Connect with us

উত্তৰ-পূব

অসম-মেঘালয় সীমা সমস্যাৰ সমাধানৰ বাবে চৰকাৰী পৰ্যায়ত বৈঠক

সীমান্ত

গুৱাহাটী,৫ অক্টোবৰঃ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সীমা সমস্যা সমাধান সমিতিৰ অধ‍্যক্ষ পীযুষ হাজৰিকাই কাষৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁক সংগ দিয়ে অসম চৰকাৰৰ  তৰফৰ পৰা বিধায়কদ্বয় অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

কামৰূপ মেট্ৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙো উপস্থিত থকা বৈঠকত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান সমিতিৰ সদস্যসকলে ৯ অক্টোবৰত পিলিংকটা, বৰপথাৰ, গণেশ নগৰ আৰু ২ নং খানাপাৰা আদি সীমামূৰীয়া অঞ্চল পৰ্যবেক্ষণ কৰি এক চৰজমিন তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ পাছত মন্ত্ৰী পীযুষ হাজৰিকাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক তেখেতৰ কাৰ্যালয়ত এক সৌজন্যমূলক সাক্ষাৎ কৰে ।

এই সাক্ষাতকালত মন্ত্ৰীজনে দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঐতিহাসিক পদক্ষেপৰ বাবে দুয়োগৰাকী নেতাকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে ৰাজ্যদুখনৰ সীমা বিবাদে অতি সোনকালেই এক স্থায়ী সমাধান লাভ কৰিব ।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

উত্তৰ-পূব

নগা শান্তি আলোচনাৰ ক্ষেত্রত অব্যাহত আছে জটিলতা

নগা শান্তি আলোচনা

গুৱাহাটী,১৭ অক্টোবৰঃ চৰকাৰৰ সৈতে শান্তি আলোচনাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি এন এছ চি এনে(আই এম) পৃথক নগা জাতীয় পতাকা আৰু সংবিধানৰ দাবীত অটল হৈ থকাৰ কথা স্পষ্ট কৰি দিছে। প্ৰায় দুবছৰৰ ব্যৱধানৰ পাচত দশক পুৰণি নগা ৰাজনৈতিক সমস্যাৰ সমাধান বিচাৰি পুনৰ আলোচনা আৰম্ভ কৰা এন এছ চি এনে (আই এম) এক বিবৃতিত কয় যে নগা জনসাধাৰণৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ উলংঘা কৰা এই সমস্যা ভাৰতৰ বিদ্বেষপূৰ্ণ আনন্দত নিহিত হৈ আছে ৷

ইফালে শুকুৰবাৰে নতুন দিল্লীত এন এছ চি এন (আই এম)ৰ বিৰোধী সাতটা সংগঠনৰ সন্মিলিত মৰ্চা এন এন পি জিৰ কাৰ্যবাহী কমিটিৰ সদস্যসকলৰ সৈতে নগা আলোচনাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিনিধি এ কে মিশ্ৰ এক বৈঠকত মিলিত হৈছিল। দুয়োপক্ষই নিৰ্ধাৰিত লক্ষ্যৰ প্ৰতি দুয়োপক্ষই যথেষ্ট স্থিৰতা আৰু প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছিল আৰু সমগ্ৰ আলোচনা প্ৰক্ৰিয়া যথেষ্ট সৌহাদ্যপূৰ্ণ আছিল। অৱশ্যে এন এছ চি এন (আই এম) নিজৰ পূৰ্বৰ স্থিতিত অটল হৈ আছে।

এন এন পি জি আৰু চৰকাৰৰ মধ্যস্থতাকাৰীৰ মাজত হোৱা আলোচনাৰ প্ৰসংগত এন এছ চি এনে (আই এম) বিবৃত্তি যোগে কয়-‘ যেতিয়া বিষয়টো চম্ভালা অতি কঠিন হৈ পৰে, তেতিয়া নগা ৰাজনৈতিক সমাধান বিচাৰি উলিওৱাৰ নামত ভাৰত চৰকাৰে বিভাজনমূলক নীতি আৰু তোষামোদ কৰিবলৈ আৰম্ভ কৰে। নগা পতাকাক লৈ কোনো ধৰণৰ ব্যৱসায় তথা দৰদাম কেতিয়াও হ’ব নোৱাৰে।’

উল্লেখ্য যে এন এছ চি এনে (আই এম) ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰৰ সৈতে এক ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰিছিল যদিও এতিয়াও চূড়ান্ত চুক্তিত উপনীত হোৱা নাই ৷ নাগালেণ্ডত সক্ৰিয় উগ্ৰপন্থী গোটসমূহৰ ভিতৰত সৰ্ববৃহৎ এন এছ চি এন-আইএমে ১৯৯৭ চনত চৰকাৰৰ সৈতে শান্তি আলোচনাত যোগদান কৰিছিল। ২০১৯ চনত কেন্দ্ৰৰ মধ্যস্থতাকাৰী ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ সময়ত নগা সকলৰ প্ৰশ্নৰ সমাধানৰ আশা উজ্জ্বল হৈ উঠিছিল যদিও পাচত ৰবিয়ে এন এছ চি এন-আই এমৰ বিৰুদ্ধে এক ব্যাপক চুক্তি বিলম্বিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’লৈ এখন পত্ৰ লিখি সংগঠনটোক “সশস্ত্ৰ দল” বুলি অভিহিত কৰাৰ লগে লগে বিষয়টোৱে এক অন্য ৰূপ লয়। চলিত বৰ্ষৰ ছেপ্টেম্বৰত ৰবিক অপসাৰণ কৰা হৈছিল আৰু মিশ্ৰক শান্তি আলোচনা আগবঢ়োৱাৰ বাবে কেন্দ্ৰৰ মধ্যস্থতাকাৰী হিচাপে নিযুক্ত কৰা হৈছিল।

Continue Reading

উত্তৰ-পূব

শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰাৰ প্ৰসংগকলৈ প্ৰতিক্ৰিয়া

পাঞ্জাৱী লেন

গুৱাহাটী,১৩ অক্টোবৰঃ শ্বিলঙৰ পাঞ্জাৱী লেনৰ পৰা শিখ সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰা হ’ব। মেঘালয় কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাঞ্জাৱী লেন সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত পাঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী চৌখচিন্দৰ সিং ৰান্ধাৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়-‘ এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পাতিব। হাৰিয়ানাতো এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলিত শিখ পৰিয়াল সকলক মাওলেন অঞ্চলত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে।’

ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে উচ্চ পৰ্যায়ৰ এখন কমিটিয়ে নগৰ পৰিক্ৰমা বিভাগক এই পৰামৰ্শ দিছে যে পাঞ্জাৱী লেনৰ পৰা অন্য এক উপযুক্ত স্থানলৈ শিখ সকলক স্থানান্তৰিত কৰিব লাগে আৰু এই সন্দৰ্ভত কেবিনেটে অনুমোদন জনাইছে। পাঞ্জাৱী লেনত তেনেকুৱা ৫০ৰো অধিক শিখ পৰিয়াল বাস কৰি আহিছে। তেওঁলোকৰ দাবী যে ১৮৬৩ চনৰ পৰাই তেওঁলোকে এই স্থানত বাস কৰি আছে আৰু তেওঁলোক তাৰ পৰা উচ্ছেদ কৰাটো কোনো কাৰনতে নীতিগত হ’ব নোৱাৰে।

Continue Reading

উত্তৰ-পূব

মণিপুৰত সেনাৰে হোৱা সংঘৰ্ষত চাৰি কুকি বিদ্ৰোহী নিহত

কুকি বিদ্ৰোহী

গুৱাহাটী,১১ অক্টোবৰঃ মণিপুৰৰ ইণ্ডো ম্যানমাৰ সীমান্তত সেনাৰে হোৱা সংঘৰ্ষত কুকি বিদ্ৰোহী সংগঠন কুকি নেচলচন লিবাৰেচন আৰ্মিৰ ৪ গৰাকী দুৰ্ধষ কেডাৰ নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কাংপকি জিলাৰ হিংগজান গাঁৱৰ সমীপত কুকি বিদ্ৰোহী কে এন এল এ ১২ জনীয়া এটা দলে অঞ্চলটো আশ্ৰয় লৈ থকা বুলি বিশেষ খবৰ লাভ কৰাৰ পিছতে শনিবাৰে আছাম ৰাইফলছ আৰু সেনাই বিদ্ৰোহীৰ বিৰুদ্ধে বৃহৎ যৌথ অভিযান আৰম্ভ কৰে। ঘন অৰণ্যত ওৰে নিশা চলা অভিযানৰ পিছত দেওবাৰে পুৱা নিৰাপত্তা বাহিনীৰ সৈতে কুকি বিদ্ৰোহীৰ ভয়ংকৰ সংৰ্ঘত হয়।

কেইবাঘণ্টা ধৰি চলা এই সংৰ্ঘষত সেনাৰ গুলীবৰ্ষণত ৪ গৰাকী কে এন এল এফৰ কেডাৰ নিহত হয়। বিদ্ৰোহীৰ সৈতে সেনাৰ তুমুল সংঘৰ্ষ বৰ্তমানেও অব্যাহত আছে বুলি জানিব পৰা গৈছে । সেনাই ঘটনাস্থলিৰ পৰা কেইবাটাও এ কে চিৰিজৰ ৰাইফল উদ্ধাৰ কৰিছে। নিৰাপত্তা বাহিনীয়ে সদৰী কৰামতে এই সংঘৰ্ষত অধিক বিদ্ৰোহী হতাহত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে এই অভিযানত সেনাৰ কোনো জোৱান হতাহত হোৱা নাই । ইফালে বিদ্ৰোহী সৈতে হোৱা এই সংঘৰ্ষৰ পিছত মণিপুৰৰ আৰক্ষী দল ঘটনাস্থলি উপস্থিত হৈছে ।

Continue Reading

আপডেট খবর

অভিযোগ কংগ্ৰেছৰ অভিযোগ কংগ্ৰেছৰ
অসম1 day ago

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী,২৩ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ...

মাতৃত্ব মাতৃত্ব
ভাৰত1 day ago

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০...

ড্ৰাগ ড্ৰাগ
অসম1 day ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব2 days ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম2 days ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম2 days ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

Trending