Connect with us

ভাৰত

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ প্ৰধানমন্ত্ৰী মোডী

Modi

গুৱাহাটী,২২ ছেপ্তেম্বৰ : তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ লগত আছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ উপৰি এটি উচ্চস্তৰীয় প্ৰতিনিধি দল। তিনিদিনীয়া এই ভ্ৰমণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে দ্বি-পাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ‘কেৱাড’ৰ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব। প্ৰধানমন্ত্ৰী মোডীয়ে ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা’ৰ বৈঠক সম্বোধন কৰি।

ভ্ৰমণৰ প্ৰথমটো দিনতে প্ৰধানমন্ত্ৰীয়ে জ’ বাইডেনৰ দ্বাৰা আয়োজিত ক’ভিড-১৯ৰ এখন শীৰ্ষ সন্মিলনত ভাগ ল’ব ৷ ২৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে দ্বি-পাক্ষিক বৈঠকত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব ৷ এই বৈঠকত দুয়ো দেশৰ মাজত গ্ল’বেল পাৰ্টনাৰশ্বিপক আগুৱাই নিয়া, ব্যৱসায়, সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ দিশটো মজবুত কৰা সন্দৰ্ভত আলোচনা কৰিব বুলি আশা কৰা হৈছে ৷ ২৫ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক সম্বোধন কৰিব। এই সময়ত প্ৰধানমন্ত্ৰীয়ে সীমাত সন্ত্ৰাসবাদী কাৰ্যকলাপ, ক’ভিড-১৯, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা, বহুপাক্ষিক প্ৰতিষ্ঠানত সংস্কাৰৰ প্ৰয়োজন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিব। তদুপৰি এই ভ্ৰমণকালত ভাৰতত বিনিয়োগক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও মাৰ্কিন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব ৷

ভাৰত

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

মাতৃত্ব

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত।

৭০ বছৰ বয়সত এটি সুস্থ সন্মান জন্ম দিলে জিভুবেন ৰাবাৰি নামৰ মহিলাগৰাকীয়ে। এমাহ পূৰ্বে জন্ম লাভ কৰা শিশুটিৰ নাম ৰখা হৈছে লালু। গুজৰাটৰ ৰাপাৰ তালুকা এলেকাৰ বাসিন্দা জিভুবেন ৰাবাৰী আৰু ভালজিৰাই ৰাবাৰিৰ ৪৫ বছৰীয়া সংসাৰ। কিন্তু দীৰ্ঘ দাম্পত্য জীৱনত তেওঁলোকৰ নাছিল কোনো সন্তান। অৱশেষত জিভুবেন ৰাবাৰীয়ে ৭০ বছৰ বয়সত জন্ম দিয়ে সন্তান।

প্ৰথম অৱস্থাত চিকিৎসকৰ বাবে এয়া অত্যন্ত প্ৰত্যাহ্বান আছিল। কিন্তু জিভুবেনৰ দৃঢ় মনোভাৱৰ বাবেই চিকিৎসকসকলক উদ্বুদ্ধ হয়। এখন সৰ্বভাৰতীয় বাতৰি কাকতত বাতৰিতো প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশতে বিয়পি পৰিছে খবৰটো।

Continue Reading

ভাৰত

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো শ্ৰমিক। ঘটনা অনুসৰি চুৰাটৰ কাডোৰা ডি আই ডি চিৰ এটা পেকেজিং কাৰখানাত পুৱা জুই লাগে। উদ্ধাৰকাৰী দলে ১২৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে কেইবাজনো শ্ৰমিকে জুইৰ পৰা ৰক্ষা পাবলৈ পাঁচ মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই দিয়ে। যাৰ ফলত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। চুৰাট অগ্নি নিৰ্বাপক বাহিনীয়ে সংবাদ মাধ্যমত জনোৱা অনুসৰি তেওঁলোকে পুৱা ৪.৩০ বজাত দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল।

ইয়াৰ ঠিক পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ ১০ খন বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে। প্ৰায় চাৰে তিনি ঘণ্টাৰ অন্তত তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ২০ জন কৰ্মচাৰী অগ্নিদগ্ধ হৈছে। ইয়াৰে ১৫ জন লোকক চুৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে আন আহতসকলক একেদৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী ভাষ্য অনুসৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত কেইবাজনো শ্ৰমিকে পঞ্চম মহলাত কাম কৰি আছিল। শ্ৰমিকসকলে জুই দেখি ভয় খাইছিল আৰু তেওঁলোকৰ জীৱন বচাবলৈ তাৰ পৰা জঁপিয়াই দিছিল। আনহাতে এছ ডি এম কেজি বাঘেলাই কৈছে যে অগ্নিকাণ্ডৰ সময়ত ভৱনটোত ১০০ তকৈও অধিক লোক আছিল। অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকক বচাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল।

Continue Reading

ভাৰত

কেৰালাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে

flood

গুৱাহাটী,১৭ অক্টোবৰঃ কেৰালাত বানপানীয়ে কালৰূপ ধাৰণ কৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ১১ জন লোকে এই বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে।

ৰাজ্যখনৰ কেইবাঠাইতো প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে আজি আৰু কাইলৈ সবৰীমালা মন্দিৰ দৰ্শনৰ বাবে নাযাবলৈ ভক্ত সকলক অনুৰোধ জনাইছে প্ৰশাসনে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সদৰি কৰিছে যে বৰ্তমানে ৰাজ্যখনৰ স্থিতি গম্ভীৰ। বহু ঠাইত আৱদ্ধ হৈ আছে লোক। সেয়ে সেনাক সহায়ৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে সেনা জোৱানো উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে।  বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ মজুত কৰি ৰখা হৈছে।

Continue Reading

আপডেট খবর

অভিযোগ কংগ্ৰেছৰ অভিযোগ কংগ্ৰেছৰ
অসম1 day ago

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী,২৩ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ...

মাতৃত্ব মাতৃত্ব
ভাৰত1 day ago

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০...

ড্ৰাগ ড্ৰাগ
অসম1 day ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব2 days ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম2 days ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম2 days ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

Trending