Connect with us

বিশ্ব

ডেনমাৰ্কৰ ফাৰো দ্বীপত এদিনতে ১৪০০ ৰো অধিক ডলফিন নিধন

Dolphin Killing

গুৱাহাটী,১৭ ছেপ্তেম্বৰঃ এটা পৰম্পৰা ৰক্ষাৰ বাবে এদিনতে প্ৰাণ দিবলগীয়া হৈছে ১৪০০ ৰো অধিক ডলফিনে। এই ঘটনাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। ডেনমাৰ্কৰ অধীনৰ ফাৰো দ্বীপত পুৰণি পৰম্পৰাগত প্ৰথা অনুযায়ী ১৪২৮ টা সাগৰীয় ডলফিন নিধন কৰা হৈছে। এই ঘটনাই সমগ্ৰ বিশ্বকে স্তম্ভিত কৰাই নহয় ইয়াৰ বিৰুদ্ধে বিশ্বৰ আগশাৰীৰ পৰিৱেশবিদে প্ৰতিবাদো আৰম্ভ কৰিছে। এটা পৰিৱেশ কৰ্মীৰ গোটে সাগৰৰ কাষত মৃত অৱস্থাত পৰি থকা শ শ ডলফিনৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে ফাৰো দ্বীপত চলা নাৰকীয় ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে ডেনমাৰ্কৰ অধীন স্বায়ত্তশাসিত অঞ্চল ফাৰো দ্বীপত অনুষ্ঠিত ‘গ্ৰিণ্ড’ নামৰ এক পৰম্পৰাগত চিকাৰ অনুষ্ঠানৰ সময়ত ডলফিন চিকাৰ কৰি নিধন কৰা হৈছিল। এনিমেল ৱেলফেয়াৰ গোট শ্বী শ্বেফাৰ্ডে ১২ ছেপ্টেম্বৰত ডলফিন চিকাৰৰ ফটো–ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

তাত লিখা হয় যে চিকাৰীসকলে প্ৰথমে ডলফিনৰ জাকবোৰ ঘেৰি ধৰে আৰু পিছত অগভীৰ পানীৰ ফালে লৈ গৈ চোকা অস্ত্ৰৰে নিষ্ঠুৰভাৱে বধ কৰিছিল। ডলফিনবোৰৰ পৰা ইমানে তেজ ওলাইছিল যে সাগৰৰ পাৰ সম্পূৰ্ণৰূপে ৰঙা হৈ পৰিছিল।

উল্লেখ্য যে শ শ বছৰ আগৰে পৰা চলি অহা এই অনুষ্ঠানটো আইনীভাৱে বৈধ যদিও সাগৰীয় জীৱৰ ওপৰত ইমান নিৰ্মমতাক স্বীকৃতি দিব পৰা নাযায় বুলি উল্লেখ কৰে এনিমেল ৱেলফেয়াৰ গোটটোৱে।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

বিশ্ব

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন চিকিৎসাধীন

বিল ক্লিণ্টন

গুৱাহাটী,১৫ অক্টোবৰঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক ইউআৰউইন চিকিৎসা কেন্দ্ৰ ইউচি কেলিফৰ্ণিয়াত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ মুখপাত্ৰ এঞ্জেল ইউৰেনাই এক বিবৃতি জাৰি কৰি কয় যে তেওঁক মঙলবাৰে অনা-ক’ভিড সংক্ৰমণৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

ক্লিণ্টনৰ চিকিৎসকসকলে কৈছিল যে তেওঁক নিকট নিৰীক্ষণৰ বাবে ভৰ্তি কৰা হৈছে আৰু এণ্টিবায়টিক আৰু তৰল দিয়া হৈছে। ৭৫ বছৰীয়া ক্লিণ্টন কাৰ্ডিওভাস্কুলাৰ ৰোগত ভুগি আছে। ২০০৪ আৰু ২০১০ চনত তেওঁৰ দুটা হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল।

Continue Reading

বিশ্ব

বায়ু প্ৰদূষণৰ প্ৰভাৱত গৰ্ভৱতী মহিলা

বায়ু প্ৰদূষণ

গুৱাহাটী,১১ অক্টোবৰঃ বায়ু প্ৰদূষণৰ বাবে বহু লোকৰ মৃত্যু হৈছে। এই প্ৰদূষণে গৰ্ভৱতী মহিলাকো প্ৰভাৱিত কৰিছে। বায়ু প্ৰদূষণৰ বাবে ২০১৯ চনত ৬০ লাখ শিশু অকালতে জন্ম হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰাঞ্চিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ শেহতীয়া গৱেষণাত এই কথা প্ৰকাশ কৰিছিল। গৱেষকসকলে ২০৪ খন দেশৰ তথ্য অন্তৰ্ভুক্ত কৰিছিল। তেওঁলোকে প্ৰতিবেদনখনত উল্লেখ কৰিছিল যে গৰ্ভধাৰণৰ সময়ত বিষাক্ত বায়ু প্ৰদূষণৰ বাব পিএম ২.৫ ৰ বেয়া প্ৰভাৱ পৰে। পিএম ২.৫ হৈছে এক অতি সূক্ষ্ম কণা, যাক খালি চকুৰে মনিব নোৱাৰে। গৱেষকসকলে জানিবলৈ দিয়ে যে বায়ু প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰিলে পৰিস্থিতি অধিক বেয়া হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে শিশু দুৰ্বল আৰু ওজন হ্ৰাস হ’লে ভিন্ন ৰোগ হ’ব পাৰে। বিশ্বজুৰি প্ৰতি বছৰে ১ নিয়ুত শিশুৰ অকাল মৃত্যু হয় । সেয়ে আগন্তুক সময়ত বায়ু প্ৰদূষণ ৰোধৰ বাবে অচিৰেই পৰিকল্পনা গ্ৰহণ কৰা উচিত।

Continue Reading

বিশ্ব

পাকিস্তানত প্ৰৱল ভূমিকম্প : বহু লোক হতাহত হোৱাৰ আশংকা

পাকিস্তান

গুৱাহাটী,অক্টোবৰঃ পাকিস্তানত আজি ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ ফলত কুৰিজনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত ৫.৭ প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বহু ক্ষয়ক্ষতি‌ হোৱা বুলি আশংকা কৰা হৈছে।

আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত এই ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। ভূমিকম্পৰ ফলত বহ সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।

ঘৰ ভাঙি যোৱাৰ ফলত প্ৰায় ২০ জনৰ মৃত্যু আৰু ২০০ তকৈ অধিক লোক‌ আহত হয়। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে।

উল্লেখ্য যে এই ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।

Continue Reading

আপডেট খবর

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী1 day ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

পেঞ্চন পেঞ্চন
অসম1 day ago

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত...

কংগ্ৰেছ-বি পি এফ কংগ্ৰেছ-বি পি এফ
অসম1 day ago

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা...

আই এছ আই আই এছ আই
অসম1 day ago

ৰাজ্যত আই এছ আই আৰু অল কায়দাৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

গুৱাহাটী,১৮ অক্টোবৰঃ এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা...

ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড
ভাৰত1 day ago

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত...

কাতি বিহু কাতি বিহু
অসম1 day ago

ৰাজ্যজুৰি কাতি বিহুৰ ব্যস্ততা

গুৱাহ‍‍াটী,১৮ অক্টোবৰঃ আজি কাতি বিহু। বিহুৰ এই সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কৰ’না সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি...

Trending