অসম
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,২৫ ছেপ্তেম্বৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী পীযুষ হাজৰিকাই।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমৰ ৰাইজৰ বিদ্যুতৰ নাটনি আৰু কম ভল্টেজৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে অতি সোনকালে ১৯৬ টা নতুন চাব-ষ্টেচনৰ নিৰ্মান কৰা, ২৬০৫ কিলোমিটাৰ দৈঘ্যৰ ৩৩ কে.ভি.ৰ আৰু ৩০১৮ কিলোমিটাৰ দৈঘ্যৰ ১১ কে.ভি.ৰ বৈদ্যুতিক সংযোগৰ কাম নতুনকৈ কৰা হ’ব। ইয়াৰ লগতে ২৬৭৪ টা নতুন উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফাৰ্মাৰ সংযোগ কৰা আৰু ১,৮৬,২৫৫ টা অত্যাধুনিক প্ৰি-পেইড স্মাৰ্ট মিটাৰ আৰু ৪০,০০০ নতুন ট্ৰেন্সফাৰ্মাৰ মিটাৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে ৩,২৮৪ কোটি টকাৰ প্ৰয়োজন হ’ব।
এতিয়াৰে পৰা কাষৰীয়া ৰাজ্য বিশেষকৈ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ আনি বিক্ৰী কৰা সুৰাৰ বাবে বিশেষ পৰিবহন অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ’ব। আনহাতে অতি ক্ষতিকাৰক চুলাই মদৰ বিক্ৰী কম কৰিবৰ বাবে দেশী সুৰাৰ অৱকাৰী শুল্ক আধালৈকে কমাই দি দেশী সুৰাৰ মূল্য কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামত অসম চৰকাৰে অনিয়মিত ভাৱে প্ৰদান কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা ২০২১ বৰ্ষৰ পৰা প্ৰত্যেক দুই বছৰৰ মূৰে মূৰে প্ৰদান কৰাৰ লগতে আগৰ দুই লাখ টকাৰ মাননীৰ ঠাইত এতিয়াৰে পৰা পাঁচ লাখ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
এই বঁটা সমগ্ৰ ভাৰতৰ কোনো বিশেষ ব্যক্তি বা সংস্থা দুয়োটাকে প্ৰদান কৰা হ’ব। এই বৰ্ষৰ বঁটা আগন্তুক ৩ অক্টোবৰত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰদান কৰিব। ইয়াৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰো আৰ্থিক মাননি পৰৱৰ্তী সময়ত বৃদ্ধি কৰাৰ সিদ্ধান কেবিনেটে গ্ৰহণ কৰে।
কৃষি বিভাগৰ সম্প্ৰসাৰণ আৰু সৱলীকৰণৰ বাবে কেবিনেটত প্ৰতিখন জিলাতে একোজনকৈ প্ৰগ্ৰেম অফিচাৰ, এজন একাউণ্ট অফিচাৰ আৰু এজন মেডিয়া বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসম চৰকাৰৰ অধীনৰ আদৰ্শ বিদ্যালয় সমূহক পৰিচালিত কৰিবলৈ এক আদৰ্শ বিদ্যালয় সংগঠন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে অসমৰ ১২৬ টা সমষ্টিত অতি কমেও এখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসমত বা অসমৰ বাহিৰত থকা সামৰিক বা অৰ্ধসামৰিক লোক অথবা অসম আৰক্ষীৰ কোনো বিষয়া, জোৱান, গৃহৰক্ষী বাহিনীৰ জোৱান বা গাঁওৰক্ষী বাহিনীৰ ব্যক্তি কৰ্তব্য সম্পন্ন কৰা অৱস্থাত মৃত্যু হলে পৰিয়াললৈ ৫০ লাখকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয়।
অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচা সমূহৰ বনুৱা সকললৈ আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে ২৪ কোটি টকা ব্যয়েৰে ২০ শতাংশকৈ বোনাচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু ৱাৰ্ড সদস্য সকলৰ বৰ্তমানলৈকে পাব লগীয়া পৰিতোষিক ৬৬.৩৪ কোটি টকা মঞ্জুৰী দিয়ে অসম চৰকাৰে।
অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোক সকলক প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা অসম ৰত্ন, অসম বিভূষণ আৰু অসম ভূষণ সন্মানৰ নাম সলনি কৰি অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ৰাজ্যবাসীক মাটি বাৰী সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি দিয়াৰ স্বাৰ্থত ২০৯.৮৪ কোটি টকা ব্যয়েৰে মিছন বসুন্ধৰা অভিলাসী পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই বিষয়ে ২ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে সবিশেষ ঘোষণা কৰিব।
অসম
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।
৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।
উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।
অসম
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।
বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
অসম
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।
চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।
ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত