Connect with us

বিশ্ব

তালিবানীৰ বাহনক লক্ষ্য কৰি বোমা বিস্ফোৰণ

Bomb blast

গুৱাহাটী,২০ ছেপ্তেম্বৰঃ আফগানিস্তানৰ জালালাবাদত দেওবাৰে তালিবান সন্ত্ৰাসবাদী সকলে ব্যাৱহাৰ কৰা এখন বাহনলৈ লক্ষ্য কৰি বোমা বিস্ফোৰণ সংঘটিত কৰা হয়। জালালাবাদত তালিবানলৈ লক্ষ্য কৰি এনেদৰে বোমা বিস্ফৰণৰ এইটো দ্বিতীয়টো ঘটনা। দেওবাৰে সংঘটিত হোৱা বোমা বিস্ফোৰণটোৰ ফলত এগৰাকী শিশুকে ধৰি অন্য দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উল্লেখ যে শনিবাৰে জালালাবাদত তিনিটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল আৰু উক্ত বোমা বিস্ফোৰণৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল। আফগানিস্তানৰ পৰা আমেৰিকান সৈন্য প্ৰত্যাহাৰৰ পাছতে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰিছিল। তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছতে দেশখনত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ সংঘটিত হৈ আহিছে। জালালাবাদৰ পূৰ্বেও দেশখনৰ ৰাজধানী কাবুলত বোমা বিস্ফোৰণ সংঘটিত হৈছিল।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

বিশ্ব

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন চিকিৎসাধীন

বিল ক্লিণ্টন

গুৱাহাটী,১৫ অক্টোবৰঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনক ইউআৰউইন চিকিৎসা কেন্দ্ৰ ইউচি কেলিফৰ্ণিয়াত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ মুখপাত্ৰ এঞ্জেল ইউৰেনাই এক বিবৃতি জাৰি কৰি কয় যে তেওঁক মঙলবাৰে অনা-ক’ভিড সংক্ৰমণৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

ক্লিণ্টনৰ চিকিৎসকসকলে কৈছিল যে তেওঁক নিকট নিৰীক্ষণৰ বাবে ভৰ্তি কৰা হৈছে আৰু এণ্টিবায়টিক আৰু তৰল দিয়া হৈছে। ৭৫ বছৰীয়া ক্লিণ্টন কাৰ্ডিওভাস্কুলাৰ ৰোগত ভুগি আছে। ২০০৪ আৰু ২০১০ চনত তেওঁৰ দুটা হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল।

Continue Reading

বিশ্ব

বায়ু প্ৰদূষণৰ প্ৰভাৱত গৰ্ভৱতী মহিলা

বায়ু প্ৰদূষণ

গুৱাহাটী,১১ অক্টোবৰঃ বায়ু প্ৰদূষণৰ বাবে বহু লোকৰ মৃত্যু হৈছে। এই প্ৰদূষণে গৰ্ভৱতী মহিলাকো প্ৰভাৱিত কৰিছে। বায়ু প্ৰদূষণৰ বাবে ২০১৯ চনত ৬০ লাখ শিশু অকালতে জন্ম হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰাঞ্চিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ শেহতীয়া গৱেষণাত এই কথা প্ৰকাশ কৰিছিল। গৱেষকসকলে ২০৪ খন দেশৰ তথ্য অন্তৰ্ভুক্ত কৰিছিল। তেওঁলোকে প্ৰতিবেদনখনত উল্লেখ কৰিছিল যে গৰ্ভধাৰণৰ সময়ত বিষাক্ত বায়ু প্ৰদূষণৰ বাব পিএম ২.৫ ৰ বেয়া প্ৰভাৱ পৰে। পিএম ২.৫ হৈছে এক অতি সূক্ষ্ম কণা, যাক খালি চকুৰে মনিব নোৱাৰে। গৱেষকসকলে জানিবলৈ দিয়ে যে বায়ু প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰিলে পৰিস্থিতি অধিক বেয়া হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে শিশু দুৰ্বল আৰু ওজন হ্ৰাস হ’লে ভিন্ন ৰোগ হ’ব পাৰে। বিশ্বজুৰি প্ৰতি বছৰে ১ নিয়ুত শিশুৰ অকাল মৃত্যু হয় । সেয়ে আগন্তুক সময়ত বায়ু প্ৰদূষণ ৰোধৰ বাবে অচিৰেই পৰিকল্পনা গ্ৰহণ কৰা উচিত।

Continue Reading

বিশ্ব

পাকিস্তানত প্ৰৱল ভূমিকম্প : বহু লোক হতাহত হোৱাৰ আশংকা

পাকিস্তান

গুৱাহাটী,অক্টোবৰঃ পাকিস্তানত আজি ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ ফলত কুৰিজনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত ৫.৭ প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বহু ক্ষয়ক্ষতি‌ হোৱা বুলি আশংকা কৰা হৈছে।

আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত এই ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। ভূমিকম্পৰ ফলত বহ সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।

ঘৰ ভাঙি যোৱাৰ ফলত প্ৰায় ২০ জনৰ মৃত্যু আৰু ২০০ তকৈ অধিক লোক‌ আহত হয়। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে।

উল্লেখ্য যে এই ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।

Continue Reading

আপডেট খবর

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী2 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

পেঞ্চন পেঞ্চন
অসম2 days ago

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত...

কংগ্ৰেছ-বি পি এফ কংগ্ৰেছ-বি পি এফ
অসম2 days ago

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা...

আই এছ আই আই এছ আই
অসম2 days ago

ৰাজ্যত আই এছ আই আৰু অল কায়দাৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

গুৱাহাটী,১৮ অক্টোবৰঃ এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা...

ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড
ভাৰত2 days ago

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত...

কাতি বিহু কাতি বিহু
অসম2 days ago

ৰাজ্যজুৰি কাতি বিহুৰ ব্যস্ততা

গুৱাহ‍‍াটী,১৮ অক্টোবৰঃ আজি কাতি বিহু। বিহুৰ এই সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কৰ’না সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি...

Trending