Connect with us

অসম

অসমবাসীৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পাইছে ঋণৰ বোজা

credit on assamese

গুৱাহাটী,০১ অক্টোবৰঃ ৰাজ্যবাসীৰ ওপৰত ক্রমাৎ বৃদ্ধি পাব ধৰিছে ঋণৰ বোজা। বিশেষকৈ দিনক দিনে একোটা পৰিয়ালৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পাব ধৰিছে। কেন্দ্রীয় পৰিসংখ্যা আৰু প্রকল্প ৰূপায়ণ মন্ত্রালয়ে অলপতে প্রকাশ কৰা ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ শীর্ষক প্রতিবেদন অনুসৰি সামগ্রিকভাৱে অসমৰ গ্রামাঞ্চলত এটা পৰিয়ালৰ ঋণ হৈছে ১৬,০০০ টকা।

প্রতিবেদনখনত ২০১২ চনৰ সৈতে ২০১৮ চনৰ পৰিসংখ্যাৰ তুলনাত্মক বিশ্লেষণ দাঙি ধৰা হৈছে। দেখা গৈছে ৬ বছৰৰ ভিতৰত অর্থাৎ অসমৰ গ্রামাঞ্চলত সাধাৰণ ৰাইজৰ ঋণ ৩ গুণতকৈও বৃদ্ধি পাইছে। প্রতিবেদন অনুসৰি ২০১২ চনত অসমৰ গ্রামাঞ্চলৰ পৰিয়াল এটাৰ গঢ় ঋণৰ পৰিমাণ আছিল ৫ হাজাৰ টকা। ছয় বছৰৰ ভিতৰত এই ঋণৰ পৰিমাণ ১৬ হাজাৰ টকালৈ বৃদ্ধি পোৱাটো উদ্বেগৰ বিষয়। ইফালে চহৰাঞ্চলতো ঋণৰ বোজা বৃদ্ধি পাইছে।

প্রতিবেদন অনুসৰি ২০১২ চনত ৰাজ্যৰ চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল ৩৭ হাজাৰ টকা। ছয় বছৰ পাছত ২০১৮ চনত চহৰাঞ্চলৰ প্রতি পৰিয়ালৰ ঋণৰ পৰিমাণ বৃদ্ধি পালে ৭৭ হাজাৰ টকালৈ। অর্থাৎ মাত্র ৬ বছৰত ঋণৰ পৰিমাণ বৃদ্ধি পালে দুগুণতকৈও অধিক।

আনহাতে ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ই প্রকাশ কৰা প্রতিবেদনৰ ভিত্তিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গৱেষণামূলক গোটে ‘ইকৰেপ’ শীর্ষক আন এক প্রতিবেদন চলিত সপ্তাহত প্রকাশ কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৯.৫ শতাংশই হৈছে চৰকাৰী ঋণ। সেই অনুসৰি ২০২০-২১ বিত্তীয় বর্ষৰ হিচাপত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে ৭৯,৭৫৫ কোটি টকা।

লক্ষণীয় বিষয় যে ক’ভিড পৰিস্থিতিয়ে চৰকাৰতকৈ সর্বসাধাৰণ ৰাইজক আৰু অধিক ঋণগ্রস্ত কৰিব বুলি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গৱেষণামূলক গোটটোৱে ইংগিত প্রদান কৰিছে। সামগ্রিকভাৱে ভাৰতৰ সাধাৰণ ৰাইজৰ ঋণৰ পৰিমাণ ২০১৯-২০ চনৰ ৩২.৫ শতাংশৰ পৰা ২০২০-২১ চনত ৩৭.৩ শতাংশ বৃদ্ধি পোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে। এইক্ষেত্রত এক চৰকাৰী পৰিসংখ্যাও দাঙি ধৰা হৈছে। পৰিসংখ্যাত কোৱা হৈছে যে ২০২০-২১ বিত্তীয় বর্ষত ভাৰতৰ পৰিয়ালকেন্দ্রিক ঋণৰ পৰিমাণ আছিল ৭৩.৫৯ লাখ কোটি টকা। চলিত ২০২১-২২ বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিক পৰিসংখ্যাত দেখা গ’ল ভাৰতৰ পৰিয়ালকেন্দ্রিক ঋণৰ পৰিমাণ বৃদ্ধি পালে ৭৫ লাখ কোটি টকালৈ। অর্থাৎ মাত্র তিনি মাহৰ ভিতৰত ১.৪১ লাখ কোটি ঋণৰ বোজা বৃদ্ধি পালে দেশৰ জনতাৰ।

আনহাতে ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ৰ প্রতিবেদন অনুসৰি ২০১২ চনত সামগ্রিকভাৱে ভাৰতৰ গ্রামাঞ্চল আৰু চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল ক্রমে ৫৯,৭৪৮ আৰু ১.২০ লাখ টকা। সেইদৰে ‘ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেণ্ট ছার্ভে’ত প্রকৃত ঋণগ্রস্ত পৰিয়ালৰো সুকীয়া এটা পৰিসংখ্যা দাঙি ধৰা হৈছে। ২০১৮ চনৰ হিচাপত অসমৰ ঋণগ্রস্ত পৰিয়ালৰ গড় ঋণৰ পৰিমাণ হৈছে ৮৫,০০০ টকা। উদ্বেগৰ বিষয়টো হৈছে যে অসমৰ ৰাইজে লোৱা মুঠ ঋণৰ ১২ শতাংশই হৈছে অপ্রতিষ্ঠানিক ঋণ। অর্থাৎ বেংক প্রদত্ত সুদৰ কেইবাগুণ বেছি সুদ প্রদানেৰে ব্যক্তিগত খণ্ডৰ পৰাই ৰাইজে এক ব্যাপক পৰিমাণৰ ঋণ লৈছে। যাৰ সুদূৰপ্রসাৰী বিৰূপ প্রভাৱ পৰাৰ আশংকা আছে।

অসম

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ড্ৰাগ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ কাছাৰ জিলাত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰি আছে আৰক্ষীয়ে।

২১ অক্টোবৰত ৩ কোটি ১ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল কাছাৰ আৰক্ষী। সেই ঘটনাৰ পিছত যোৱানিশা পুনৰ জিলাখনত ১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

কাছাৰ জিলাৰ সেই একে স্থান জিৰিঘাটতে এইবাৰো জব্দ হয় এক কোটি টকাৰ ড্ৰাগছৰ লগতে নিচা জাতীয় টেবলেট৷ আৰক্ষীৰ অভিযানত জব্দ হয় ২০ হাজাৰ ইয়াভা টেবলেট সহ ১২৭ গ্ৰাম হেৰ’ইন ৷

লগতে আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী মহিলা ৷ ধৃত মহিলা গৰাকীৰ নাম নুচৰানা বেগম ৷ ঘৰ কাছাৰ জিলাৰ চিংগিৰবন্দত ৷

গোপন সূত্ৰৰ ভিত্তিত জিৰিঘাট আৰক্ষীয়ে এক অভিযান চলাই ধৃত মহিলা গৰাকীৰ পৰা প্ৰায় এই সামগ্ৰী খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ যাৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ধৃত মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Continue Reading

অসম

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

সুৰা

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা মূৰ দাঙি উঠিব পৰা নাই। ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত ৰাজহ সংগ্ৰহৰ হাৰ সন্তোষজনক নহয়। ক’ভিড পৰিস্থিতি, লকডাউন আদি বিভিন্ন কাৰণত ৰাজহ সংগ্ৰহৰ হাৰ উদ্বেগজনকভাৱে হ্রাস পাইছে। ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে ইটোৰ পাছত সিটো প্রতিষ্ঠানৰ পৰা ঋণ ল’বলগীয়া হৈছে। আনকি মুকলি বজাৰৰ পৰাও অধিক সূদত ৰাজ্য চৰকাৰে ঋণ লৈছে।

কিন্তু ইয়াৰ মাজতে এটা সুখবৰ যে ৰাজ্যত আবকাৰী ৰাজহ বাঢ়িছে। ক’ভিড পৰিস্থিতিৰ অৰ্থ সংকট আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে পূজাৰ বতৰত এক অভিলেখসংখ্যক আবকাৰী ৰাজহ সংগ্রহ হৈছে। এই ৰাজহ সংগ্ৰহত সুৰাপায়ীসকলে এক ডাঙৰ অৰিহণা যােগাইছে ! কাৰণ মাথো অক্টোবৰৰ প্ৰথম বিশ দিনতে ৰাজ্যত সুৰাৰ পৰা ১০০ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। পূজাৰ পাঁচদিনত ৰাজ্যত ১২০ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে গুৱাহাটীতেই প্রায় ৬০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। বৰ্ত্তমান পৰিস্থিতিত এই সংখ্যাক নিশ্চয় এক অভিলেখ বুলিয়েই ক’ব পাৰি।

লক্ষণীয় বিষয় যে এইবাৰ পূজাৰ কাপােৰ আদিৰ বজাৰ যথেষ্ট ঠাণ্ডা আছিল। কিন্তু ইয়াৰ পাছতাে সুৰাৰ বজাৰখন গৰম হােৱাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। চৰকাৰী সূত্রই জনােৱা মতে পূজাৰ সময়ত ৰাজ্যত বিক্ৰী হােৱা ৩৫০ কোটি টকাৰ সুৰাৰ পৰা প্রায় ১৭৫ কোটি টকাৰ ৰাজহ পােনে পােন ৰাজ্যৰ ৰাজকোষলৈ আহিছে। কিয়নাে সুৰাৰ ওপৰত ৫০ শতাংশতকৈ অধিক বিক্ৰীকৰ, উপকৰ আৰু উৎপাদন শুল্ক বলৱং হৈ আছে। তেনেস্থলত সুৰাৰ যোগেদি চৰকাৰে এক ভাল অংকৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে।

Continue Reading

অসম

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

উপ নির্বাচন

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ ৩১ গৰাকী প্ৰাৰ্থী এই উপনিৰ্বাচনত অবতীৰ্ণ হৈছে।

পাঁচটা সমষ্টিৰ এই উপনির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে তেওঁলােকৰ ভােটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ আৰু ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ইয়াৰ উপৰি ৩,১৬৫ গৰাকী ছাৰ্ভিছ ভােটাৰ আছে।

আনহাতে ভােট গ্রহণ হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত ২,১৭,৪৩২ গৰাকী ভােটদাতাৰে তামুলপুৰ সমষ্টিত আটাইতকৈ অধিক ভােটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১ গৰাকী ভােটদাতা আছে। চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যােৱাবৰ্ষৰ ১৮ নৱেম্বৰপৰা আৰম্ভ হােৱা বিশেষ সংক্ষিপ্ত সংশােধনীৰ যােগে ৮ অক্টোবৰলৈ এইবাৰৰ ভােটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯ গৰাকী ভােটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে এই উপ নির্বাচনত ৮,৮৬৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভােটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব।

এই নির্বাচনত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ভােটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলােৰে প্রতি আহ্বান জনাইছে। আজি তেওঁ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ পৰিস্থিতিৰ বুজ লয়।

Continue Reading

আপডেট খবর

ড্ৰাগ ড্ৰাগ
অসম1 hour ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব24 hours ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম24 hours ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম24 hours ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

হত্যাকাণ্ড হত্যাকাণ্ড
গুৱাহাটী1 day ago

গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ...

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী5 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

Trending