Connect with us

উত্তৰ-পূব

গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ

ফাৰ্ডিনন্দ লিংডো

গুৱাহাটী,৪ অক্টোবৰঃ এক শোকাবহ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মেঘালয়ত। ৰাজ্যখনৰ উমছামলেম গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা তুৰাৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক ফাৰ্ডিনন্দ বি লিংডো (Ferdinand Banshan Lyngdoh)। শনিবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনাটো।

নিহত ফাৰ্ডিনন্দ লিংডো মেঘালয়ৰ কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ই কে মাওলঙৰ পুত্ৰ। জানিব পৰা মতে তেওঁ শ্বিলঙলৈ আহি থকাৰ সময়তে ৰিভয় জিলাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। দীঘলীয়া যাত্ৰা কৰি ভাগৰ লগাত পথৰ কাষত গাড়ীখন ৰখাই তেওঁ জিৰণী লৈছিল।

সেই সময়তে গাড়ীখনত কিবা বিজুতি ঘটি জুইৰ সূত্ৰপাত হয় আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে গাড়ীখন। জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত। ঘটনাস্থলীতে তেওঁ প্ৰাণ হেৰুৱাই। এই ঘটনাত ৰাজ্যখনত শোকৰ ছাঁ পৰিছে।  ঘটনাৰ পিছতে ড০ মুকুল ছাংমাসহ কেইবাগৰাকী কংগ্ৰেছ নেতাই নিহত লিংডোৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্রী কনৰাড চাংমায়ো তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

উত্তৰ-পূব

নগা শান্তি আলোচনাৰ ক্ষেত্রত অব্যাহত আছে জটিলতা

নগা শান্তি আলোচনা

গুৱাহাটী,১৭ অক্টোবৰঃ চৰকাৰৰ সৈতে শান্তি আলোচনাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি এন এছ চি এনে(আই এম) পৃথক নগা জাতীয় পতাকা আৰু সংবিধানৰ দাবীত অটল হৈ থকাৰ কথা স্পষ্ট কৰি দিছে। প্ৰায় দুবছৰৰ ব্যৱধানৰ পাচত দশক পুৰণি নগা ৰাজনৈতিক সমস্যাৰ সমাধান বিচাৰি পুনৰ আলোচনা আৰম্ভ কৰা এন এছ চি এনে (আই এম) এক বিবৃতিত কয় যে নগা জনসাধাৰণৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ উলংঘা কৰা এই সমস্যা ভাৰতৰ বিদ্বেষপূৰ্ণ আনন্দত নিহিত হৈ আছে ৷

ইফালে শুকুৰবাৰে নতুন দিল্লীত এন এছ চি এন (আই এম)ৰ বিৰোধী সাতটা সংগঠনৰ সন্মিলিত মৰ্চা এন এন পি জিৰ কাৰ্যবাহী কমিটিৰ সদস্যসকলৰ সৈতে নগা আলোচনাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিনিধি এ কে মিশ্ৰ এক বৈঠকত মিলিত হৈছিল। দুয়োপক্ষই নিৰ্ধাৰিত লক্ষ্যৰ প্ৰতি দুয়োপক্ষই যথেষ্ট স্থিৰতা আৰু প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছিল আৰু সমগ্ৰ আলোচনা প্ৰক্ৰিয়া যথেষ্ট সৌহাদ্যপূৰ্ণ আছিল। অৱশ্যে এন এছ চি এন (আই এম) নিজৰ পূৰ্বৰ স্থিতিত অটল হৈ আছে।

এন এন পি জি আৰু চৰকাৰৰ মধ্যস্থতাকাৰীৰ মাজত হোৱা আলোচনাৰ প্ৰসংগত এন এছ চি এনে (আই এম) বিবৃত্তি যোগে কয়-‘ যেতিয়া বিষয়টো চম্ভালা অতি কঠিন হৈ পৰে, তেতিয়া নগা ৰাজনৈতিক সমাধান বিচাৰি উলিওৱাৰ নামত ভাৰত চৰকাৰে বিভাজনমূলক নীতি আৰু তোষামোদ কৰিবলৈ আৰম্ভ কৰে। নগা পতাকাক লৈ কোনো ধৰণৰ ব্যৱসায় তথা দৰদাম কেতিয়াও হ’ব নোৱাৰে।’

উল্লেখ্য যে এন এছ চি এনে (আই এম) ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰৰ সৈতে এক ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰিছিল যদিও এতিয়াও চূড়ান্ত চুক্তিত উপনীত হোৱা নাই ৷ নাগালেণ্ডত সক্ৰিয় উগ্ৰপন্থী গোটসমূহৰ ভিতৰত সৰ্ববৃহৎ এন এছ চি এন-আইএমে ১৯৯৭ চনত চৰকাৰৰ সৈতে শান্তি আলোচনাত যোগদান কৰিছিল। ২০১৯ চনত কেন্দ্ৰৰ মধ্যস্থতাকাৰী ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ সময়ত নগা সকলৰ প্ৰশ্নৰ সমাধানৰ আশা উজ্জ্বল হৈ উঠিছিল যদিও পাচত ৰবিয়ে এন এছ চি এন-আই এমৰ বিৰুদ্ধে এক ব্যাপক চুক্তি বিলম্বিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’লৈ এখন পত্ৰ লিখি সংগঠনটোক “সশস্ত্ৰ দল” বুলি অভিহিত কৰাৰ লগে লগে বিষয়টোৱে এক অন্য ৰূপ লয়। চলিত বৰ্ষৰ ছেপ্টেম্বৰত ৰবিক অপসাৰণ কৰা হৈছিল আৰু মিশ্ৰক শান্তি আলোচনা আগবঢ়োৱাৰ বাবে কেন্দ্ৰৰ মধ্যস্থতাকাৰী হিচাপে নিযুক্ত কৰা হৈছিল।

Continue Reading

উত্তৰ-পূব

শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰাৰ প্ৰসংগকলৈ প্ৰতিক্ৰিয়া

পাঞ্জাৱী লেন

গুৱাহাটী,১৩ অক্টোবৰঃ শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰা হ’ব। মেঘালয় কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাঞ্জাৱী লেন সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত পাঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী চৌখচিন্দৰ সিং ৰান্ধাৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়-‘ এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পাতিব। হাৰিয়ানাতো এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলিত শিখ পৰিয়াল সকলক মাওলেন অঞ্চলত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে।’

ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে উচ্চ পৰ্যায়ৰ এখন কমিটিয়ে নগৰ পৰিক্ৰমা বিভাগক এই পৰামৰ্শ দিছে যে পাঞ্জাৱী লেনৰ পৰা অন্য এক উপযুক্ত স্থানলৈ শিখ সকলক স্থানান্তৰিত কৰিব লাগে আৰু এই সন্দৰ্ভত কেবিনেটে অনুমোদন জনাইছে। পাঞ্জাৱী লেনত তেনেকুৱা ৫০ৰো অধিক শিখ পৰিয়াল বাস কৰি আহিছে। তেওঁলোকৰ দাবী যে ১৮৬৩ চনৰ পৰাই তেওঁলোকে এই স্থানত বাস কৰি আছে আৰু তেওঁলোক তাৰ পৰা উচ্ছেদ কৰাটো কোনো কাৰনতে নীতিগত হ’ব নোৱাৰে।

Continue Reading

উত্তৰ-পূব

মণিপুৰত সেনাৰে হোৱা সংঘৰ্ষত চাৰি কুকি বিদ্ৰোহী নিহত

কুকি বিদ্ৰোহী

গুৱাহাটী,১১ অক্টোবৰঃ মণিপুৰৰ ইণ্ডো ম্যানমাৰ সীমান্তত সেনাৰে হোৱা সংঘৰ্ষত কুকি বিদ্ৰোহী সংগঠন কুকি নেচলচন লিবাৰেচন আৰ্মিৰ ৪ গৰাকী দুৰ্ধষ কেডাৰ নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কাংপকি জিলাৰ হিংগজান গাঁৱৰ সমীপত কুকি বিদ্ৰোহী কে এন এল এ ১২ জনীয়া এটা দলে অঞ্চলটো আশ্ৰয় লৈ থকা বুলি বিশেষ খবৰ লাভ কৰাৰ পিছতে শনিবাৰে আছাম ৰাইফলছ আৰু সেনাই বিদ্ৰোহীৰ বিৰুদ্ধে বৃহৎ যৌথ অভিযান আৰম্ভ কৰে। ঘন অৰণ্যত ওৰে নিশা চলা অভিযানৰ পিছত দেওবাৰে পুৱা নিৰাপত্তা বাহিনীৰ সৈতে কুকি বিদ্ৰোহীৰ ভয়ংকৰ সংৰ্ঘত হয়।

কেইবাঘণ্টা ধৰি চলা এই সংৰ্ঘষত সেনাৰ গুলীবৰ্ষণত ৪ গৰাকী কে এন এল এফৰ কেডাৰ নিহত হয়। বিদ্ৰোহীৰ সৈতে সেনাৰ তুমুল সংঘৰ্ষ বৰ্তমানেও অব্যাহত আছে বুলি জানিব পৰা গৈছে । সেনাই ঘটনাস্থলিৰ পৰা কেইবাটাও এ কে চিৰিজৰ ৰাইফল উদ্ধাৰ কৰিছে। নিৰাপত্তা বাহিনীয়ে সদৰী কৰামতে এই সংঘৰ্ষত অধিক বিদ্ৰোহী হতাহত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে এই অভিযানত সেনাৰ কোনো জোৱান হতাহত হোৱা নাই । ইফালে বিদ্ৰোহী সৈতে হোৱা এই সংঘৰ্ষৰ পিছত মণিপুৰৰ আৰক্ষী দল ঘটনাস্থলি উপস্থিত হৈছে ।

Continue Reading

আপডেট খবর

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী2 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

পেঞ্চন পেঞ্চন
অসম2 days ago

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত...

কংগ্ৰেছ-বি পি এফ কংগ্ৰেছ-বি পি এফ
অসম2 days ago

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা...

আই এছ আই আই এছ আই
অসম2 days ago

ৰাজ্যত আই এছ আই আৰু অল কায়দাৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

গুৱাহাটী,১৮ অক্টোবৰঃ এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা...

ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড
ভাৰত2 days ago

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত...

কাতি বিহু কাতি বিহু
অসম2 days ago

ৰাজ্যজুৰি কাতি বিহুৰ ব্যস্ততা

গুৱাহ‍‍াটী,১৮ অক্টোবৰঃ আজি কাতি বিহু। বিহুৰ এই সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কৰ’না সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি...

Trending