উত্তৰ-পূব
কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ লাভ তৃণমূল পৰ্যায়ত পাবই লাগিব : কেন্দ্ৰীয় মন্ত্রী কপিল ম’ৰেশ্বৰ পাটিল
গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ২০২১ বৰ্ষৰ জনতাৰ পৰিকল্পনা অভিযানৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা। কৰ্মশালাত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিনিধিৰ অংশগ্ৰহণ।

গুৱাহাটী,২৩ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ সফল তেতিয়াহে হ’ব যেতিয়া এইসমূহৰ সুবিধা তৃণমূল পৰ্যায়লৈ যাব। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে গুৱাহাটীত আজি আয়োজিত ‘জনতাৰ পৰিকল্পনা অভিযান,২০২১’ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰিয়েণ্টেশ্যন কৰ্মশালা(সবকী যোজনা, সবকা বিকাশ)ত মুখ্য বক্তা হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় পঞ্চায়তীৰাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কপিল ম’ৰেশ্বৰ পাটিলে এইদৰে কয়। তেওঁ কয় যে দেশৰ গ্ৰামাঞ্চলৰ লোকসকলৰ কল্যানৰ বাবে গাঁও পঞ্চায়তসমূহে কঠোৰ পৰিশ্ৰম কৰিছে। তেওঁ বিশেষকৈ উত্তৰ-পূব মণ্ডলৰ মহিলা আত্মসহায়ক গোটসমূহে অতি ফলপ্ৰসূ ৰূপত কাম কৰা বুলি উল্লেখ কৰে৷ তেওঁ অংশগ্ৰহণকাৰীসকলক গাঁও সভাত অধিক হাৰত মহিলাক জড়িত কৰাৰ আহ্বান জনায়, যাতে তেওঁলোকে তেওঁলোকৰ সমস্যাৱলী অৱগত কৰাৰ লগতে চৰকাৰী আঁচনিসমূহৰ সুবিধা ল’ব পাৰে৷
মন্ত্ৰী পাটিলে লগতে উন্নয়নমূলক আঁচনিসমূহৰ সন্দৰ্ভত পত্ৰ বিতৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যাতে গ্ৰামাঞ্চলৰ জনতাই এই ক্ষেত্ৰত সজাগ হৈ আঁচনিসমূহৰ অধিক সুবিধা উপভোগ কৰিব পাৰে।
উল্লেখ যে গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অন্তৰ্ভূক্তিমূলক আৰু উৎকৰ্ষমূলক প্ৰস্তুতিৰ লক্ষ্যৰে ‘সবকী যোজনা, সবকা বিকাশ’ শীৰ্ষক জনতাৰ পৰিকল্পনা অভিযানৰ শুভাৰম্ভ কৰা হৈছিল৷ ‘সবকী যোজনা, সবকা বিকাশ’ৰ উদ্দেশ্য হৈছে নিৰ্বাচিত প্ৰতিনিধি আৰু আত্মসহায়ক গোটসমূহক ব্যাপক ৰূপত শক্তিশালী কৰা৷
এন আই আৰ ডি পি আৰ-এন ই আৰ চিয়ে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সহযোগত গুৱাহাটীত দিনযোৰা কাৰ্যসূচীৰে এই কৰ্মশালা আয়োজন কৰে৷ কৰ্মশালাত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে জনতাৰ পৰিকল্পনা অভিযানৰ সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰে৷
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ