গুৱাহাটী
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্তৰ সংবাদমেল
তিনি হাজাৰ বিঘা মাটিত অৱস্থিত বিশাল সম্পত্তি চৰকাৰে পানীৰ দৰত আদানিৰ হাতত গটাই দিলে। কেৱল মাত্র ১১৫ কোটি টকাৰ ‘পাৰ্ফৰমেন্স গেৰাণ্টী ছিকিউৰিটি ডিপ’জিত’ কৰি আৰু নতুন ‘টাৰ্মিনেল’ৰ বাবে ইতিমধ্যে ব্যয় হোৱা ৩০০ কোটি টকাৰ বাবদ আদানি এণ্ড কোম্পানীয়ে লাভজনক বিমান বন্দৰটো ৫০ বছৰৰ বাবে নিজৰ কৰি ল’লে।

গুৱাহাটী,১৯ ছেপ্তেম্বৰঃ গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি আয়োজন কৰা এখন সংবাদমেলত বিমান বন্দৰৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিৎ মহন্ত। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি তেওঁ কয়-‘দেশৰ অন্যতম এটা লাভজনক বিমান বন্দৰ হিচাপে বিবেচিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰ ৰাইজৰ ব্যাপক আপত্তিৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ৫০ বছৰৰ বাবে আদানিক লীজত দিলে। তিনি হাজাৰ বিঘা মাটিত অৱস্থিত এই বিশাল সম্পত্তি চৰকাৰে পানীৰ দৰত আদানিৰ হাতত গটাই দিলে। কেৱল মাত্র ১১৫ কোটি টকাৰ ‘পাৰ্ফৰমেন্স গেৰাণ্টী ছিকিউৰিটি ডিপ’জিত’ কৰি আৰু নতুন ‘টাৰ্মিনেল’ৰ বাবে ইতিমধ্যে ব্যয় হোৱা ৩০০ কোটি টকাৰ বাবদ আদানি এণ্ড কোম্পানীয়ে এই লাভজনক বিমান বন্দৰটো ৫০ বছৰৰ বাবে নিজৰ কৰি ল’লে।’
তেওঁ কয়-‘ আদানী গ্ৰুপৰ সৈতে হােৱা চুক্তি অনুসৰি তেওঁলােকক বিমান বন্দৰটোৰ পৰিচালনা ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব ন্যস্ত কৰা হৈছে। আনহাতে বিমান বন্দৰৰ সকলাে কাৰিকৰী দিশ চাব লাগিব ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণৰ অধীনৰ গুৱাহাটী বিমান বন্দৰৰ বিষয়া-কর্মচাৰীয়ে। মাথো মুনাফা
লুটিব ব্যক্তিগত খণ্ডৰ বণিয়া কোম্পানীটোৱে। আদানি বাহিনীক বিমান বন্দৰটোৰ পৰিচালনা, ব্যবস্থাপনা আৰু উন্নয়নৰ দায়িত্বহে ন্যস্ত কৰা হৈছে, কিন্তু তেওঁলােকৰ মূল বিমান বন্দৰৰ পৰা বহু আঁতৰত থকা বিষয়া-কর্মচাৰী সকলৰ আবাসিক ক্ষেত্রৰ লগত কি সম্পর্ক থাকিব পাৰে? আবাসিক ক্ষেত্রৰ আবাসগৃহ সমূহাে নিজৰ দখললৈ আনিবলৈ আদানী বাহিনীয়ে তৎপৰতা চলােবাৰ আঁৰত কি ৰহস্য আছে। বিমান বন্দৰটোৰ প্রায় ২২০ বিঘাৰ কলনিত বিমান বন্দৰৰ বিষয়া-কর্মচাৰীৰ উপৰি ভাৰতীয় বিমান বন্দৰ
প্রাধিকৰণৰ গুৱাহাটীস্থ মাণ্ডলিক মুখ্য কার্যালয়ৰ বহু বিষয়া কর্মচাৰীও থাকে। উত্তৰ পূর্বাঞ্চলত মুঠ ১৩ টা
বিমান বন্দৰ আছে। কেৱল লাভজনক গুৱাহাটীটোহে আদানীক দিয়া হৈছে। বাকী ১২ টা বিমান বন্দৰৰ বিষয়া-কর্মচাৰীসকল বাবে মাত্র ১৫ শতাংশ মান মাটিহে আদানীয়ে এৰি দিছে। মাণ্ডলিক মুখ্য কার্যালয়ৰ গুৱাহাটীস্থ বিষয়া-কর্মচাৰীসকল এতিয়া কলৈ যাব। ইফালে দেশৰ ৬টা বিমান বন্দৰেই আদানীৰ হাতত তুলি দিয়াটোৱে কি সূচায়। আদানীৰ সৈতে ভিতৰুৱা বুজাবুজি নাথাকিলে এনে কৰাৰ কিবা যুক্তি থাকিব পাৰেনে।’
তেওঁ লগতে কয়-‘ প্রতিগৰাকী ঘৰুৱা যাত্রীৰ বাবদ ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণক আদানী বাহিনীক দিব লাগিব মাত্র ১৬০ টকাকৈ আৰু বৈদেশিক যাত্রীৰ বাবদ ৩২০ টকাকৈ। আচৰিত হ’ব লগীয়া কথা যে ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণে সকলাে সা-সুবিধা নিজা পুঁজিৰে ব্যৱস্থা কৰিও প্রতিগৰাকী ঘৰুৱা যাত্রীৰ বাবদ লাভ কৰিছিল ৩০০ টকাৰো অধিক। এজন আদানীৰ বাবে নৰেন্দ্র মােডীয়ে দেশখনক কেনেকৈ পানী খুৱাইছে ইয়াৰ পৰাই বুজা যায়। লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তৰাষ্ট্রীয় বিমান বন্দৰত কৰ্মৰত স্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কি হ’ব তাক লৈ চুক্তিত কোনো স্পষ্ট নিৰ্দেশনা নাই।’
আদানিক ধনী কৰিবলৈ খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণ কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি তেওঁ কয়-‘ অসমৰ স্বাভিমানত আঘাত সানি বিমান বন্দৰটো দিয়াৰ পাছত এতিয়া বিমান বন্দৰৰ পশ্চিম প্রান্তৰৰ কৈতাসিদ্ধি আৰু ৰায়বৰী গাঁৱত বিমান বন্দৰৰ ‘ৰাণৱে’ সম্প্রসাৰণৰ নামত থলুৱা মানুহক উচ্ছেদ কৰি মােডী-আদানীক সন্তষ্ট কৰিবলৈ এইবাৰ নামিছে হিমন্ত বিশ্ব শর্মাৰ ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ চৰকাৰ। ইতিমধ্যে চৰকাৰে ৫৪ টা দাগ নম্বৰৰ মুঠ ৫৫ বিঘা ২ কঠা ৩.৫ লেছা ম্যাদী পট্টাৰ মাটি অধিগ্রহণৰ জাননী জাৰি কৰি প্রক্রিয়াটো আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা প্রায় ১৫০ টা পৰিয়ালৰ ভূমি কাঢ়ি লােৱাৰ ষড়যন্ত্র ৰচনা কৰা হৈছে। স্থানীয় ৰাইজে জাননী গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু কোনাে কাৰণতে আদানীৰ বাবে মাটি এৰি নিদিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে।
উল্লিখিত ৫৪ টা দাগৰ ৪ টা বিভিন্ন উদ্যোগ খণ্ডৰ, ২১ টা কৃষিভূমি আৰু বাকী ২৯ টা আবাস গৃহৰ। ১৮০৪ চনতে প্রতিষ্ঠা কৰা শ্রীশ্ৰীকৈতাসিদ্ধি সত্রেও আজি দুর্ভাগ্যজনকভাৱে মােডী-আদানী-হিমন্ত বিশ্বৰ
হাতােৰাৰ পৰা বাচি যােৱা নাই। ‘জাতি-মাটি-ভেটি’ সুৰক্ষিত কৰিম বুলি প্রতিশ্রুতি দি দিল্লীত নৰেন্দ্র
মােডী আৰু অসমত সর্বানন্দ সােণােৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা দখল কৰি বণিয়া আদানীৰ স্বার্থত খিলঞ্জীয়া মানুহৰ ভেটি উছন কৰিবলৈ ওলােৱা নীতি খিলঞ্জীয়া ৰাইজক কৰা চৰম পদাঘাত বুলি আমি অভিহিত কৰোঁ। খিলঞ্জীয়া মানুহৰ ভেটি উছন কৰাৰ ঘৃণনীয় প্রচেষ্টা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আমি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক সতর্ক কৰি দিছো আৰু আমি কৈতাসিদ্ধি আৰু ৰায়বৰী গাঁৱৰ ক্ষুব্ধ ৰাইজৰ এই যুক্তিপূর্ণ দাবীৰ প্রতি সকলে ধৰণৰ সহযােগিতা আৰু সমর্থনৰ প্রতিশ্রুতি প্রদান কৰিছো।’
গুৱাহাটী
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।
দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত ‘হৰ ঘৰ দস্তক’ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক’ভিড প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক’ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়।
হেঙেৰাবাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।
অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ তদাৰক কৰে।
গুৱাহাটী
গুৱাহাটী টেক চিটীত হ’ব ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স

গুৱাহাটী,২৭ নৱেম্বৰঃ চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ অসমতো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা কবচ শক্তিশালী কৰাৰ লগতে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ দল বিকশিত কৰাৰ ভৱিষ্যদৰ্শী উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লৈছে এটা ‘ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স’।
তথ্য-প্ৰযুক্তি আধাৰিত বিত্তীয় তথা ব্যৱসায়িক সেৱা সুনিশ্চিতকাৰী বিশ্বৰ অগ্ৰণী বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ‘মাষ্টাৰকাৰ্ড এচিয়া পেচিফিক’ আৰু চাইবাৰ সুৰক্ষা পৰীক্ষণকাৰী সংস্থা ‘আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড’ৰ কাৰিকৰী সহযোগিতাত অসম চৰকাৰৰ অধীনৰ ‘আছাম ইলেকট্ৰনিকছ ডেভেল’পমেণ্ট ক’ৰ্পোৰেচন লিমিটেড’ (এমট্ৰন)-এ টেক চিটীত এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰটো বিকশিত কৰিব। এই সন্দৰ্ভত গুৱাহাটীত আজি ৰাজ্যৰ তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত তিনিওটা পক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদিত হয়। এমট্ৰনৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব তথা গুৱাহাটী বায়’টেক পাৰ্কৰ সঞ্চালক আকাশদীপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এমট্ৰনৰ হৈ পৰিচালন সঞ্চালক এম কে যাদৱ, মাষ্টাৰকাৰ্ড এছিয়া পেচিফিকৰ হৈ কোম্পানীটোৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী নিখিল চাহানী আৰু আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজৰ হৈ সঞ্চালিকা অমৃতা সিঙে বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে।
এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লোৱা অত্যাধুনিক তথা বিশ্বমানৰ চাইবাৰ ছিকিউৰিটী চেণ্টাৰটোৰ দ্বাৰা ভৱিষ্যতে অসম তথা দেশৰ চাইবাৰ ছিকিৰিটী এক্সপাৰ্টাইজৰ চাহিদা পূৰাব পৰাকৈ চাইবাৰ সুৰক্ষা প্ৰযুক্তি বিকাশৰ লগতে উপযুক্ত মানৱসম্পদ (চাইবাৰ ছিকিউৰিটী স্পেচিয়েলিষ্ট) গঢ়ি তোলাৰ উপৰি ইয়াক দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবেও নিৰ্ভৰযোগ্য চাইবাৰ ছিকিউৰিটী এক্সপাৰ্টাইজৰ হাব ৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে বুলি অনুষ্ঠানত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই উল্লেখ কৰে। বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাতিদূৰৰ বঙৰাত ইতিমধ্যে ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগে স্থাপন কৰা টেক চিটীত এই চাইবাৰ ছিকিউৰিটীৰ চেণ্টাৰ অব এক্সেলেন্সৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি সাজু হৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে।
মন্ত্ৰী মহন্তই কয় যে চাইবাৰ নিৰাপত্তাৰ দিশত দিনে দিনে বিপদাশংকা-ভাবুকি বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত অসমেও এনে ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ পূৰ্ণ কাৰিকৰী সামৰ্থ আৰু বিশেষজ্ঞ মানৱসম্পদেৰে সাজু হৈ উঠিব পাৰিবই লাগিব। এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰে আগন্তুক দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে দেশৰ আন ৰাজ্য চৰকাৰসমূহ, ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ভাৰতীয় কৰ্পোৰেট গোষ্ঠীক ক্ৰমবৰ্ধমান চাইবাৰ ছিকিউৰিটীৰ ভাবুকি প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় চাইবাৰ ইণ্টেলিজেন্স সেৱা উপলব্ধ কৰিব।
গুৱাহাটী
কেবিনেটৰ সিদ্ধান্তক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী,২৬ নবেম্বৰঃ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কেবিনেটৰ এই সিদ্ধন্তক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে। লগতে জাতিদ্ৰোহী এই সিদ্ধান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছে।
সংবাদমেলত ভৰত নৰহে কয় যে বঙাইগাঁৱত চৰকাৰে কেবিনেট পাতি বহু সিদ্ধান্ত ল’লে ৷ তাৰে এ পি এছ চিৰ পৰীক্ষাৰ পৰা ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক। ইয়াৰ দ্বাৰা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া ক’ব নাজানিলে চাকৰি কৰিব নোৱাৰিব বুলি কৈছিল। কিন্তু এতিয়া এ পি এছ চি পৰীক্ষাৰ পৰা ভাষাই প্ৰত্যাহাৰ কৰিলে। কি কাৰনে চৰকাৰে এই হঠকাৰী আৰু ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা ৰাইজক জনাওক। কাক সন্তুষ্ট কৰাৰ বাবে তথা কাৰ নিৰ্দেশত চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়-‘ বিজেপি চৰকাৰৰ ক্ষমতাই মূৰত ধৰিছে। আইৰ মুখৰ মাত কাঢ়ি নিব বিচাৰিছে ৷ মোৰ মাটি, মোৰ ভাষা উপেক্ষিত হ’ব ৷ বিষয়াৰ ভাষাক আমি শিকিব লাগিব ৷ কি যে দুৰ্ভাগ্যজনক কথা ৷ নাগপুৰে আমাৰ ভাষা-সাহিত্য আৰু আমাৰ সংস্কৃতিক গোগ্ৰাসে গিলিব আৰম্ব কৰিছে।’
তেওঁ লগতে কয় যে ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলত দলৰ কেইবাজনো নেতা উপস্থিত আছিল।
-
অসম1 year ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম1 year ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব1 year ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম1 year ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী1 year ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম1 year ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব1 year ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ