Connect with us

অসম

বিধায়ক শ্বেৰমান আলীক সকিয়নী বিজেপিৰ

MLA

গুৱাহাটী,৩০ ছেপ্তেম্বৰঃ অসমৰ জাতীয় আন্দোলনৰ নেতৃত্ব বহন কৰি জীৱন আহুতি দিয়া বীৰ-শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক বুলি বর্ণনা কৰি কংগ্রেছ দলে অসম আৰু অসমীয়াৰ স্বাভিমানক অৱমাননা কৰিছে। এই অভিযোগ বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখপাত্র শৰ্মাই এই অভিযােগ উত্থাপন কৰে। বিজেপিৰ ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে বর্তমান সময়ত অসমীয়া বিৰোধী শক্তি ক্রমে কংগ্রেছ, এ আই ইউ ডি এফ, পি এফ আই আৰু বামপন্থী দলসমূহে একলগ হৈ গােপন এজেণ্ডাৰ আধাৰত কামকাজ কৰি আছে।

অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্রতি ভাবুকি অনাৰ ক্ষেত্রত পি এফ আই বর্তমান সময়ত কংগ্রেছৰ বিশ্বস্ত সহযােগী বুলিও বিজেপিৰ মুখপাত্রজনে মন্তব্য কৰে। তেওঁ কয়-‘ কংগ্রেছ দলে অসম আৰু অসমীয়াৰ কণ্ঠ ৰোধ কৰিবৰ বাবে অস্তিত্ব ৰক্ষাৰ সংগ্রামৰ সময়ত জনসাধাৰণৰ ওপৰত অবর্ণনীয় নির্যাতন নমাই আনিছিল।

ছয় বছৰীয়া আন্দোলনৰ সময়ত বিজেপিয়ে অসমীয়া ৰাইজৰ সুৰত সুৰ মিলাই কংগ্রেছ দলে জাপি দিয়া ১৯৮৩ চনৰ অবৈধ নিৰ্বাচন বর্জন কৰাৰ লগতে সমগ্র দেশত অসম আন্দোলনৰ সপক্ষে ব্যাপক জনমত গঠন কৰাত আগভাগ লৈছিল।’ তেওঁ লগতে কয়-‘ বিজেপি দল শাসনত থকাৰ সময়ত শ্বেৰমান আলীৰ নিচিনা কংগ্রেছী মিঞা নেতাক অসমীয়াৰ বৰ ঘৰত অতপালি চলােৱাত অনুমতি দিয়া নহ’ব।

কংগ্রেছৰ দিনতেই নগাঁও আৰক্ষী থানাৰ চৌহদত অসমীয়া ডেকা লৰাক হাত ভৰি বান্ধি গুলীয়াই হত্যা কৰি টায়াৰৰ জুইত জ্বলাই দিয়া হৈছিল। এনেদৰে নির্মমভাৱে অসমীয়া ডেকাক হত্যা কৰা কংগ্রেছ দলৰ নেতা শ্বেৰমান আলীয়ে জাতীয় শ্বহীদ দয়ানাথ শমার্ক অৱমাননা কৰাটো তেনেই স্বাভাৱিক কথা।

বর্তমান সময়ত কংগ্রেছ দলে আৰবীয় আগ্রাসনৰ স্থানীয় পৃষ্ঠাপােষক হিচাপে কাম কৰি আছে। অসমসহ সমগ্র ভাৰতবর্ষত আৰবীয় সংস্কৃতিৰ বিস্তাৰৰ জৰিয়তে ইছলামীয় আগ্রাসনক প্রভাবী কৰি তােলাৰ বাবে শ্বেৰমান আলীৰ দৰে নেতাই কাম কৰি আছে। আৰবীয় পৃষ্ঠপােষকতাত পৰিচালিত কংগ্রেছ দলৰ মিঞা নেতা শ্বেৰমান আলী হ’ল ইছলামীয় আগ্রাসনৰ স্থানীয় সেনাপতি।

এইক্ষেত্রত পৰিতাপৰ বিষয় হল যে শ্বেৰমান আলীৰ দৰে মিঞা নেতাক কংগ্রেছৰ থলুৱা নেতা ভূপেন বৰা, ৰিপুন বৰা, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আৰু দেৱব্রত শইকীয়াই পৃষ্ঠপােষকতা কৰি আহিছে। এই থলুৱা নেতাসকলৰ আশীর্বাদতেই শ্বেৰমান আলী আজি কংগ্রেছত উঠি ৰজা বহি ৰজা হৈ পৰিছে।’

কংগ্রেছ দলে প্রতিটো খোজতেই অসমীয়া বিৰোধী স্থিতি গ্রহণ কৰি আহিছে বুলি অভিযোগ কৰি তেওঁ কয়-‘ কংগ্রেছ দলৰ বাবে মিঞাৰ আগ্রাসনক সুৰক্ষিত আৰু শক্তিশালী কৰাটোহে মূল বিষয় হৈ পৰিছে। এনে কাৰণতেই কংগ্রেছৰ এজেণ্ডাত অসম আৰু অসমীয়াৰ অস্তিত্বৰ বিষয়টো তেনেই গৌণ হৈ পৰে। অসমীয়াৰ স্বাভিমানত আঘাত সনা কাম শ্বেৰমান আলীয়ে প্রথমবাৰৰ বাবে কৰা নাই।

ইয়াৰ পূর্বেও কংগ্রেছ বিধায়ক শ্বেৰমান আলীয়ে কেইবাবাৰো অসম আৰু অসমীয়াক হেয় জ্ঞান কৰি অপমানিত কৰিছিল যদিও কংগ্রেছ দলে তেওঁৰ বিৰুদ্ধে কোনাে ধৰণৰ অনুশাসনমূলক ব্যৱস্থা লােৱা নাই। কংগ্রেছৰ এই স্থিতিয়েই স্পষ্ট কৰে যে শ্বেৰমান আলীয়ে আচলতে দলৰ শীর্ষ নেতৃত্বৰ নির্দেশ মর্মেই অসমীয়া বিৰোধী বক্তব্য আগবঢ়াই আহিছে।’

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব1 year ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম1 year ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম1 year ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম1 year ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম1 year ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী1 year ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending