Uncategorized
চৰকাৰৰ জলপানি প্ৰদানেৰে গাড়ী চলোৱাৰ প্ৰশিক্ষণৰ ব্যৱস্থা

গুৱাহাটী,২০ ছেপ্টেম্বৰঃ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে যুৱক-যুৱতীসকলক আত্মসংস্থাপন প্ৰদানৰ অৰ্থে প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০ জনকৈ যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে কামৰূপ মহানগৰ জিলাত পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলাখনৰ বাচনি আৰু পৰীক্ষণ সমিতি গঠনৰ পিছত সোমবাৰে সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৌৰহিত্যত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অভিভাৱক মন্ত্ৰীৰ প্ৰতিনিধি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, সহকাৰী আৰক্ষী আয়ুক্ত বিচিত্ৰ বুঢ়াগোহাঁইৰ উপস্থিত অনুষ্ঠিত সভাত যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। সভাত জিলা পৰিবহন বিষয়া (পঞ্জীয়ণ আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে আঁচনিখনৰ বিষয়ে ব্যাখ্যা কৰি কয় যে আত্মসংস্থাপনৰ উপৰি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱক-যুৱতীকে তাত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্ৰদানেৰে সুদক্ষ কৰি গঢ়ি তোলা হ’ব আৰু ইয়াৰ উপৰি অসমৰ পৰ্যটন ক্ষেত্ৰখনৰো সম্যক জ্ঞান প্ৰদান কৰা হ’ব।
আনহাতে সভাত ভাষণ প্ৰদান কৰি অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে জিলাখনৰ পাঁচোটা ৰাজহ চক্ৰৰে যুৱক-যুৱতীসকলে চৰকাৰৰ এই আঁচনিৰ বিষয়ে যাতে জ্ঞাত হয়, তাৰ বাবে চক্ৰ বিষয়াসকলক নিজ-নিজ ৰাজহ চক্ৰত উপযুক্ত প্ৰচাৰ চলাবলৈ অনুৰোধ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ৫০ জনকৈ যুৱক-যুৱতীক ৪৫ দিনীয়া গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। অষ্টম শ্ৰেণী উত্তীৰ্ণ, ১৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলে নিজ বিধানসভা সমষ্টি উল্লেখ কৰি এই আবেদন পত্ৰ কৰিব লাগিব। প্ৰশিক্ষণৰ অন্তত উপযুক্ত প্ৰশিক্ষাৰ্থীক ৩৩৭৫ টকাৰ এককালীন জলপানি প্ৰদান কৰাৰ উপৰি পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত নিয়োজিত হ’ব পৰাকৈ প্ৰমানপত্ৰ প্ৰদান কৰা হ’ব। বাচনিৰ ক্ষেত্ৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ তথা আৰ্থিক অনগ্ৰসৰ যুৱক-যুৱতীক প্ৰাধান্য দিয়া হ’ব। ৰাজ্যখনত বছৰি ১২৬ টা বিধানসভা সমষ্টিৰ পৰা ৫০ জনকৈ, মুঠ ৬৩০০ জন প্ৰশিক্ষণপ্ৰাপ্ত, দক্ষ চালক সৃষ্টি কৰি আত্মসংস্থাপন প্ৰদানৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস আৰু পৰ্যটকে ফুৰা-চকাৰ ক্ষেত্ৰত সুচল কৰি তুলিবলৈ মূলতঃ চৰকাৰে এই আঁচনি পৰিকল্পনা কৰিছে। অক্টোবৰ পহিলা সপ্তাহৰ শেষাৰ্দ্ধত এই বিষয়ে বিজ্ঞাপণ দিয়া হ’ব। তদুপৰি https://asdm.assam.gov.in ত ইয়াৰ সবিশেষ উপলদ্ধ হ’ব।

বিশ্ব
টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে।
আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে। জেক ডাৰ্চিয়ে কৈছে যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ।
এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়। উল্লেখ্য যে পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ’ৰ দায়িত্ব ল’ব। কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে।
আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ’ হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিল সেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে।
Uncategorized
অন্ধ্ৰপ্ৰদেশত বানৰ তাণ্ডৱ : ১৭ জন লোকৰ মৃত্যু

গুৱাহাটী,২০ নবেম্বৰঃ অন্ধ্ৰপ্ৰদেশত শুকুৰবাৰে ৰায়লসীমাৰ তিনিখন জিলাত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ পাছতে এতিয়া এই অঞ্চল কেইটাত বানে চলাইছে তাণ্ডৱ।
এই বানত বৰ্তমানলৈ ১৭জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে বানত প্ৰায় ১০০ জন লোক নিৰুদ্দেশ হৈ আছে।
আনহাতে তিৰুপতি হিলছৰ পথত আৱদ্ধ হৈ পৰিছে বহু সংখ্যক যাত্ৰী। এই ধাৰাসাৰ বৃষ্টিপাতৰ ফলত স্বৰ্ণমুখী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে এই বানৰ সৃষ্টি হয়। বায়ুসেনা, এছ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বৰ্তমান অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। শনিবাৰে বান প্ৰভাৱাম্বিত এলেকাসমূহ আকাশমাৰ্গেৰে পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে।
বিশ্ব
আমেৰিকাক অতিক্ৰমি শীৰ্ষস্থানত চীন

গুৱাহাটী,১৭ নবেম্বৰঃ মহাশক্তিশালী আমেৰিকাক পিছ পেলাই পৃথিৱীৰ সকলোতকৈ সম্পদশালী ধনাঢ়্য দেশ হিচাপে পৰিগণিত হৈছে এছিয়াৰ ছুপাৰ পাৱাৰ চীন। মাত্র দুটা দশকৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি শীর্ষত অৱস্থান কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনে।
ৱর্ল্ড ট্রেড অর্গেনাইজেচনৰ এক সমীক্ষা মতে ২০০০ চনত কেৱল ৭ ত্রিলিয়ন ডলাৰৰ সম্পদ থকা চীনে ২০২১ত ১২০ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে ২০০০ চনত বিশ্বৰ মুঠ সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিলিয়ন আৰু এতিয়া এই পৰিমাণ ত্রিগুণতকৈ বেছি বৃদ্ধি হৈ ৫১৪ ত্রিলিয়ন ডলাৰ হৈছেগৈ।
আমেৰিকাৰ মুঠ সম্পদৰ পৰিমাণ এই সময়ছোৱাত দ্বিগুণ বৃদ্ধি হৈছে যদিও চীনতকৈ বহু পিছপৰি ৰৈছে। আমেৰিকাৰ সম্পদৰ পৰিমাণ হ’ল ৯০ ত্রিলিয়ন৷ প্রকাশ পোৱা তথ্য মতে চীনে যোৱা দুটা দশকত বিশ্বজুৰি ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ ফলতেই প্রভুত সম্পদৰ অধিকাৰী হৈছে আৰু শক্তিশালী আমেৰিকাক স্থানচ্যুত কৰি শীর্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ