Connect with us

গুৱাহাটী

আলঝেইমাৰত আক্ৰান্ত লোকসকলৰ বাবে সহায়ক মোবাইল এপ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটী,১৯ ছেপ্টেম্বৰঃ আলঝেইমাৰত আক্ৰান্ত ৰাজ্যৰ বয়োজ্যেষ্ঠ লোকসকলৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা ‘সম্পৰ্ক এল্ডাৰকেয়াৰ’ (SAMPARK Eldercare) নামৰ মোবাইল এপ এটা আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

ডিমেনছিয়া তথা আলঝেইমাৰত আক্ৰান্ত সমাজৰ বৃদ্ধলোকসকলৰ সেৱাত নিয়োজিত হৈ থকা ‘আলঝেইমাৰ্ছ এণ্ড ৰিলেটেড ডিছঅৰ্ডাৰ্ছ ছ’চাইটী অব ইণ্ডিয়া’ (আৰ্ডছিয়) নামৰ এন জি অ’ এটাৰ গুৱাহাটীস্থ গোটে প্ৰস্তুত কৰি উলিওৱা বিশেষ মোবাইল এপটো দেওবাৰে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, উপ সচিব কমলজিৎ তালুকদাৰ, বিশিষ্ট চিকিৎসক ডাঃ অজয়া মহন্ত আৰু ডাঃ অংকুমণি শইকীয়াই অংশ গ্ৰহণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই আলঝেইমাৰ ৰোগীসকলৰ বাবে এনজিঅ’টোৱে গ্ৰহণ কৰা এই পদক্ষেপক ক’ভিড অতিমাৰীয়ে সকলোকে ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়ছোৱাত অত্যন্ত আশাব্যঞ্জক আৰু ইতিবাচক মানৱদৰদী প্ৰয়াস ৰূপে অভিহিত কৰে।

এইৰোগত আক্ৰান্ত হৈ স্মৃতিশক্তি অতি দুৰ্বল হৈ পৰা সমাজৰ বৃদ্ধ-অসহায় লোকসকল আৰু তেওঁলোকৰ পৰিয়ালক সকাহ দিয়াৰ ক্ষেত্ৰত আৰ্ডছিয়ে লৈ অহা ভূমিকাৰো শলাগ লৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰাও এনজিঅ’টোলৈ সহযোগিতা আগবঢ়োৱাৰ উদ্যোগ ল’ব বুলি প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই কয়-‘ আৰ্ডছিৰ উদ্যোগত আজি মুকলি কৰা মোবাইল এপটো ৰাজ্যখনৰ সকলো প্ৰান্তৰ আলঝেইমাৰ ৰোগী আৰু তেখেতসকলৰ পৰিয়ালৰ বাবে বিশেষ উপযোগী হ’ব বুলি আশা প্ৰকাশ কৰিছো। তদুপৰি ৰাজ্যত আলঝেইমাৰত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকসকলৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসা উপলব্ধ কৰাৰ বাবে স্বাস্থ্য বিভাগেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। এইসকল লোকৰ যতন লোৱাৰ ক্ষেত্ৰত এন জি অ’সমূহৰ প্ৰয়াসকো উদগণি যোগাব পৰাকৈ আমি ব্যৱস্থা ল’ম।’ এই প্ৰসংগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়কে ডিজিটেল ব্যৱস্থাৰে সংযুক্ত কৰি ৰোগীসকলৰ চিকিৎসা বিষয়ক তথ্যৰাজি ভৱিষ্যতে আন কোনো এখন চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ উপলব্ধ হোৱাকৈ মজুত কৰি ৰখাৰ বাবেও ৰাজ্যৰ স্বাস্থ্য বিভাগে চিন্তা কৰিছে।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

গুৱাহাটী

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।

কুতুম্ব সুৰক্ষা মিছনৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই। উল্লেখ যে বিগত কেইটামান দিন ধৰি বাংলাদেশত হিন্দু লোকসকল অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। হিন্দু লোকসকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ লগতে দেশখনত হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাই সোমবাৰে আকাশ বতাহ গৰম কৰি তোলে প্ৰতিবাদকাৰী লোকসকলে। এইক্ষেত্ৰত সত্য ৰঞ্জন বৰাই কয় যে বাংলাদেশত আক্ৰমণৰ সন্মুখীন হোৱা হিন্দু লোকসকলক অসমে গ্ৰহণ কৰাৰ প্ৰশ্ন নুঠে। সেই বুলি বাংলাদেশত হিন্দুসকলক পৰুৱাৰ দৰে মাৰিবলৈও দিয়া নহ’ব বুলি কয় হিন্দুত্ববাদী নেতাগৰাকীয়ে।

Continue Reading

গুৱাহাটী

চি বি আই, আয়কৰ আৰু ইডি বিজেপি চৰকাৰৰ পুতলা

প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী,১৬ অক্টোবৰঃ বিজেপি চৰকাৰে চি বি আই, আয়কৰ বিভাগ আৰু ইডি আদি সংস্থাসমূহক ৰাজনৈতিক প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংসদগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয়-‘ কেন্দ্ৰত বিজেপিৰ ৭ বছৰীয়া কাৰ্যকালত আজিলৈকে বিজেপিৰ এজন নেতাৰ বিৰুদ্ধে চি বি আই, আয়কৰ নাইবা ইডিৰ গোচৰ হোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে কংগ্রেছ দলকে ধৰি বিভিন্ন বিৰাধী দলৰ বহু কেইগৰাকী নেতাক চি বি আই, আয়কৰ আৰু ইডি গাচেৰত তেওঁলােকৰ ঘৰত অভিযান চলোৱা, সম্পত্তি বাজেয়াপ্ত কৰাকে ধৰি বিভিন্ন ধৰণৰ গাচেৰ ৰুজু কৰি কেৱল হাৰাশাস্তি কৰাই নহয় বিৰাধীৰ কণ্ঠ ৰাধে কৰিবলৈ বিভিন্ন ধৰণে অপচেষ্টা চলাই আহিছে।’

সংবাদমেল যোগে সাংসদ ৰিপুন বৰাই বিজেপি চৰকাৰৰ চক্ৰান্তৰ বিষয়ে উল্লেখ কৰি কয়-‘ প্রাক্তন কেন্দ্রীয় গৃহ মন্ত্রী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰাম আৰু তেওঁৰ পুত্র কার্তিক চিদাম্বৰামক ২০১৯ চনৰ শেষৰফালে কেইমাহ ধৰি চি হি আই গাচেৰত জেলত আবদ্ধ কৰি ৰাখিছিল। সেইদৰে কর্ণাটকৰ প্ৰাক্তনমন্ত্রী, বর্তমান কর্ণাটক প্রদেশ কংগ্ৰেছৰ সভাপতি ডি কে শ্রীকুমাৰক দীর্ঘদিন ধৰি আয়কৰ গাচেৰ সংক্রান্তত জেলত আৱদ্ধ কৰি ৰাখিছিল।’ নির্বাচনৰ প্ৰাকমুহূর্তত বিভিন্ন বিৰাধী দলৰ নেতাৰ বিৰুদ্ধে বিজেপি চৰকাৰে চক্ৰান্তমূলকভাৱে জাপি দিয়া গোচৰ সন্দৰ্ভত তেওঁ তথ্য সহকাৰে কেতবোৰ দিশ উল্লেখ কৰে।

Continue Reading

গুৱাহাটী

পুনৰ মুখ্যমন্ত্রীৰ জিম্মাত ৰৌণক আলী হাজৰিকা

Raunok Ali Hazarika

গুৱাহাটী,১৩ অক্টোবৰঃ আয়তকৈ অধিক সম্পত্তিৰ গােচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়। আৰক্ষীৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকাক ৬ অক্টোবৰৰ নিশা হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ বাবে প্ৰথমে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ বাবে ৭ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল।

উল্লেখ যে বিগত চাৰি বছৰত তেওঁৰ দুটাকৈ ছাৰ্জাৰী হৈছিল। জি এম চি এইচত বিগত এসপ্তাহ ধৰি চলা চিকিৎসাৰ পাছত আজি তেওঁক ৰিলিজ দিয়া হয়। বৰ্ত্তমান তেওঁ সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। হাস্পতালৰ পৰা ৰিলিজ দিয়াৰ লগে লগে মুখ্যমন্ত্রীৰ তদাৰকী কোষে আজি তেওঁক পুনৰ নিজৰ জিম্মালৈ নিয়ে। উল্লেখ যে নিলম্বিত আৰক্ষী বিষয়া ৰৌনক আলী হাজৰিকা পূৰ্বেও দুবাৰ হৃদৰােগত আক্ৰান্ত হোৱা বাবে চিকিৎসাধীন হ’বলগীয়া হৈছিল।

উল্লেখ যে গ্ৰেপ্তাৰ হোৱা নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ কেইবা ঠাইত বৃহৎ অট্টালিকা,বিলাসী ৰিজৰ্টকে ধৰি বহু সা-সম্পত্তি থকাৰ তথ্য পোহৰলৈ আহিছে। নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰাৰ পাছতে ন ন তথ্য পোহৰলৈ আহিছে। নিজে কৰা আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী ৰৌণক আলী হাজৰিকা। আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি ৰৌণক আলী হাজৰিকাৰ। গুৱাহাটীৰ ডাউন টাউনত ঘৰ-মাটি, ধীৰেনপাৰাত থকা এটা প্ৰসাদোতম অট্টালিকাৰ উপৰিও হেঙেৰাবাৰীত ৰৌণক আলী হাজৰিকাৰ আছে ৰাজ অট্টালিকা সদৃশ এটা ঘৰ। তদুপৰি হংকং, ইণ্ডোনেছিয়া,ডুবাই,বাংলাদেশ, মালেয়ছিয়া, বেংকক,থাইলেণ্ড সহ ৯ খন দেশ অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিছিল ৰৌণক আলী হাজৰিকাই।ৰৌণক আলী হাজৰিকাৰ বাসগৃহত বাংলাদেশ, হংকং, চীন, মালেয়ছিয়া, জাপান, ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ হৈছিল।

ৰৌণক আলী হাজৰিকাৰ চিমলাত আছে এখন বিলাসী ৰিৰ্জট। কথি ৰিৰ্জট নাম প্ৰায় চাৰিমহলীয়া এই বিলাসী ৰিৰ্জটখনৰ মূল্যও হ’ব কেইবা কোটি টকা। আনহাতে দুটাকৈ সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো কোটি টকাৰ লেনদেনৰ তথ্য পোহৰলৈ আনিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। এতিয়াও বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে। বৰ্ত্তমান মুখ্যমন্ত্রীৰ তদৰকী কোষৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকাক অধিক তথ্যৰ বাবে পুনৰ জেৰা চলোৱা হ’ব।

Continue Reading

আপডেট খবর

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী1 day ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

পেঞ্চন পেঞ্চন
অসম1 day ago

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত...

কংগ্ৰেছ-বি পি এফ কংগ্ৰেছ-বি পি এফ
অসম1 day ago

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা...

আই এছ আই আই এছ আই
অসম1 day ago

ৰাজ্যত আই এছ আই আৰু অল কায়দাৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

গুৱাহাটী,১৮ অক্টোবৰঃ এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা...

ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড
ভাৰত1 day ago

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত...

কাতি বিহু কাতি বিহু
অসম1 day ago

ৰাজ্যজুৰি কাতি বিহুৰ ব্যস্ততা

গুৱাহ‍‍াটী,১৮ অক্টোবৰঃ আজি কাতি বিহু। বিহুৰ এই সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কৰ’না সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি...

Trending