Connect with us

বিশ্ব

সীমান্তত তালিবানে মোতায়েন কৰিব আত্মঘাতী বোমাৰু

Afganistan

গুৱাহাটী,অক্টোবৰঃ আফগানিস্তানৰ নতুন শাসক তালিবানে সীমান্তত মোতায়েন কৰিব আত্মঘাতী বোমাৰুৰ বিশেষ বাহিনী৷ দেশখনৰ বাডাখস্তান প্রদেশৰ উপ-ৰাজ্যপাল মোল্লা নিছাৰ আহমেদ আহমোদীয়ে প্রকাশ কৰা মতে তাজিকিস্তান আৰু চীন সীমান্তত আত্মঘাতী বোমাৰুৰে গঠিত বিশেষ বেটেলিয়ন মোতায়েন কৰা হ’ব৷

তালিবানৰ এই আত্মঘাতী বোমাৰু বাহিনীটোৰ নাম ৰখা হৈছে লস্কৰ-ই-মনছুৰি (মনছুৰ আর্মী)। দেশখনৰ সীমান্তত এই আত্মঘাতী বোমাৰুৰ বাহিনীটো মোতায়েন কৰা হ’ব৷ লক্ষণীয় যে পূর্বৰ আফগান চৰকাৰৰ সশস্ত্র বাহিনীৰ ওপৰত আক্রমণ চলাবলৈ তালিবানে যি ধৰণৰ আত্মঘাতী বোমাৰুৰ গোট গঠন কৰিছিল, ঠিক তেনেধৰণৰ আত্মঘাতী বোমাৰুৰ দ্বাৰাই নতুন সশস্ত্র বাহিনীটো গঠন কৰা হ’ব৷

আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনা প্রত্যাহাৰ কৰা হৈছে যদিও দেশখনৰ সেনাক পৰাজিত কৰা সম্ভৱ নহ’ব, যদিহে এনেধৰণৰ আত্মঘাতী বোমাৰুৰ বেটেলিয়ন গঠন কৰা নহয়৷ আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্রৰ শিবিৰসমূহত থকা বিস্ফোৰক তথা বোমাসমূহ নিষ্ক্রিয় কৰিবলৈ এই আত্মঘাতী বোমাৰু বেটেলিয়নৰ প্রয়োজন হ’ব বুলি আহমোদীয়ে প্রকাশ কৰিছে। মন কৰিবলগীয়া যে আল্লাৰ নামত উৎসর্গিত সাহসী যুৱকৰ দ্বাৰা এই আত্মঘাতী বোমাৰুৰ বেটেলিয়নটো গঠনৰ প্রস্তুতি চলি আছে৷ তালিবানৰ সবাতোকৈ শক্তিশালী বদ্রি ৩১৩ বেটেলিয়নৰ দৰেই হ’ব সীমান্তত মোতায়েন কৰা বাহিনীটো৷

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published.

বিশ্ব

টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে।

আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে। জেক ডাৰ্চিয়ে কৈছে যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ।

এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়। উল্লেখ্য যে পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ’ৰ দায়িত্ব ল’ব। কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে।

আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ’ হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিল সেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে।

Continue Reading

বিশ্ব

আমেৰিকাক অতিক্ৰমি শীৰ্ষস্থানত চীন

শীৰ্ষস্থানত চীন

গুৱাহাটী,১৭ নবেম্বৰঃ মহাশক্তিশালী আমেৰিকাক পিছ পেলাই পৃথিৱীৰ সকলোতকৈ সম্পদশালী ধনাঢ়্য দেশ হিচাপে পৰিগণিত হৈছে এছিয়াৰ ছুপাৰ পাৱাৰ চীন। মাত্র দুটা দশকৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি শীর্ষত অৱস্থান কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনে।

ৱর্ল্ড ট্রেড অর্গেনাইজেচনৰ এক সমীক্ষা মতে ২০০০ চনত কেৱল ৭ ত্রিলিয়ন ডলাৰৰ সম্পদ থকা চীনে ২০২১ত ১২০ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে ২০০০ চনত বিশ্বৰ মুঠ সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিলিয়ন আৰু এতিয়া এই পৰিমাণ ত্রিগুণতকৈ বেছি বৃদ্ধি হৈ ৫১৪ ত্রিলিয়ন ডলাৰ হৈছেগৈ।

আমেৰিকাৰ মুঠ সম্পদৰ পৰিমাণ এই সময়ছোৱাত দ্বিগুণ বৃদ্ধি হৈছে যদিও চীনতকৈ বহু পিছপৰি ৰৈছে। আমেৰিকাৰ সম্পদৰ পৰিমাণ হ’ল ৯০ ত্রিলিয়ন৷ প্রকাশ পোৱা তথ্য মতে চীনে যোৱা দুটা দশকত বিশ্বজুৰি ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ ফলতেই প্রভুত সম্পদৰ অধিকাৰী হৈছে আৰু শক্তিশালী আমেৰিকাক স্থানচ্যুত কৰি শীর্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷

Continue Reading

বিশ্ব

ছিংগাপুৰৰ চিৰিয়াখানাত চাৰিটা সিংহৰ দেহত ক’ভিডৰ উপস্থিতি

সিংহ

গুৱাহাটী,১১ নবেম্বৰঃ ছিংগাপুৰৰ এখন চিৰিয়াখানৰ চাৰিটা সিংহৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। চিৰিয়াখানাখনৰ ক’ভিড সংক্ৰমিত কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পাছতে সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি ধাৰণা কৰা হৈছে। ছিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত থকা সিংহ চাৰিটাৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে।

সিংহ চাৰিটাৰ শৰীৰত কাঁহ আৰু চৰ্দিৰ নিচিনা ক’ভিডৰ প্ৰাথমিক লক্ষণ ধৰা পৰাৰ পাছতে পি চি আৰ পৰীক্ষা কৰা হয় আৰু উক্ত পৰীক্ষাত সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি নিশ্চিত হয়। চিৰিয়াখনৰ কৰ্মচাৰীয়ে উল্লেখ কৰা অনুসৰি সিংহ চাৰিটা ক’ভিড প’জিটিভ হ’লেও এতিয়াও ভালদৰে খোৱা-লোৱা কৰি আছে। চিৰিয়াখানা কৰ্তৃপক্ষই সিংহ চাৰিটাৰ স্বাস্থ্যৰ ওপৰত অহৰ্নিশে নজৰ ৰখা বুলিও উল্লেখ কৰে।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব6 months ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম6 months ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম6 months ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম6 months ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম6 months ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী6 months ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending