Connect with us

অসম

তাই আহােম আৰু মটক সম্প্রদায়ৰ বিভিন্ন সংগঠনৰ প্রতিনিধিৰ সৈতে

organizations

গুৱাহাটী,২৭ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী  ড° হিমন্ত বিশ্ব শর্মাই অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত তাই আহােম সম্প্রদায়ৰ বিভিন্ন সংগঠনৰ প্রতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত সদৌ তাই আহােম ছাত্র সন্থা, তাই আহােম যুৱ পৰিষদ অসম, পূর্বাঞ্চল তাই সাহিত্য সভা, সদৌ অসম আহােম সভা, মহন দেওধাই বাইলুং সন্মিলনৰ প্রতিনিধিসকলে তেওঁলােকৰ সম্প্রদায়সমূহৰ বিভিন্ন বিষয় মুখ্যমন্ত্রীক অৱগত কৰে।

বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে তাই ভাষাটো জনপ্রিয়কৰণ তথা বর্তাই ৰখাৰ বাবে ৰাজ্য চৰকাৰে তাই ভাষা শিক্ষণ কেন্দ্র এটা স্থাপন কৰিব। ৰাজ্যখনৰ ট্রাইবেল ব্লক আৰু বেল্টসমূহত আহােমসকলক সংৰক্ষিত শ্রেণীৰ মর্যাদা প্রদান কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে যােৰহাটত থকা চ্যুকাফা সমন্বয় ক্ষেত্রক পর্যটনৰ এক উল্লেখযােগ্য স্থান হিচাপে ৰূপান্তৰ কৰা হ’ব আৰু ইয়াৰ সকলাে কাম দুই বছৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব।

মুখ্যমন্ত্রীয়ে লগতে কয় যে শিৱসাগৰৰ জয়সাগৰত এটা তাই সংগ্রহালয় আৰু ৰংঘৰ চৌহদত জয়মতী সংগ্রহালয় স্থাপন কৰা হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে অসম দর্শন আঁচনিৰ অধীনত আহােমসকলৰ উপাসনাথলীসমূহ সংৰক্ষণ আৰু সংবদ্ধধন কৰাৰ লগতে জনতা ভৱনত চ্যুকাফাৰ এটা প্রতিমুর্তি স্থাপন কৰা হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে তাই আহােম উন্নয়ন পৰিষদলৈ প্রদান কৰিবলগীয়া ১২৫ কোটি টকা এই বর্ষৰ নৱেম্বৰৰ ৩০ তাৰিখৰ ভিতৰত মােকলাই দিয়া হ’ব। সম্প্রদায়টোৰ কমকৈ জ্ঞাত ঐতিহাসিক স্থান তথা সমলসমূহৰ সংৰক্ষণৰ বাবে এই পুঁজি ব্যৱহাৰ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়।

স্বর্গদেউ চ্যুকাফা বিশ্ববিদ্যালয় স্থাপনৰ প্রস্তাৱটো চৰকাৰে ইতিবাচক দিশেৰে বিবেচনা কৰিব বুলিও মুখ্যমন্ত্রীয়ে প্ৰতিনিধিবর্গক কয়। তাইসকলৰ জনজাতিকৰণৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে তাই আহােম সম্প্রদায়ৰ সংগঠনসমহৰ লগত ট্রাইবেল সংঘৰ প্রতিনিধিবর্গৰ এক বৈঠক অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায় যাতে বিষয়সমূহৰ সমাধানসূত্র উলিয়াই আগবাঢ়িব পৰা যায়। মুখ্যমন্ত্রীয়ে লগতে কয় যে অসমৰ সকলাে খিলঞ্জীয়া সম্প্রদায়সমুহ একত্রিত হৈ থাকিব লাগিব যাতে প্রব্রজনকাৰীসকলৰ পৰা চ্যুকাফাৰ অসমক সুৰক্ষিত কৰিব পৰা যায়।

বৈঠকত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণােজ পেগু উপস্থিত আছিল। আনহাতে মুখ্যমন্ত্রী ড° শর্মাই ৰাজ্যখনৰ মটক সম্প্রদায়ৰ বিভিন্ন সংগঠনৰ প্রতিনিধিবর্গৰ সৈতেও আন এখন বৈঠকত মিলিত হয়। অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত মটক স্বায়ত্ত শাসতি পৰিষদ, সদৌ অসম মটক সম্মিলন, সদৌ অসম মটক যুৱ ছাত্র সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ প্রতিনিধিসকলে তেওঁলােকৰ সম্প্রদায়ৰ বিভিন্ন বিষয় মুখ্যমন্ত্রীক অৱগত কৰাৰ লগতে সম্প্রদায়টোৰ সর্বাংগীন কল্যাণৰ বিভিন্ন পৰিকল্পনাৰ বিষয়েও আলােচনা কৰে। বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে মটক সম্প্রদায়ৰ লােকসকললৈ অন্যান্য পিছপৰা শ্রেণীৰ প্রমাণপত্র প্রদান কৰাৰ দিশত সদৌ অসম মটক সন্মিলনক সম্পূর্ণ কর্তৃত্ব প্রদান কৰা হ’ব। ৰাজ্যখনৰ বিভিন্ন শৈক্ষিক প্রতিষ্ঠানত মটক সম্প্রদায়ৰ আসন সংৰক্ষণ নির্দ্ধাৰণ কৰাৰ বাবে বিভিন্ন বিভাগৰ মন্ত্রীসকলক সামৰি এখন সমিতি গঠন কৰা হ’ব। সম্প্রদায়টোৰ ভূমি সম্বন্ধীয় বিষয়সমূহ আলােচনা কৰি মুখ্যমন্ত্রীয়ে কয় যে মিছন বসুন্ধৰাৰ অধীনত সময় সাপেক্ষ আৰু স্বচ্ছতাৰে এই বিষয়সমূহ নিষ্পত্তি কৰা হ’ব।

মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে মটক সম্প্রদায়লৈ জনজাতিৰ মর্যাদা প্রদানৰ অনুমােদন কেন্দ্রীয় চৰকাৰলৈ প্রেৰণৰ দিশত নীতিগতভাৱে সন্মতি প্রদান কৰিছে। মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে মটক উন্নয়ন পৰিষদৰ শক্তিশালীকৰণৰ বাবে পদক্ষেপ ল’ব। পৰিষদখনলৈ ২৫ কোটি টকা প্রদানৰ দায়বদ্ধতা ৩০ নৱেম্বৰৰ ভিতৰত পূৰণ কৰা হ’ব।

এই পুঁজি ব্যৱহাৰ তথা প্রস্তাৱসমূহৰ ওপৰত ভিত্তি কৰি আৰু অধিক পুঁজি আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে গুৱাহাটীত মটক ভৱন নির্মাণৰ বাবে ভূমি প্রদান, মায়ামৰা সত্রক বেদখলৰ পৰা মুক্তকৰণ, সম্প্রদায়টোৰ ঐতিহাসিক স্থান আৰু সমল সংৰক্ষণ, ডিব্রুগড় বিশ্ববিদ্যালয়ত অনিৰুদ্ধদেৱ আসন কার্যক্ষম কৰাৰ দিশত ৰাজ্য চৰকাৰে ক্ষিপ্রতাৰে পদক্ষেপ ল’ব বুলিও কয়। মটক সম্প্রদায়ৰ সংগঠনসমূহক সম্প্রদায়টোৰ মাজত শৈক্ষিক পৰিৱেশ সৃষ্টি তথা মটক সম্প্রদায়ৰ শিক্ষিত যুৱক-যুৱতীসকলক সম্প্রদায়টোৰ সামূহিক উন্নয়নৰ দিশত ঐকান্তিকতাৰে কাম কৰাব বাবেও আজিৰ বৈঠকতে মুখ্যমন্ত্রীয়ে আহ্বান জনায়। বৈঠকত মন্ত্রী ডাঃ ৰণােজ পেগু আৰু চাবুৱা সমষ্টিৰ বিধায়ক পােনাকণ বৰুৱা উপস্থিত আছিল।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব1 year ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম1 year ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম1 year ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম1 year ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম1 year ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী1 year ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending