Connect with us

অসম

কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ কেতিয়াও আপোন হ’ব নোৱাৰে : মুখ্যমন্ত্রী

DrugBusiness

গুৱাহ‍াটী,২৩ ছেপ্তেম্বৰঃ ‘ অসমত বৰবিহ ড্রাগছৰ ব্যৱসায় কিয় চলিছে বুলি প্ৰশ্ন কৰাৰ বিপৰীতে বৌদ্ধিক মহলে এনকাউন্টাৰ কিয় হৈছে বুলি প্ৰশ্ন কৰে। আমি স্পষ্ট ভাৱে কৈছো যে লাচিত বৰফুকনৰ শৌৰ্যবিৰ্যৰে মহিমামণ্ডিত আৰু শংকৰদেৱৰ আধ্যাত্মিকতাৰ ভাৱনাৰে গঢ়া অসমৰ সমাজত আমি ড্ৰগছৰ ব্যৱসায় চলিবলৈ নিদিও। আৰক্ষীৰ অভিযান চলিবই, প্ৰয়োজনত এনকাউণ্টাৰ হ’বই।’ – এই মন্তব্য মুখ্যমন্ত্রী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ। দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাৰ্হকৰ আজি সামৰণি সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়। ড॰ শৰ্মাই স্পষ্টভাৱে কয়-‘ বৰ্তমানৰ বিজেপি চৰকাৰৰ শাসনকালত ভাৰতীয় সভ্যতা-সংস্কৃতি সুৰক্ষিত হোৱাৰ লগতে সৱল আৰু সমৃদ্ধিশালী হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰতে ৫০০ বছৰীয়া গোলামী শাসনৰ অন্ত পেলাই সনাতন ধৰ্ম সংস্কৃতিৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে। ৰাম মন্দিৰ নিৰ্মানৰ কাম-কাজ আৰম্ভ কৰিব পৰাটো ইয়াৰ এক উৎকৃষ্ট উদাহৰণ।’ সমগ্ৰ ৰাজ্যত থকা বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, দলৰ ৰাজ্যিক বিষয়ববীয়া, সকলো সাংসদ-বিধায়ক, মন্ত্ৰী, দলৰ মুখপাত্ৰ, বিভিন্ন মৰ্চাৰ সভাপতি তথা সকলো কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিত সভাপতি ভৱেশ কলিতাই সভাপতিত্ব কৰা সভাত মুখ্যমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰামেশ্বৰ তেলী, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, দলৰ অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল উপস্থিত আছিল। সামৰণি ভাষণত পৃথিৱীৰ সৰ্ববৃহৎ ক’ভিড ভেকচিন অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়-‘ নিৰ্ধাৰিত সময়ৰ ভিতৰত দেশৰ প্ৰতিজন নাগৰিকক ক’ভিড ভেকচিন প্ৰদানৰ কাৰণে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ বদ্ধ পৰিকৰ। কিন্তু এই সংকটৰ সময়ছোৱাতো দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু বামপন্থী সকলে অপ্ৰয়োজনীয় প্ৰশ্ন উত্থাপনেৰে ভেকচিন অভিযানক শলঠেকত পেলাবৰ বাবে অপচেষ্টা চলাইছিল। কিন্তু বিৰোধীৰ এনে অপচেষ্টাক নস্যাৎ কৰি কোনোধৰণে বিচলিত নোহোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশে ক’ভিড ভেকচিন অভিযান সফলতাৰে আগুৱাই নিছে।’ কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ কেতিয়াও আপোন হ’ব নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়-‘ ড॰ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াটো কংগ্ৰেছে কেতিয়াও পছন্দ কৰা নাছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে কৰ্ণাটকৰ এক সভাত ভাৰতৰত্নৰ এক প্ৰসংগ উত্থাপন কৰি ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্চ সন্মানেৰে মোডী চৰকাৰে সন্মানিত কৰাৰ বিষয়টোৰ সমালোচনা কৰিছিল। কিন্তু কংগ্ৰেছে এই কথা জানি থোৱা উচিত যে ড॰ ভূপেন হাজৰিকা অসমীয়াৰ হিয়াৰ আমঠু আৰু সনাতন পৰম্পৰাৰ অন্যতম প্ৰবক্তা। কংগ্ৰেছে বেয়া পালেও আমি আমাৰ শ্ৰদ্ধাৰ ড॰ ভূপেন হাজৰিকাক সদায় বুকুত সাবটি ৰাখিম৷’ কাৰ্য্যনিবাৰ্হক সভাত উপস্থিত থকা কাৰ্যকৰ্তা সকলক সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলৰ পৰৱৰ্তী কাৰ্য্যনিবাৰ্হক সভা কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰ্য্যনিবাৰ্হক সভাত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিষয়ববীয়া সকলৰ সভা প্ৰত্যেকটো মাহৰ প্ৰথমটো বুধবাৰে মফচলীয়া চহৰত অনুষ্ঠিত হ’ব বুলি সভাপতি কলিতাই ঘোষণা কৰে। আগন্তুক উপ নিবাৰ্চনৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক নিবাৰ্চনী প্ৰক্ৰিয়াত এতিয়াৰে পৰা জপিয়াই পৰিবলৈ আহ্বান জনায়। দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে দলৰ নিবাৰ্চিত প্ৰতিনিধি সকলক সমাজৰ অন্তিম শ্ৰেণী লোকৰ কল্যাণৰ বিষয়টোক সবাৰ্ধিক গুৰুত্ব আৰোপ কৰি কাৰ্য্যব্যৱস্থা হাতত ল’বলৈ আহ্বান জনায়। বিনম্ৰতাৰে মানুহৰ হৃদয় জয় কৰি চৰকাৰৰ কল্যাণকামী আঁচনিসমূহক জনগণৰ ঘৰে ঘৰে লৈ যোৱাৰ বাবে সকলো সময়তে তৎপৰ হৈ থাকিবলৈ নিবাৰ্চিত দলীয় প্ৰতিনিধিৰ লগতে সকলো কাৰ্য্যকৰ্তাৰ প্ৰতি বি এল সন্তোষে আহ্বান জনায়।  আনহাতে দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই কাৰ্য্যনিবাৰ্হকৰ সভাত সম্বোধন কৰি দলে আগন্তুক সময়ত সংগঠন মজবুত কৰাৰ বাবে ল’বলগীয়া বিভিন্ন পদক্ষেপৰ কথা উপস্থিত কাৰ্য্যকৰ্তা সকলক অৱগত কৰে। আনন্দৰাম বৰুৱা ক্ষেত্ৰত ৰাজ্যিক কাৰ্য্যনিবাৰ্হক সভাই গ্ৰহণ কৰা ৰাজনৈতিক প্ৰস্তাৱত অসমৰ গ্ৰামীণ অৰ্থনীতিক টনকিয়াল কৰাৰ ক্ষেত্ৰত সবাৰ্ধিক গুৰুত্ব আৰোপ কৰা হৈছে। অসম দেশৰ ভিতৰতে অন্যতম উৎপাদনমুখী ৰাজ্য কৰাৰ প্ৰসংগতো প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending