Uncategorized
উপ-নিৰ্বাচনৰ দুটা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

গুৱাহাটী,৫ অক্টোবৰঃ আজি বিয়লি পুনৰ দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে কংগ্ৰেছে। সেই অনুসৰি কংগ্ৰেছে মৰিয়নিত লোহিত কোঁৱৰ আৰু ভৱানীপুৰত শৈলেন্দ্ৰ নাথ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মাজুলীক বাদ দি ৩০ অক্টোবৰত ৫ টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে আজি পুৱাৰ ভাগত কংগ্ৰেছ তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল। সেই অনুসৰি গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বিয়লি পুনৰ দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে। কংগ্ৰেছে পাঁচটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আজি পাঁচটা সমষ্টিৰে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে।
উল্লেখ যে কংগ্ৰেছে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক আৰু ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ কথা ঘোষণা কৰিছিল। মাজুলীত অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিব যদিও ৰাইজৰ দলে ভৱানীপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰি দিছিল। যাৰবাবে ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ নিজৰ প্ৰাৰ্থী দিয়ে। ৰাইজৰ দলে ইতিমধ্যেই থাওৰা আৰু মৰিয়নিত নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
বিশ্ব
টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে।
আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে। জেক ডাৰ্চিয়ে কৈছে যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ।
এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়। উল্লেখ্য যে পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ’ৰ দায়িত্ব ল’ব। কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে।
আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ’ হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিল সেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে।
Uncategorized
অন্ধ্ৰপ্ৰদেশত বানৰ তাণ্ডৱ : ১৭ জন লোকৰ মৃত্যু

গুৱাহাটী,২০ নবেম্বৰঃ অন্ধ্ৰপ্ৰদেশত শুকুৰবাৰে ৰায়লসীমাৰ তিনিখন জিলাত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ পাছতে এতিয়া এই অঞ্চল কেইটাত বানে চলাইছে তাণ্ডৱ।
এই বানত বৰ্তমানলৈ ১৭জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে বানত প্ৰায় ১০০ জন লোক নিৰুদ্দেশ হৈ আছে।
আনহাতে তিৰুপতি হিলছৰ পথত আৱদ্ধ হৈ পৰিছে বহু সংখ্যক যাত্ৰী। এই ধাৰাসাৰ বৃষ্টিপাতৰ ফলত স্বৰ্ণমুখী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে এই বানৰ সৃষ্টি হয়। বায়ুসেনা, এছ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বৰ্তমান অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। শনিবাৰে বান প্ৰভাৱাম্বিত এলেকাসমূহ আকাশমাৰ্গেৰে পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে।
বিশ্ব
আমেৰিকাক অতিক্ৰমি শীৰ্ষস্থানত চীন

গুৱাহাটী,১৭ নবেম্বৰঃ মহাশক্তিশালী আমেৰিকাক পিছ পেলাই পৃথিৱীৰ সকলোতকৈ সম্পদশালী ধনাঢ়্য দেশ হিচাপে পৰিগণিত হৈছে এছিয়াৰ ছুপাৰ পাৱাৰ চীন। মাত্র দুটা দশকৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি শীর্ষত অৱস্থান কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনে।
ৱর্ল্ড ট্রেড অর্গেনাইজেচনৰ এক সমীক্ষা মতে ২০০০ চনত কেৱল ৭ ত্রিলিয়ন ডলাৰৰ সম্পদ থকা চীনে ২০২১ত ১২০ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে ২০০০ চনত বিশ্বৰ মুঠ সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিলিয়ন আৰু এতিয়া এই পৰিমাণ ত্রিগুণতকৈ বেছি বৃদ্ধি হৈ ৫১৪ ত্রিলিয়ন ডলাৰ হৈছেগৈ।
আমেৰিকাৰ মুঠ সম্পদৰ পৰিমাণ এই সময়ছোৱাত দ্বিগুণ বৃদ্ধি হৈছে যদিও চীনতকৈ বহু পিছপৰি ৰৈছে। আমেৰিকাৰ সম্পদৰ পৰিমাণ হ’ল ৯০ ত্রিলিয়ন৷ প্রকাশ পোৱা তথ্য মতে চীনে যোৱা দুটা দশকত বিশ্বজুৰি ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ ফলতেই প্রভুত সম্পদৰ অধিকাৰী হৈছে আৰু শক্তিশালী আমেৰিকাক স্থানচ্যুত কৰি শীর্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত