উত্তৰ-পূব
নগা চুক্তি ৰাজহুৱা কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

গুৱাহাটী,২১ ছেপ্তেম্বৰঃ ‘নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট,২০১৫’ত সন্নিবিষ্ট বিষয়সমূহ শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে। এন এছ চি এন (আই এম)ৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগত মুখ্যমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আজি ডিমাপুৰলৈ যোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক বিবৃত্তিত কয়-‘ ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত চৰকাৰ আৰু NSCN (I-M)ৰ মাজত “নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট” কৰি গৌৰৱেৰে ঘোষণা কৰিছিল যে আজি আমি কেৱল এটা সমস্যা শেষেই কেৱল কৰা নাই, বৰং এক নতুন ভৱিষ্যতৰ আৰম্ভনিহে কৰিছো। আশ্বৰ্য্যজনকভাৱে এই “নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট” ৰাজহুৱা কৰা নহ’ল। “নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট”ত কি বিষয় সন্নিবিষ্ট আছিল তাক ৰাজহুৱা কৰিবলৈ সেই সময়ত আমি কংগ্রেছ দলে দাবী জনাইছিলোঁ। কিন্তু আজিলৈকে কোনেও নাজানে এই ফ্ৰেমৱৰ্কত কি লিখা আছে। বছৰ বাগৰিল, কিন্তু গৌৰৱেৰে কৰা এই ঘোষণা আজিও ঘোষণা হৈয়েই থাকিল। বাস্তৱত একোৱেই হৈ উঠা কোনেও দেখা নাপালে। পৰৱৰ্তী সময়ত ২০১৯ত নগা শান্তি আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেখেতৰ একেবাৰে বিশ্বস্ত ব্যক্তি আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। কিন্তু বিষয়টো আগ নাবাঢ়িল আৰু NSCN(I-M) আৰু ৰাজ্যপালৰ মাজৰ বিতৰ্কই দখল কৰা বাতৰিৰ শিৰোনাম অনুসৰি এই “এগ্ৰিমেণ্ট” গৈ “মতবিৰোধ এগ্ৰিমেণ্ট”হে হ’ল। এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নাগালেণ্ডৰ এই সমস্যা সমাধান নকৰাকৈয়ে ৰাজ্যপাল ৰবিক আঁতৰাই দিছে। একে সময়তে আমি জানিব পৰা মতে গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক NSCN(I-M) ৰ লগত আলোচনাত বহিবলৈ প্ৰতিনিধি হিচাপে নিযুক্ত কৰিছে। এতিয়া প্ৰশ্ন উঠিছে যে কি ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে NSCN(I-M) ৰ লগত আলোচনাত বহিব। এগৰাকী মুখ্যমন্ত্ৰী হিচাপে বিধানসভা আৰু কেবিনেটক বিশ্বাসত নলোৱাকৈ তেখেতে যাব আৰু আলোচনাত বহিব পাৰিব নে। NSCN(I-M) বৃহত্তৰ নাগালিমৰ সমৰ্থক হিচাপে জনা যায় আৰু আমি সকলোৱে জানো তেওঁলোকে অসমৰ কিছু কিছু এলেকা তাত অন্তৰ্ভুক্ত কৰিব বিচাৰে। অসমৰ প্ৰতি ইঞ্চি ভূমি ৰক্ষা কৰিবৰ বাবে আমি কংগ্রেছ দল দৃঢ় প্ৰতিজ্ঞ আৰু কোনো পৰিস্থিতিতে অসমৰ ভূখণ্ড বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হ’বলৈ নিদিওঁ।’
তেওঁ কয়-‘ অসম-মিজোৰাম সীমা সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা হিমন্ত বিশ্ব শৰ্মাই অসমক সুৰক্ষা কৰিব বুলি মানুহে বিশ্বাস কৰিব নোৱাৰে। তেখেতে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে সমগ্ৰ বৰাক উপত্যকা আৰু গুৱাহাটীও মিজোৰামৰ হাতত গতাই দিয়াৰ বাবে তেখেত সাজু। বিজেপিৰ কেন্দ্ৰীয় নেতাৰ শ্ৰুতলিপিত চকু মুদি উঠা-বহা কৰা হিমন্ত বিশ্ব শৰ্মাই NSCN(I-N)ৰ সৈতে আলোচনাৰ সময়ত অসমৰ স্বাৰ্থক সুৰক্ষা দিব পাৰিব বুলি অসমৰ মানুহে বিশ্বাসত ল’ব নে। তথ্য অনুসৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীকো এই আলোচনাৰ অংশীদাৰ হোৱাৰ বাবে আহ্বান জনোৱা হৈছিল। কিন্তু বৃহত্তৰ নাগালিম বিষয়টোত মতানক্য থকা বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এই আলোচনাত ভাগ নলোৱাৰ সিদ্ধান্ত লৈছে।’
তেওঁ লগতে কয়-‘ হিমন্ত বিশ্ব শৰ্মাৰ এই আলোচনাত অংশগ্ৰহণ সম্পূৰ্ণ সন্দেহ আৰু সংশয়ৰ আৱৰ্তত। লগতে এয়াও ধৰি ল’ব পাৰি যে ইয়াৰ পৰা অদূৰ ভৱিষ্যতত অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব। আমি অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দাবী জনাইছো যে কেন্দ্ৰীয় চৰকাৰে “নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট, ২০১৫”ত সন্নিবিষ্ট বিষয় সমূহ অতি শীঘ্ৰেই ৰাইজৰ আগত দাঙি ধৰিব লাগে। শান্তি আলোচনাৰ নামত সন্দেহজনক তৎপৰতাৰ উদ্যোগ লোৱাৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেখেত সকলৰ অন্তৰ্নিহিত অভিপ্ৰায় ৰাজহুৱা কৰিবলৈ অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে দাবী জনাইছোঁ।’
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত