Connect with us

অসম

প্ৰিয়ংকা গান্ধীক আটক কৰাৰ ঘটনাকলৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

কংগ্ৰেছ

গুৱাহাটী,অক্টোবৰ : কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশত আৰক্ষীয়ে অপদস্থ কৰা ঘটনাক লৈ সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছ। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বীজেন শৰ্মাই কয়-‘ উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত এজন কেন্দ্ৰীয়মন্ত্ৰীৰ পুত্ৰই গাড়ীৰে ৬ গৰাকী কৃষকক মহতীয়াই হত্যা কৰা ঘটনাক আমি প্ৰদেশ কংগ্ৰেছে তীব্ৰ গৰিহনা দিছো। সেই ঘটনাৰ ভুক্তভোগী আৰু ঘটনাটোৰ বুজ লোৱাৰ উদ্দেশ্যেৰে সেই ঠাইত উপস্থিত হ’বলৈ যোৱাৰ পথত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে অন্যায়ভাৱে আটক কৰাৰ লগতে অপদস্থ কৰাৰ ঘটনাক অতি নিন্দনীয় আৰু গৰ্হিত।

এটা সময়ত অটল বিহাৰী বাজপেয়ী বিৰোধী দলৰ দলপতি থকা সময়ত কংগ্ৰেছে তেখেতক যথেষ্ট সন্মান দিছিল। কিন্তু আজি বিৰোধীক অপমান আৰু অপদষ্ট কৰি এই চৰকাৰে গণতন্ত্ৰক হত্যা কৰিব খুজিছে।’ আনহাতে ৰাজকন্যা বৰুৱাই সংঘটিত কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়-‘ ৰাজকন্যা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই আঠজন কৰ্তব্যৰত শ্ৰমিকক মহতীয়াই লৈ যায় আৰু ইয়াৰে এজন শ্ৰমিকৰ দুয়োখন ভৰিয়েই কাটি পেলাব লগা হয়।  ৰাজকন্যা বৰুৱা ইমানেই প্ৰভাৱশালী যে তেওঁ পিছদিনাই জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হয়।

এইক্ষেত্রত পুলিছে সহযোগ কৰি দুৰ্বল কেছ ডায়েৰী দিয়া কাৰণেই যুৱতীগৰাকীয়ে জামিন পাবলৈ সক্ষম হ’ল। আৰক্ষীৰ সেই লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ উপৰি আঠজন শ্ৰমিকক সোনকালে যথোপযুক্ত ক্ষতি পূৰণ দিয়াৰ লগতে উক্ত ঘটনাত দুইখন ভৰিয়ে হেৰুৱাব লগীয়া হোৱা শ্ৰমিকজনক কৃত্ৰিম ভৰি লগোৱাৰ ব্যৱস্থা কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে দাবী জনাইছো।’ সংবাদমেলত তেওঁ কংগ্ৰেছ দলৰ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। সেইমতে  গোসাইগাওঁ বিধানসভা সমষ্টিৰ বাবে জুৱেল টুডু, তামোলপুৰ সমষ্টিৰ বাবে ভাস্কৰ দাহাল আৰু থাওৰা সমষ্টিৰ বাবে মনোৰঞ্জন কোঁৱৰৰ নাম ঘোষণা কৰা হয়।

গুৱাহাটী

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।

কুতুম্ব সুৰক্ষা মিছনৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাংলাদেশৰ উচ্চায়ুক্তৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই। উল্লেখ যে বিগত কেইটামান দিন ধৰি বাংলাদেশত হিন্দু লোকসকল অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। হিন্দু লোকসকলৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ লগতে দেশখনত হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাই সোমবাৰে আকাশ বতাহ গৰম কৰি তোলে প্ৰতিবাদকাৰী লোকসকলে। এইক্ষেত্ৰত সত্য ৰঞ্জন বৰাই কয় যে বাংলাদেশত আক্ৰমণৰ সন্মুখীন হোৱা হিন্দু লোকসকলক অসমে গ্ৰহণ কৰাৰ প্ৰশ্ন নুঠে। সেই বুলি বাংলাদেশত হিন্দুসকলক পৰুৱাৰ দৰে মাৰিবলৈও দিয়া নহ’ব বুলি কয় হিন্দুত্ববাদী নেতাগৰাকীয়ে।

Continue Reading

অসম

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

পেঞ্চন

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল সংস্কাৰ অনাৰ ক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সকলো পেঞ্চন সম্পৰ্কীয় কাগজ-পাতি ‘কৃতজ্ঞতা’(পেঞ্চন পৰিশোধ আৰু ট্ৰেকিং প্ৰণালী) প’ৰ্টেলযোগে দাখিল কৰিব লাগিব। পেঞ্চন সম্পৰ্কীয় কাগজ-পাতি অনলাইনযোগে দাখিল কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ লগতে সকলো চৰকাৰী বিভাগৰ বাবে ৰাজ্যজুৰি সকলো জিলাতে সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব। পেঞ্চন সঞ্চালকে পেঞ্চন সম্পৰ্কীয় বিষয়ৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰিব। যিকোনো চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা ৩ লাখ টকালৈকে অতিৰিক্ত ড্ৰ’লৰ বাবে  পেঞ্চন সঞ্চালকক ৰেহাই দিয়াৰ বাবে কৰ্তৃত্ব দিয়া হ’ব। যিকোনো কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ এবছৰ আগৰ পৰা পেঞ্চন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব।

এন আই চিয়ে পেঞ্চনৰ দ্ৰুত কাৰ্য ব্যৱস্থাৰ বাবে বিভিন্ন বিভাগৰ সৈতে সহযোগিতা স্থাপনৰ দ্বাৰা ‘কৃতজ্ঞতা’ প’ৰ্টেলৰ সৈতে সামগ্ৰিক কোষাগাৰ ব্যৱস্থাপনা তথ্য প্ৰণালী (CTMIS)ক একত্ৰিত কৰিব। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলে তেওঁলোকৰ লাইফ চাৰ্টিফিকেট নিজ নিজ বেংক শাখাত ডিজিটেল বায়’মেট্ৰিক সেৱা ‘জীৱন প্ৰমাণ’ৰ দ্বাৰা দাখিল কৰিব পাৰিব। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিব।

ৰাজ্যখনৰ আঠখন চিকিৎসা মহাবিদ্যালয়ক চিকিৎসা পৰিষদ  গঠনৰ ক্ষমতা প্ৰদান কৰা হ’ব।

বৈঠকৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সহায়ৰ হেতু উৎকৃষ্ট পদ্ধতিৰ পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে নিয়মীয়া আলোচনা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, মুখ্য একাউণ্টেণ্ট জেনেৰেল এ জি গুলজাৰী লাল, প্ৰধান শিক্ষা সচিব বি কল্যাণ চক্ৰৱৰ্তী উপস্থিত থাকে।

Continue Reading

অসম

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

কংগ্ৰেছ-বি পি এফ

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা প্রাক্তন মন্ত্রী ৰামেশ্বৰ ধানােৱাৰৰ পুত্ৰ গৌতম ধানােৱাৰ আৰু অসম চাহ মজদুৰ কংগ্ৰেছৰ প্রাক্তন সভাপতি তথা অসম বিধান সভাৰ প্রাক্তন অধ্যক্ষ পৃথিৱী মাঝিৰ পুত্র প্রদীপ মাঝিয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই উপলক্ষ্যে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দুয়োজন নেতাক দলত আদৰণী জনায়। আনহাতে আজিৰ অনুষ্ঠানত প্রদেশ কংগ্ৰেছৰ প্রাক্তন সম্পাদক শৈলেন কলিতা, বি টি আৰৰ এম চি এল এ ৰাজীৱ ব্ৰহ্ম আৰু প্রভাত বসুমতাৰী, কংগ্ৰেছ কমী চুমি কলিতা, হিমাংশু শেঠীয়া, অধিবক্তা মিন্টু কলিতা, ছাত্র নেতা হিৰক দাস, সাংস্কৃতিক কর্মী শেখৰ

জ্যোতি বৈশ্যকে ধৰি বিভিন্ন দলৰ বহু কেইজন লােকে বিজেপিত যোগদান কৰে। ‌অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শৰ্মা, সাধাৰণ সম্পাদক পল্লৱলােচন দাস আৰু ৰাজ্যিক উপ

সভাপতি জয়ন্ত কুমাৰ দাসে উপস্থিত আছিল। দলত সকলোকে আদৰণী জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে এই যোগদানৰ যোগেদি দলৰ ভেঁটি আৰু অধিক শক্তিশালী হ’ব।

Continue Reading

আপডেট খবর

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী2 days ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

পেঞ্চন পেঞ্চন
অসম2 days ago

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত...

কংগ্ৰেছ-বি পি এফ কংগ্ৰেছ-বি পি এফ
অসম2 days ago

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা...

আই এছ আই আই এছ আই
অসম2 days ago

ৰাজ্যত আই এছ আই আৰু অল কায়দাৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

গুৱাহাটী,১৮ অক্টোবৰঃ এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা...

ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড
ভাৰত2 days ago

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত...

কাতি বিহু কাতি বিহু
অসম2 days ago

ৰাজ্যজুৰি কাতি বিহুৰ ব্যস্ততা

গুৱাহ‍‍াটী,১৮ অক্টোবৰঃ আজি কাতি বিহু। বিহুৰ এই সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কৰ’না সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি...

Trending