উত্তৰ-পূব
মেঘালয়ৰ পূব গাৰো পাহাৰত নৈশ বাছ দুৰ্ঘটনা : ৬ জন নিহত আৰু ১৫ জন আহত

গুৱাহাটী,৩০ ছেপ্তেম্বৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ নংচৰামত বুধবাৰে নিশা প্ৰায় ১১.৫৫ বজাত তুৰা-শ্বিলং অভিমুখী নৈশ বাছ দুৰ্ঘটনা সংঘটিত হৈ থিতাতে ৬ জন যাত্ৰী নিহত হোৱাৰ লগতে আন ১৫ জন যাত্ৰী গুৰুতৰ ভাৱে আহত হয়। এই ঘটনাই সমগ্ৰ মেঘালয়ত গভীৰ শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে ৰাজ্যখনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ তুৰা চহৰৰ পৰা শ্বিলং অভিমুখে গৈ থকা নৈশ বাছখনত মুঠ ২১ গৰাকী যাত্ৰী আছিল। বাছখনে জিলাখন অতিক্ৰম কৰি পূব গাৰো পাহাৰ জিলা আৰু পশ্চিম খাচী পাহাৰ জিলাৰ সীমান্তবৰ্তী নংচৰাম পোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই দলং এখনৰ প্ৰায় ৪০ ফুট তলত বাগৰি পৰে। বাছ দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰী টোপনিত আছিল। এই বাছ দুৰ্ঘটনাত মুঠ ৬ জন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন ১৫ জন যাত্ৰী আহত হয়।
নিহত যাত্ৰী কেইজন ক্ৰমে পশ্চিম গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰৰ ৰংমাল বাদিম গাঁৱৰ উইথিংটন চি এইচ মাৰাকৰ জীয়ৰী ডিচমি এম চাংমা (২৬), অসমৰ গোৱালপাৰা জিলাৰ দামৰা লস্কৰপাৰা গাঁৱৰ ডমিনিক এছ চাংমাৰ পুত্ৰ চেংছৰাং আৰ মাৰাক, উইলিয়ামনগৰ বোলকিংগ্ৰী গাঁৱৰ উইলবিন এম চাংমাৰ পুত্ৰ তাৰাইউয়িন আৰ মাৰাক (২৩) , পুৰণি পি ডব্লিউ ডি কলনীৰ নিকলাচ এম চাংমাৰ পুত্ৰ টাংচিমবাৰ্থ , বালশ্ৰীগীথিম গাঁৱৰ আফবাৰতিশ জি মমিনৰ পুত্ৰ চেকামচি জি মমিন (১৮) আৰু পূব খাচী পাহাৰ জিলাৰ উমফাৰনাই গাঁৱৰ আৰ খাৰকোনঘোৰৰ পুত্ৰ ইভাৰেষ্টৰ খাৰুমনুআইদ (৪৫) বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত যাত্ৰী কেইজন ক্ৰমে চিয়ানচি এম চাংমা (২৫), ডাচিলাং লাপাছুন (২৫), ডিমৰিমবাল মাৰাক (২১) , চাংবাথ মাৰাক, বাইয়া ধাৰ (২৯), লালৰিন সাংপিলিয়ান (৩১), ইবলাং কুৰুমবৈ (৫০), তুইবক লাইনংদহ (৪১), ডাৰী পাৰোইং (৪১), সুৰাইয়া আৰ চাংমা (৪০), ইনামূল মাৰাক (৩৪), নিকচিৰা টি মাৰাক (২০), ইদমান পাৱা (৩৮), ফুকন মাৰাক (২৪) , চিগাম চাংমা (২২) আৰু চিগাতচি চাংমা (২১) বুলি চিনাক্ত কৰা হৈছে।
দুর্ঘটনাৰ পাছতেই পূব গাৰো পাহাৰ জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। একেদৰে দুৰ্ঘটনাৰ কিছু সময় পাছতেই আৰক্ষীৰ তৎপৰতাত ঘটনাস্থলীৰ পৰা প্ৰায় ১১ কিলোমিটাৰ নিলগত থকা ৰংজেং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আহত কেইজনক প্ৰাথমিক চিকিৎসাৰ পাছত তুৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে মুঠ ২১ গৰাকী যাত্ৰীৰ ভিতৰত ৯ জন যাত্ৰী তুৰাৰ পৰা বাছ খনত যাত্ৰা আৰম্ভ কৰাৰ লগতে ১২ জন যাত্ৰী উইলিয়াম নগৰৰ পৰা বাছ খনত যাত্ৰা আৰম্ভ কৰিছিল। আহত যাত্ৰী কেইজনৰ অৱস্থা এতিয়াও সংকটজনক বুলি জনা গৈছে।
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত