অসম
অসমক অশান্ত কৰিবলৈ পি এফ আইৰ ৭ কোটি টকীয়া পৰিকল্পনা

গুৱাহাটী,২৭ ছেপ্তেম্বৰঃ পপুলাৰ ফ্রন্ট অব ইণ্ডিয়া চমুকৈ পি এফ আই নামৰ সংগঠনটো অসমীয়া ভাষা-সংস্কৃতি আৰু সভ্যতাৰ বাবে এক অশণি সংকেত। পি এফ আইৰ কামকাজে অসমৰ চিৰ যুগমীয়া সমাজ ব্যৱস্থাৰ প্রতি প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে। এই অভিযোগ প্ৰদেশ বিজেপিৰ।
প্রদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এই অভিযােগ উত্থাপন কৰি কয় যে অসমক অশান্ত কৰাৰ বাবে পি এফ আয়ে ৰাজ্যখনৰ প্ৰায় ৭০ লাখ ইছলাম ধৰ্মাৱলম্বী লােকৰ পৰা ১০ টকাকৈ সংগ্রহ কৰি এক বৃহৎ পুঁজি (প্রায় ৭ কোটি টকা) একত্রিত কৰি আছে। এই ধন চৰকাৰ আৰু ৰাষ্ট্র বিৰোধী হিংসাত্মক কামকাজত ব্যবহাৰ হােৱাৰ পূর্ণ সম্ভাৱনা আছে।
কেৱল গৰুখুঁটি আৰু ধলপুৰ অঞ্চলৰ পৰাই পি এফ আয়ে ২৮ লাখ টকা সংগ্রহ কৰা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বক্তব্যত ইতিমধ্যে উল্লেখ কৰিছে।’ সংবাদমেলত তেওঁ ‘কা’ আন্দোলনক হিংসাত্মক ৰূপ দিয়াৰ ক্ষেত্রত পি এফ আয়ে লােৱা ভূমিকাৰ বিষয়ে উল্লেখ কৰে। জনতা ভৱনৰ সম্মুখত অগ্নি সংযােগ আৰু হিংসা বিয়পােৱা তথা অসমীয়াৰ স্বাভিমান কলাক্ষেত্রত আক্রমণ চলাই শৰাই আদি নষ্ট কৰাৰ বাবে চলা হিংসাত্মক ঘটনা কংগ্রেছ দলৰ নেতৃত্বত পি এফ আইৰ পৰিকল্পনা মতে ৰূপায়ন কৰা হৈছিল বুলি তেওঁ অভিযোগ কৰে।
বর্তমান সময়ত অসমক অশান্ত কৰাৰ বাবে কংগ্রেছ আৰু পি এফ আয়ে একেলগে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয়-‘ বর্তমান সময়ত অসমীয়া বিৰোধী শক্তি দুটা একেটা মুদ্রাৰে ইপিঠি সিপিঠি। এ আই ইউ ডি এফ তেওঁলােকৰ বিশ্বস্ত সহযােগী। ছিপাঝাৰৰ ধলপুৰ, গৰুখুটি-শিৱমন্দিৰ অঞ্চলত হােৱা অপ্রীতিকৰ ঘটনাৰ আঁৰতাে পি এফ আইৰে হাত আছে। ‘তেওঁ কয়-‘ বৰ্ত্তমান পৰিস্থিতিত পি এফ আইৰ সৈতে সুৰ মিলাই কংগ্রেছ দলে অসম আৰু অসমীয়াৰ স্বাভিমানক পি এফ আইৰ দৰে ৰাষ্ট্র বিৰোধী শক্তিৰ ওচৰত বন্ধকত থৈছে।
ইছলামীয় দর্শন আক শৰিয়তৰ শাসন ব্যৱস্থা প্রবর্তন কৰাই হ’ল পি এফ আইৰ মূল লক্ষ্য। প্রতিষ্ঠা হােৱা দিনৰ পৰাই এই সংগঠনটোৱে লাভ জেহাদ, লেণ্ড জেহাদ আদিৰ জৰিয়তে সনাতন সমাজ ব্যৱস্থাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। ক’বলৈ হলে পি এফ আই হ’ল নিষিদ্ধ সন্ত্রাসবাদী সংগঠন ‘চিমি’ৰ নৱ সংস্কৰণ মাত্র। অসমৰ গােৱালপাৰা, মানকাছাৰ দক্ষিন শালমাৰা, দৰং, দক্ষিন কামৰূপ, নগাঁও, মৰিগাওঁ আৰু কৰিমগঞ্জ জিলাত পি এফ আয়ে বিশাল নেটৱৰ্ক গতি তােলাত সক্ষম হৈছে।
কংগ্রেছ আৰু এ আই ইউ ডি এফ দলৰ ৰাজনৈতিক সংৰক্ষণতে এই জিলাসমূহত পি এফ আই শক্তিশালী হৈ উঠিছে।’ সংবাদমেলত বিজেপিৰ ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল।
অসম
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।
৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।
উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।
অসম
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।
বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
অসম
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।
চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।
ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ