উত্তৰ-পূব
নগা শান্তি আলোচনাৰ বাবে ডিমাপুৰত অক্ষয় কুমাৰ মিশ্ৰ
নগা শান্তি আলোচনা পুনৰ আৰম্ভ কৰা উদ্দেশ্য ভাৰত চৰকাৰৰ নতুন মধ্যস্ততাকাৰী তথা পূৰ্বৰ আই বি সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ ডিমাপুৰত উপস্থিত।

গুৱাহাটী,১৯ ছেপ্তেম্বৰঃ দুবছৰ ধৰি স্থবিৰ হৈ থকা নগা শান্তি আলোচনা পুনৰ আৰম্ভ কৰা উদ্দেশ্য ভাৰত চৰকাৰৰ নতুন মধ্যস্ততাকাৰী তথা পূৰ্বৰ আই বি সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ শনিবাৰে বিয়লি আহি ডিমাপুৰত উপস্থিত হয় । জানিব পৰা মতে অক্ষয় কুমাৰ মিশ্ৰই সোমবাৰে ডিমাপুৰৰ ছুমুকেডিমাত এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা আৰু তেওঁৰ সামুহিক নেতৃত্বতৰ সৈতে চূড়ান্ত চুক্তি আৰু সুকীয়া পতাকা আৰু সংবিধান ওপৰত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব । ইয়াৰ পিছত অক্ষয় কুমাৰ মিশ্ৰই পৃথকে নাগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে মিলিত হ’ব।
উল্লেখ যে নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ পূৰ্ব মধ্যস্ততাকাৰী তথা ৰাজ্যপাল ৰবিচন্দ্ৰ নাৰায়ণ ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাবে বদলি কৰাৰ পিছত এই নগা শান্তি আলোচনাৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । ইফালে নগা শান্তি আলোচনা ৰাজনৈতিক সমাধানসূত্ৰ উলিয়াবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ সৈতে আলোচনা কৰিবলৈ ২১ ছেপ্টেম্বৰত ডিমাপুৰত উপস্থিত হব। ড০ শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশমৰ্মে নগা বিদ্ৰোহী গোটৰ সৈতে মিলিত হ’ব । থুইংগালেং মুইভাৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মা হ’ব লগা বৈঠকৰ কথা নিশ্চিত কৰিছে নাগালেণ্ড চৰকাৰ মুখপাত্ৰ নেইবা ক্ৰনুৱে । উল্লেখ যে সাতদশকজোৰা নগা ৰাজনৈতিক সমস্যাটোৰ সমাধান বাবে চূড়ান্ত চুক্তি স্বাক্ষৰ উদ্দেশ্য ভাৰত চৰকাৰে দুবছৰ ধৰি স্তব্ধ হৈ পৰা আলোচনা পুনৰ আৰম্ভ কৰা এনেদৰে পদক্ষেপে নাগালেণ্ডবাসীক উৎফুল্লিত কৰি তুলিছে ।
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম1 year ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম1 year ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব1 year ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম1 year ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী1 year ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম1 year ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত1 year ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব1 year ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ