি নকৰাত বহুতৰে প্ৰশ্নৰ সন্মুখীন হৈছে।
ভাৰত
ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্বত এডমিৰেল আৰ হৰি কুমাৰ

গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে অৱসৰ গ্রহণ কৰাৰ পাছতেই ২৫ সংখ্যক চীফ অৱ দ্য নেভেল ষ্টাফ (চিএনএছ) হিচাপে এডমিৰেল আৰ হৰি কুমাৰক দায়িত্ব অর্পণ কৰা হয়।
৪১ বছৰ ধৰি সেৱা আগবঢ়োৱা নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙক স্থলাভিষিক্ত কৰি দেশৰ নৌসেনাৰ নতুন মুৰব্বী ৰূপে দায়িত্ব গ্রহণ কৰা এডমিৰেল কুমাৰে ৱেষ্টার্ন নেভেল কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কার্যনির্বাহ কৰি আছিল৷ ১৯৬২ চনৰ ১২ এপ্রিলত জন্মগ্রহণ কৰা এডমিৰেল কুমাৰ ভাৰতীয় নৌসেনাৰ কার্যবাহী শাখাত ১৯৮৩ চনৰ ১ জানুৱাৰীত নিযুক্তি লাভ কৰিছিল৷ প্রায় ৩৯ বছৰ ধৰি নৌসেনা বাহিনীৰ বিভিন্ন পদবীত কার্যনির্বাহ কৰাৰ অভিজ্ঞতাৰে পুষ্ট এডমিৰেল কুমাৰে আইএনএছ নিশাংক, ক্ষেপণাস্ত্র সন্নিৱিষ্ট আইএনএছ কোৰা আৰু মিছাইল বিধ্বংসী আইএনএছ ৰণবীৰৰ দায়িত্বও চম্ভালিছিল৷
ৱেষ্টার্ন ফ্লীটৰ ফ্লীট অপাৰেচন অফিচাৰ হিচাপে সেৱা আগবঢ়োৱা এডমিৰেল কুমাৰে নৌসেনাৰ বিমান পৰিবাহী আইএনএছ বীৰাটৰো কমাণ্ডাৰ আছিল৷ আমেৰিকা যুক্তৰাষ্ট্রত নেভেল ৱাৰ কলেজত পাঠ্যক্রম সমাপ্ত কৰাৰ লগতে গ্রেট ব্রিটেইনৰ ৰয়েল কলেজ অৱ ষ্টাডিজতো অধ্যয়ন কৰিছিল এডমিৰেল কুমাৰে৷ নৌসেনাত সেৱা আগবঢ়োৱাৰ বাবে এডমিৰেল কুমাৰক পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল আৰু বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত কৰা হৈছে৷ আজি ছাউথ ব্লক লনত গার্ড অৱ অনাৰ গ্রহণ কৰাৰ পাছত নতুন মুৰব্বী এডমিৰেল কুমাৰে কয়– চীফ অৱ নেভেল ষ্টাফ হিচাপে দায়িত্ব গ্রহণ কৰাটো মহৎ সন্মান৷ ভাৰতীয় নৌবাহিনীয়ে আমাৰ ৰাষ্ট্রীয় সাগৰীয় সুৰক্ষা আৰু প্রত্যাহ্বানৰ ওপৰত প্রাধান্য দি আহিছে৷
ভাৰত
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ

গুৱাহাটী,২৮ নবেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশন প্ৰাৰ্কক্ষণত বিৰোধী ঐক্যত ফাট মেলা পৰিলক্ষিত হৈছে। দৰাচলতে শীতকালীন অধিৱেশনত ঐক্যৱদ্ধভাৱে থিয় দিয়াৰ বাবে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধীৰ বৈঠকত অংশগ্ৰহণ নকৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে।
সোমবাৰে বিৰোধী দলসমূহৰ বৈঠকৰ আহ্বান জনাইছিল বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। তৃণমূল কংগ্ৰেছৰ বৰ্জনৰ পিছত দুটা বিৰোধী দল সমাজবাদী পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে এই বৈঠকৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে। জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ গোৱা শাখাৰ বিৰোধিতাৰ বাবই কংগ্ৰেছে আহ্বান কৰা এই বৈঠকৰ পৰ আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই। উল্লেখ্য যে গোৱাত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধ নিৰ্বাচনত অৱৰ্তীণ হৈছিল তৃণমূল কংগ্ৰেছ।
ভাৰত
ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

গুৱাহাটী,২৭ নবেম্বৰঃ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ভাৰতলৈ আহিব পুটিন। ৬ ডিচেম্বৰত ভাৰতত উপস্থিত হ’ব পুটিন। এই সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠকত অংশগ্ৰহণ কৰিব। কৰ’না কালত এইখন দুয়োজন নেতাৰ প্ৰথম বৈঠক হ’ব। এই সন্মিলনত কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই কথা জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন শীৰ্ষ বৈঠকৰ সৈতে ভাৰত-ৰাছিয়া ‘টু-প্লাছ-টু’ বৈঠকৰ প্ৰথম সংস্কৰণ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ আলোচনা অনুষ্ঠিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত কেইবাটাও চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ২০২১ চনত ভ্লাদিমিৰ পুটিনৰ এইটো দ্বিতীয় বিদেশ ভ্ৰমণ হ’ব। পুটিনে শেষবাৰৰ বাবে ২০১৮ চনত সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল। দুয়োখন দেশে এছ-৪০০ চুক্তিস্বাক্ষৰ কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পূৱ ৰাছিয়াৰ ভ্লাদিভষ্টক চহৰ ভ্ৰমণ কৰিছিল। ভাৰতে সেই সময়ত পূৱ ৰাছিয়াৰ বিকাশত ভাৰতীয় ব্যৱসায়িক অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ১ বিলিয়ন ডলাৰৰ ছফ্ট ক্ৰেডিট লাইন ঘোষণা কৰিছিল। ইফালে সন্মিলনখনত এছ-৪০০ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতত ৰাছিয়ান স্পুটনিক লাইট ভেকছিন ব্যাপকভাৱে প্ৰস্তুত কৰা হৈছে। সেই অনুসৰি কৰ’না ভাইৰাছৰ বিষয়েও বৈঠকত আলোচনাৰ সম্ভাৱনাও আছে।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত