Connect with us

ভাৰত

উত্তৰাখণ্ডত অৰবিন্দ কেজৰিৱালৰ ব্যাপক প্ৰচাৰ অভিযান

arabinda kejriwal

গুৱাহাটী,১৯ ছেপ্তেম্বৰঃ ক্ষমতা বিস্তাৰৰ বাবে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। দেওবাৰে উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই আম আদমী পাৰ্টি ক্ষমতালৈ আহিলে ৰাজ্যখনত ছয় মাহৰ ভিতৰতে ১ লাখ নিবনুৱাক নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে কেজৰিৱালে। কেজৰিৱালে নিযুক্তি সন্দৰ্ভত ঘোষণা কৰি পাহাৰীয়া ৰাজ্যখনত ছয় মাহৰ ভিতৰত ১ লাখ লোকক নিযুক্তি দিলে প্ৰতিখন ঘৰৰ এজনকৈ লোকক নিযুক্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে। আনহাতে উত্তৰাখণ্ডৰ নিবনুৱা যুৱক সকলক প্ৰতিমাহে ৫০০০ টকাকৈ আগবঢ়োৱা হ’ব বুলিও কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে। আনহাতে আম আদমী পাৰ্টি উত্তৰাখণ্ডৰ ক্ষমতালৈ আহিলে ৰাজ্যখনত চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ ক্ষেত্ৰত ৮০ শতাংশ স্থানীয় লোকক অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও লগতে কয়।

নিযুক্তি সন্দৰ্ভত সকলো কাম সুকলমে কৰাৰ বাবে এটা সুকীয়া মন্ত্ৰ্যালয় আৰু এটা চৰকাৰী পোৰ্টেলে উত্তৰাখণ্ডত মুকলি কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।
উল্লেখযোগ্য যে, আম আদমী পাৰ্টিয়ে এইবাৰ উত্তৰাণ্ড, পঞ্জাৱ, গোৱা আৰু উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

ভাৰত

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো শ্ৰমিক। ঘটনা অনুসৰি চুৰাটৰ কাডোৰা ডি আই ডি চিৰ এটা পেকেজিং কাৰখানাত পুৱা জুই লাগে। উদ্ধাৰকাৰী দলে ১২৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে কেইবাজনো শ্ৰমিকে জুইৰ পৰা ৰক্ষা পাবলৈ পাঁচ মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই দিয়ে। যাৰ ফলত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। চুৰাট অগ্নি নিৰ্বাপক বাহিনীয়ে সংবাদ মাধ্যমত জনোৱা অনুসৰি তেওঁলোকে পুৱা ৪.৩০ বজাত দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল।

ইয়াৰ ঠিক পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ ১০ খন বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে। প্ৰায় চাৰে তিনি ঘণ্টাৰ অন্তত তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ২০ জন কৰ্মচাৰী অগ্নিদগ্ধ হৈছে। ইয়াৰে ১৫ জন লোকক চুৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে আন আহতসকলক একেদৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী ভাষ্য অনুসৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত কেইবাজনো শ্ৰমিকে পঞ্চম মহলাত কাম কৰি আছিল। শ্ৰমিকসকলে জুই দেখি ভয় খাইছিল আৰু তেওঁলোকৰ জীৱন বচাবলৈ তাৰ পৰা জঁপিয়াই দিছিল। আনহাতে এছ ডি এম কেজি বাঘেলাই কৈছে যে অগ্নিকাণ্ডৰ সময়ত ভৱনটোত ১০০ তকৈও অধিক লোক আছিল। অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকক বচাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল।

Continue Reading

ভাৰত

কেৰালাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে

flood

গুৱাহাটী,১৭ অক্টোবৰঃ কেৰালাত বানপানীয়ে কালৰূপ ধাৰণ কৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ১১ জন লোকে এই বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে।

ৰাজ্যখনৰ কেইবাঠাইতো প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে আজি আৰু কাইলৈ সবৰীমালা মন্দিৰ দৰ্শনৰ বাবে নাযাবলৈ ভক্ত সকলক অনুৰোধ জনাইছে প্ৰশাসনে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সদৰি কৰিছে যে বৰ্তমানে ৰাজ্যখনৰ স্থিতি গম্ভীৰ। বহু ঠাইত আৱদ্ধ হৈ আছে লোক। সেয়ে সেনাক সহায়ৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে সেনা জোৱানো উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে।  বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ মজুত কৰি ৰখা হৈছে।

Continue Reading

ভাৰত

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

ৰাহুল দ্ৰাবিড়

গুৱাহাটী,১৬ অক্টোবৰঃ ৰবি শাস্ত্ৰীৰ পিছত এইবাৰ ভাৰতীক ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হ’ব ৰাহুল দ্ৰাবিড়। বি চি চি আইয়ে ঘোষণা কৰিলে এই কথা। ২০২১ চনৰ ১৭অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা টি-২০ বিশ্বকাপৰ পাছতে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব ল’ব প্ৰাক্তন খেলুৱৈ ৰাহুল দ্ৰাবিড়ে। ডুবাইত এক বৈঠকত মিলিত হয় বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলি আৰু সচিব জয় শ্বাহসহ ৰাহুল দ্ৰাবিড়। সেই বৈঠকতে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক হোৱাৰ বাবে দ্ৰাবিড়ক সন্মতি কৰায়। এতিয়া বিশ্বকাপ ২০২৩ লৈকে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিবাহ কৰিব ৰাহুল দ্ৰাবিড়ে।

উল্লেখ্য যে এই বিশ্বকাপৰ পাছতে টি-২০ ৰ অধিনায়কত্ব এৰিব বিৰাট কোহলীয়ে। লগতে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও এৰিব প্ৰশিক্ষকৰ পদ।

Continue Reading

আপডেট খবর

ড্ৰাগ ড্ৰাগ
অসম1 hour ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব23 hours ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম24 hours ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম24 hours ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

হত্যাকাণ্ড হত্যাকাণ্ড
গুৱাহাটী24 hours ago

গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ...

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী5 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

Trending