Connect with us

অসম

অসম আৰু পশ্চিমবংগৰ চাহ বাগানৰ মহিলাসকলৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে এহাজাৰ কোটি টকা

education and health

গুৱাহাটী,৩০ ছেপ্তেম্বৰঃ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত মছলাৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে অসমত স্থাপন কৰা হ’ব পৰীক্ষাগাৰ। লগতে স্থাপন কৰা হ’ব মছলা বোৰ্ড। এই কথা ঘোষণা কৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অনুপ্ৰিয়া পেটেলে। বৃহস্পতিবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সভাকক্ষত আয়োজন কৰা এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে পূৰ্বতে মছলাৰ গুণাগুণ পৰীক্ষাৰ বাবে নমুনা কলকাতালৈ প্ৰেৰণ কৰা হৈছিল।

মন্ত্রীগৰাকীয়ে লগতে কয়-‘ উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্রত প্ৰচুৰ সম্ভাৱনীয়তা আছে আৰু এই দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। হস্ততাঁত আৰু কৃষি সামগ্ৰীৰ ভাল ব্ৰেণ্ডিং আৰু পেকেজিঙৰ বাবে অসমত প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। মুম্বাইৰ বিশেষজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব। যাতে ব্ৰেণ্ডিং আৰু পেকেজিঙৰ মান উন্নত হয় আৰু বজাৰ দখল কৰিব পাৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উৎপাদিত কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু মাৰ্কেটিঙৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ সহযোগ থাকিব।’

অসমৰ বৃহৎ চাহ উদ্যোগটোৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্রীগৰাকীয়ে সদৰি কৰে। তেওঁ কয়-‘ চাহ খণ্ডৰ উন্নয়ণ আৰু প্ৰম’চনৰ বাবে ২০১৭ চনৰ পৰা ২০২৬ চনলৈ ‘টি ডি পি এছ’ আঁচনি চলি আছে। এই আঁচনিখনত কেতবোৰ নতুনত্ব অনা হৈছে আৰু ইয়াৰ বাবে ৯৬৭ কোটি টকা দিয়া হৈছে।

বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্রত গুৰুত্ব দিয়া হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কে নিজা ফেক্টৰী স্থাপন কৰিব বিচাৰিলে এই পুঁজিৰ যোগেদি চৰকাৰে সহযোগিতা আগবঢ়াব।’ অসমক চাহ ৰপ্তানিৰ হাব হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয়-‘ চাহৰ ৰপ্তানি বৃদ্ধিৰ বাবে ৯৮ কোটি টকা ব্যয় কৰা হ’ব।

আনহাতে দিবলৈ বাকী থকা ৰাজসাহায্যৰ বাবে ২৯৮ কোটি টকা মোকলাই দিয়া হৈছে। সেইদৰে অসম আৰু পশ্চিমবংগৰ চাহ বাগানৰ মহিলাসকলৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে এহাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে।’ মন্ত্রীগৰাকীয়ে কয় যে অসমৰ পুৰনি আৰু বৃহৎ চাহ খণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিয়াৰ লগতে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে।

অসম

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ড্ৰাগ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ কাছাৰ জিলাত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰি আছে আৰক্ষীয়ে।

২১ অক্টোবৰত ৩ কোটি ১ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল কাছাৰ আৰক্ষী। সেই ঘটনাৰ পিছত যোৱানিশা পুনৰ জিলাখনত ১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

কাছাৰ জিলাৰ সেই একে স্থান জিৰিঘাটতে এইবাৰো জব্দ হয় এক কোটি টকাৰ ড্ৰাগছৰ লগতে নিচা জাতীয় টেবলেট৷ আৰক্ষীৰ অভিযানত জব্দ হয় ২০ হাজাৰ ইয়াভা টেবলেট সহ ১২৭ গ্ৰাম হেৰ’ইন ৷

লগতে আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী মহিলা ৷ ধৃত মহিলা গৰাকীৰ নাম নুচৰানা বেগম ৷ ঘৰ কাছাৰ জিলাৰ চিংগিৰবন্দত ৷

গোপন সূত্ৰৰ ভিত্তিত জিৰিঘাট আৰক্ষীয়ে এক অভিযান চলাই ধৃত মহিলা গৰাকীৰ পৰা প্ৰায় এই সামগ্ৰী খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ যাৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ধৃত মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Continue Reading

অসম

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

সুৰা

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা মূৰ দাঙি উঠিব পৰা নাই। ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত ৰাজহ সংগ্ৰহৰ হাৰ সন্তোষজনক নহয়। ক’ভিড পৰিস্থিতি, লকডাউন আদি বিভিন্ন কাৰণত ৰাজহ সংগ্ৰহৰ হাৰ উদ্বেগজনকভাৱে হ্রাস পাইছে। ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে ইটোৰ পাছত সিটো প্রতিষ্ঠানৰ পৰা ঋণ ল’বলগীয়া হৈছে। আনকি মুকলি বজাৰৰ পৰাও অধিক সূদত ৰাজ্য চৰকাৰে ঋণ লৈছে।

কিন্তু ইয়াৰ মাজতে এটা সুখবৰ যে ৰাজ্যত আবকাৰী ৰাজহ বাঢ়িছে। ক’ভিড পৰিস্থিতিৰ অৰ্থ সংকট আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে পূজাৰ বতৰত এক অভিলেখসংখ্যক আবকাৰী ৰাজহ সংগ্রহ হৈছে। এই ৰাজহ সংগ্ৰহত সুৰাপায়ীসকলে এক ডাঙৰ অৰিহণা যােগাইছে ! কাৰণ মাথো অক্টোবৰৰ প্ৰথম বিশ দিনতে ৰাজ্যত সুৰাৰ পৰা ১০০ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। পূজাৰ পাঁচদিনত ৰাজ্যত ১২০ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে গুৱাহাটীতেই প্রায় ৬০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। বৰ্ত্তমান পৰিস্থিতিত এই সংখ্যাক নিশ্চয় এক অভিলেখ বুলিয়েই ক’ব পাৰি।

লক্ষণীয় বিষয় যে এইবাৰ পূজাৰ কাপােৰ আদিৰ বজাৰ যথেষ্ট ঠাণ্ডা আছিল। কিন্তু ইয়াৰ পাছতাে সুৰাৰ বজাৰখন গৰম হােৱাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। চৰকাৰী সূত্রই জনােৱা মতে পূজাৰ সময়ত ৰাজ্যত বিক্ৰী হােৱা ৩৫০ কোটি টকাৰ সুৰাৰ পৰা প্রায় ১৭৫ কোটি টকাৰ ৰাজহ পােনে পােন ৰাজ্যৰ ৰাজকোষলৈ আহিছে। কিয়নাে সুৰাৰ ওপৰত ৫০ শতাংশতকৈ অধিক বিক্ৰীকৰ, উপকৰ আৰু উৎপাদন শুল্ক বলৱং হৈ আছে। তেনেস্থলত সুৰাৰ যোগেদি চৰকাৰে এক ভাল অংকৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে।

Continue Reading

অসম

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

উপ নির্বাচন

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ ৩১ গৰাকী প্ৰাৰ্থী এই উপনিৰ্বাচনত অবতীৰ্ণ হৈছে।

পাঁচটা সমষ্টিৰ এই উপনির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে তেওঁলােকৰ ভােটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ আৰু ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ইয়াৰ উপৰি ৩,১৬৫ গৰাকী ছাৰ্ভিছ ভােটাৰ আছে।

আনহাতে ভােট গ্রহণ হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত ২,১৭,৪৩২ গৰাকী ভােটদাতাৰে তামুলপুৰ সমষ্টিত আটাইতকৈ অধিক ভােটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১ গৰাকী ভােটদাতা আছে। চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যােৱাবৰ্ষৰ ১৮ নৱেম্বৰপৰা আৰম্ভ হােৱা বিশেষ সংক্ষিপ্ত সংশােধনীৰ যােগে ৮ অক্টোবৰলৈ এইবাৰৰ ভােটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯ গৰাকী ভােটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে এই উপ নির্বাচনত ৮,৮৬৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভােটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব।

এই নির্বাচনত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ভােটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলােৰে প্রতি আহ্বান জনাইছে। আজি তেওঁ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ পৰিস্থিতিৰ বুজ লয়।

Continue Reading

আপডেট খবর

ড্ৰাগ ড্ৰাগ
অসম2 hours ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব1 day ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম1 day ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম1 day ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

হত্যাকাণ্ড হত্যাকাণ্ড
গুৱাহাটী1 day ago

গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ...

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী5 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

Trending