Connect with us

অসম

পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধৰ দাবী পাঁচটা বাঁও-গণতান্ত্রিক দলৰ

Chipajhar

গুৱাহাটী,২৯ ছেপ্তেম্বৰঃ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে ছিপাঝাৰৰ ধলপুৰত পুলিছে কৰা নৃশংস অত্যাচাৰ আৰু গুলীচালনাৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ ব্যৱস্থা কৰক। চৰকাৰৰ প্ৰতি এই দাবী পাঁচটাকৈ বাঁও-গণতান্ত্রিক দলৰ। বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আঞ্চলিক গণ মৰ্চা, চি পি আই, চি পি আই(এম), চি পি ‍আই(এম এল) আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্বই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে।

উল্লেখ যে ২৬ ছেপ্তেম্বত এই পাঁচটা দলৰ এটা প্রতিনিধি দলে ২০ আৰু ২৩ ছেপ্তেম্বৰত দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত অঞ্চল ভ্রমণ কৰি ঘটনাৰ বুজ লয়। সেই সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰি আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়-‘ আমাৰ প্রতিনিধি দলটো ছিপাঝাৰৰ ম’হবন্ধাৰ পৰা পাৰঘাট হৈ ভৰদুপৰীয়া ধলপুৰ পােৱা সময়ত পুৰুষ, মহিলা, শিশু, বৃদ্ধ-বৃদ্ধাসহ সহস্রাধিক লােক উৎকট গৰমৰ পৰা ৰক্ষা পােৱাৰ বাবে বাঁহতলৰ ছাঁত আশ্রয় লৈ আছিল। উচ্ছেদিত ৰাইজে বাসস্থান আৰু মাটি-বাৰী সর্বস্ব হেৰুৱাই নিৰাপত্তাহীনতা আৰু গভীৰ আশংকাত ভুগিছিল।

২৩ ছেপ্তেম্বৰৰ উচ্ছেদৰ দিনা পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল আৰু মইনুল হক আৰু শ্বেখ ফৰীদক বর্বৰভাবে হত্যা কৰা হৈছিল। ঘটনাত দুজনৰ মৃত্যুৰ লগতে গুৰুত্বভাৱে আহত হৈ ৯ জন লােক চিকিৎসাধীন হৈ আছে।’ তেওঁ লগতে কয়-‘ ২ আৰু ৩ নং ধলপুৰত সম্পূর্ণ উচ্ছেদ আৰু ১ নং ধলপুৰত আংশিক উচ্ছেদ চলােৱা হৈছিল। অঞ্চলটো দুখন গাওঁ পঞ্চায়তৰ সমষ্টি বাজনা পথাৰ আৰু খানােৱা। তাৰে আধা বাম অঞ্চল আৰু আধা অংশ চাপৰি। ভােটাৰ প্রায় ১৭,০০০ আৰু তেওঁলোক স্বীকৃতিপ্রাপ্ত ভাৰতীয় নাগৰিক। উচ্ছেদ চলােৱা অঞ্চলত দুখন অসমীয়া মাধ্যমৰ প্রাথমিক বিদ্যালয় আছে।

অঞ্চলটোৰ থলুৱা মুছলমান সকলৰ প্রায় ৩০০ বিঘা খেতি মাটিত উচ্ছেদ চলােৱা হৈছিল। বিজেপি চৰকাৰে তেওঁলােকক সদায় অবৈধ বেদখলকাৰী আখ্যা দি আহিছে। সােণােৱাল চৰকাৰৰ দিনত অঞ্চলটোত তিনিবাৰ উচ্ছেদ কৰা হৈছিল। ৰাইজে মাটিৰ খাজানা দি আহিছিল যদিও ২০১৪ চনৰ পৰা খাজানা লােৱা বন্ধ কৰি দিয়া হৈছিল।

২০ ছেপ্তেম্বৰৰ উচ্ছেদ সম্পর্কে স্থানীয় ৰাইজে জনোৱা মতে ৰাইজে হাতযােৰ কবি মছজিদ নাভাঙিবলৈ অনুৰোধ কৰিছিল যদিও নামানিলে। উচ্ছেদকাৰীসকলে কোৰাণ দলিয়াই দিয়ে। উচ্ছেদৰ পিচত চৰকাৰে নির্দয় ভূমিকা লৈ আহিছে। উচ্ছেদিত লােকক থকা-খােৱা, চিকিৎসাৰ কোনাে ব্যৱস্থা লােৱা নাই। আনকি চৰকাৰ বা প্রশাসনৰ পক্ষৰ পৰা কোনাে খবৰাে লােৱা নাই।’

ধলপুৰৰ ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়-‘ আমি চৰকাৰক দাবী জনাও যে সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰক। লগতে ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কর্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰক আৰু নিহতৰ পৰিয়ালক আৰু আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক। তদুপৰি ততালিকে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আমি দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ততালিকে নিলম্বন কৰাৰ দাবী জনাইছো।

এই পৰিস্থিতিত আমাৰ আশংকা হৈছে যে বিজেপি চৰকাৰে সাম্প্রদায়িক বিভাজনৰ নীতিৰে অসমক ভাগ ভপ কৰিবলৈ চেষ্টা চলাই গৈছে আৰু ই আমাৰ সাতামপুৰুষীয়া ভাতৃত্ব, ঐক্য, সম্প্রীতি আৰু আমাৰ ঐতিহ্য নিঃশেষ কৰাৰ দিশত আগবাঢ়িছে। এই বিভাজনবাদী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ আমি সকলাে গণতান্ত্রিক, ধর্মনিৰপেক্ষ দল-সংগঠন আৰু ৰাইজৰ প্রতি আবেদন জনাইছোঁ।’ সংবাদমেলত চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচার্য, চিপিআইৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত, চিপিআই (এম-এল)ৰ নেতা নৰেন বৰা আৰু ৰাষ্ট্রীয় জনতা দলৰ অসম ৰাজ্যিক সভাপতি সােণাৰুল শ্বাহ মুস্তাফা উপস্থিত আছিল।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending