Connect with us

অসম

দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তৎকালে নিলম্বন কৰাৰ দাবী

Gana Morcha

গুৱাহাটী,২৫ ছেপ্তেম্বৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ঘৃণাৰ ৰাজনীতিৰ পৃষ্ঠপোষক। এই অভিযোগ আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত শনিবাৰে ছটাকৈ ৰাজনৈতিক দলে যৌথভাৱে আয়োজন কৰা এখন সংবাদমেলত সাংসদ ভূঞাই ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। গুৱাহাটীৰ ৰাজগড়স্থিত চি পি আইৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা যৌথ সংবাদমেলত চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণ মৰ্চা, আৰ জে ডি আৰু আৰ চি পি আই দলৰ নেতৃত্ব উপস্থিত আছিল।

সংবাদমেলত সাংসদ ভূঞাই গৰুখুটিৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে গৰুখুটিৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনায়। সেইদৰে গুলীচালনা আৰু লাঠিচালনাৰ ঘটনাত নিহত আৰু আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে উচ্ছেদিত লোকসকলক ততালিকে পুনৰ সংস্থাপন দিয়াৰ বাবে তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ আইন বিৰোধী কাৰ্যমলাপৰ বাবে দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তৎকালে নিলম্বন কৰাৰ বাবে দাবী জনায়।

তেওঁ কয়-‘ কোনো সৎ উদ্দেশ্য লৈ চৰকাৰে উচ্ছেদ অভিযান চলোৱা নাই। ইয়াৰ আঁৰত উপ-নিৰ্বাচনৰ সংকীৰ্ণ ৰাজনীতিৰ কথাও আছে। ৰাজ্যৰ বিভিন্ন ঠাইত বেদখল হৈছে যদিও এই ঠাইখিনিক বাচি লোৱাৰ ৰহস্য কি। এয়া বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ নিকৃষ্ট ৰাজনীতি।’

উপ-নিৰ্বাচনৰ প্ৰসংগত সাংসদ ভূঞাই কয়-‘ সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাটো অনিবাৰ্য হৈ পৰিছে। আমি উপ নিৰ্বাচনত বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰাৰ পোষকতা কৰিছো। থাওৰা সমষ্টিত চি পি আই দলে দিয়া প্ৰাৰ্থীৰ প্ৰতি আমাৰ এই সল কেইটাৰ পূৰ্ণ সমৰ্থন আছে। ৰাইজৰ দল আমাৰ লগত আগতেও নাছিল। উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰা ৰাইজৰ দলে কাৰো লগত আলোচনা নকৰি আগতীয়াকৈ থাওৰা সমষ্টিত নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে।’

আনহাতে সংযুক্ত কিষাণ মৰ্চাই ২৭ ছেপ্তেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি ছটা দলে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। অসমত এই বন্ধ সফল কৰি তোলাৰ বাবে ছটা দলৰ নেতৃত্বই ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

সংবাদমেলত চি পি আই (এম) দেৱেন ভট্টাচাৰ্য, চি পি আইৰ মুনিন মহন্ত, চি পি আই (এম এল)ৰ পংকজ দাস আৰু আৰ জে ডিৰ সোনাৰুল শ্বাহ মুস্তাফা উপস্থিত আছিল।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending