Connect with us

অসম

উচ্ছেদ অভিযানত সন্দেহজনক নাগৰিকৰ বিধি পথালি দিয়াৰ অভিযোগ

ভৱেশ কলিতা

গুৱাহাটী,২৪ ছেপ্তেম্বৰঃ ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে।

বৃহস্পতিবাৰৰ দৰং জিলাৰ ঘটনা সন্দৰ্ভত আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক  দিলীপ শইকীয়া, বিধায়ক মৃণাল শইকীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশীয়ে এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত বিজেপিৰ নেতা কেইজনে কয়-‘ বিজেপিৰ চৰকাৰ অহাৰ পূৰ্বে গৰুখুটিত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলিছিল। এতিয়া বিজেপি চৰকাৰে গৌৰৱৰে কব পাৰে যে খিলঞ্জীয়া লোকে ভালকৈ দিন কটাইছে। ছিপাঝাৰ ৰাজহ খণ্ডত উচ্ছেদ অভিযানত সন্দেহ যুক্ত নাগৰিকে বিধি পথালি দিয়াত প্ৰশাসনে ব্যৱস্থা ল’ব লগীয়া হৈছিল।

বেদখলকাৰী আৰু সন্দেহযুক্ত নাগৰিকৰ তিনিজন নিহত হ’ল আৰু কেইবাজনো আহত হ’ল। যিসকলে বেদখল কৰি আছিল তেওঁ লোকে চৰকাৰ প্ৰশাসনৰ কথা নামানি প্ৰশাসনৰ বিৰুদ্ধে জপিয়াই পৰিছিল। লগতে বাঁহনীত চোপ লৈ থকা একাংশ দুষ্কৃতিকাৰীয়ে প্ৰশাসনিক বিষয়াৰ ওপৰত লাঠি, দা লৈ জপিয়াই পৰে। যাৰ বাবে প্ৰাণ বচাবলৈ প্ৰশাসনেও গুলি চালনা কৰিবলৈ বাধ্য হয়।’

তেওঁলোকে কয়-‘ এই অভিযান তীব্ৰতৰ হব লাগে, বেদখল উচ্ছেদ কৰিব লাগে। নহলে এচাম ধুৰন্ধৰ লোকে বেদখল কৰি আছে। সকলো বেদখল হৈ থকা স্থানত উচ্ছেদ কৰি কৃষিৰ বাবে ব্যৱহাৰ কৰি উৎপাদনমুখি কৰি তুলিব লাগিব।

সন্দেহযুক্ত বিদেশী, বাংলাদেশী মূলৰ লোকে অন্যান্য শক্তিৰ জৰিয়তে বৃহস্পতিবাৰৰ ঘটনাটো সংঘটিত হৈছে। এই সমস্ত ঘটনাটোত আন এক শক্তিয়েহে কূটকৌশল ৰচনা কৰিছিল। তৃতীয় শক্তি জড়িত আছিল সেই ঘটনাত। এই বৃহৎ পৰিসৰৰ ভুমি বেদখল মুক্ত কৰাৰ সংকল্পৰে মুখ্যমন্ত্ৰীয়ে এইবাৰ পদ্ম হাজৰিকাৰ অধ্যক্ষতাত গৰুখুটি প্ৰকল্পৰে এক প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত হৈছে।

৯ কোটি টকা ব্যয় কৰি এই প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ৭০ হাজাৰ বিঘা ভুমিৰ ২০-৩০ হাজাৰ ভুমিত কৃষি কৰি অসমৰ প্ৰতিজন মানুহৰ বাবে শস্য যোগান ধৰিব পৰা যাব। ৮০০ পৰিয়াল আৰু ৪৫০০বিঘা ভুমি একো অসুবিধা নোহোৱাকৈ প্ৰথম দিনা উচ্ছেদ চলিছিল। কিন্তু ২৩ তাৰিখৰ দিনৰ ঘটনাটো এটি সম্পূৰ্ণ পৰিকল্পিত ঘটনা আছিল।  বিচক্ষণতাৰে অন্য শক্তিৰ দ্বাৰা কৰা হৈছিল।’

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

অসম

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী,২৩ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েক সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্ৰদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা স্বাক্ষৰিত স্মাৰক পত্রখনৰ যোগেদি নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনোৱা হয়।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাৰ নেতৃত্বত যোৱা সজাতি দলটোত প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্র মনজিৎ মহন্ত, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, মুখপাত্র ৰূপক দাস, খগেন দাস, ৰাতুল কলিতা আৰু বহ্নি কলিতা, মিডিয়া সচিব মনালিছা হাজৰিকা বৰুৱা আৰু মিডিয়া আহ্বায়ক মুস্তাক গোলাম ওচমানি আছিল।

স্মাৰক পত্রত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কয় যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ন ন আঁচনি ঘোষণা কৰি অতি নিৰ্লজ্জভাৱে নিৰ্বাচনী বিধি উলংঘা কৰিছে।

Continue Reading

অসম

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ড্ৰাগ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ কাছাৰ জিলাত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰি আছে আৰক্ষীয়ে।

২১ অক্টোবৰত ৩ কোটি ১ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল কাছাৰ আৰক্ষী। সেই ঘটনাৰ পিছত যোৱানিশা পুনৰ জিলাখনত ১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

কাছাৰ জিলাৰ সেই একে স্থান জিৰিঘাটতে এইবাৰো জব্দ হয় এক কোটি টকাৰ ড্ৰাগছৰ লগতে নিচা জাতীয় টেবলেট৷ আৰক্ষীৰ অভিযানত জব্দ হয় ২০ হাজাৰ ইয়াভা টেবলেট সহ ১২৭ গ্ৰাম হেৰ’ইন ৷

লগতে আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী মহিলা ৷ ধৃত মহিলা গৰাকীৰ নাম নুচৰানা বেগম ৷ ঘৰ কাছাৰ জিলাৰ চিংগিৰবন্দত ৷

গোপন সূত্ৰৰ ভিত্তিত জিৰিঘাট আৰক্ষীয়ে এক অভিযান চলাই ধৃত মহিলা গৰাকীৰ পৰা প্ৰায় এই সামগ্ৰী খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ যাৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ধৃত মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Continue Reading

অসম

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

সুৰা

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা মূৰ দাঙি উঠিব পৰা নাই। ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত ৰাজহ সংগ্ৰহৰ হাৰ সন্তোষজনক নহয়। ক’ভিড পৰিস্থিতি, লকডাউন আদি বিভিন্ন কাৰণত ৰাজহ সংগ্ৰহৰ হাৰ উদ্বেগজনকভাৱে হ্রাস পাইছে। ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে ইটোৰ পাছত সিটো প্রতিষ্ঠানৰ পৰা ঋণ ল’বলগীয়া হৈছে। আনকি মুকলি বজাৰৰ পৰাও অধিক সূদত ৰাজ্য চৰকাৰে ঋণ লৈছে।

কিন্তু ইয়াৰ মাজতে এটা সুখবৰ যে ৰাজ্যত আবকাৰী ৰাজহ বাঢ়িছে। ক’ভিড পৰিস্থিতিৰ অৰ্থ সংকট আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে পূজাৰ বতৰত এক অভিলেখসংখ্যক আবকাৰী ৰাজহ সংগ্রহ হৈছে। এই ৰাজহ সংগ্ৰহত সুৰাপায়ীসকলে এক ডাঙৰ অৰিহণা যােগাইছে ! কাৰণ মাথো অক্টোবৰৰ প্ৰথম বিশ দিনতে ৰাজ্যত সুৰাৰ পৰা ১০০ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। পূজাৰ পাঁচদিনত ৰাজ্যত ১২০ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে গুৱাহাটীতেই প্রায় ৬০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। বৰ্ত্তমান পৰিস্থিতিত এই সংখ্যাক নিশ্চয় এক অভিলেখ বুলিয়েই ক’ব পাৰি।

লক্ষণীয় বিষয় যে এইবাৰ পূজাৰ কাপােৰ আদিৰ বজাৰ যথেষ্ট ঠাণ্ডা আছিল। কিন্তু ইয়াৰ পাছতাে সুৰাৰ বজাৰখন গৰম হােৱাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। চৰকাৰী সূত্রই জনােৱা মতে পূজাৰ সময়ত ৰাজ্যত বিক্ৰী হােৱা ৩৫০ কোটি টকাৰ সুৰাৰ পৰা প্রায় ১৭৫ কোটি টকাৰ ৰাজহ পােনে পােন ৰাজ্যৰ ৰাজকোষলৈ আহিছে। কিয়নাে সুৰাৰ ওপৰত ৫০ শতাংশতকৈ অধিক বিক্ৰীকৰ, উপকৰ আৰু উৎপাদন শুল্ক বলৱং হৈ আছে। তেনেস্থলত সুৰাৰ যোগেদি চৰকাৰে এক ভাল অংকৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে।

Continue Reading

আপডেট খবর

অভিযোগ কংগ্ৰেছৰ অভিযোগ কংগ্ৰেছৰ
অসম24 hours ago

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী,২৩ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ...

মাতৃত্ব মাতৃত্ব
ভাৰত1 day ago

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০...

ড্ৰাগ ড্ৰাগ
অসম1 day ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব2 days ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম2 days ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম2 days ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

Trending