অসম
এদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাজকন্যা বৰুৱা

গুৱাহাটী,৭ অক্টোবৰঃ ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। বুধবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজকন্যা বৰুৱাক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আৱেদন নাকচ কৰাৰ লগতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ৰাজকন্যা বৰুৱাৰ চালকৰ অনুজ্ঞাপত্ৰ পৰিবহন বিভাগক জব্দ কৰি বাতিল কৰাৰ নিৰ্দেশ দিছে আদালতে। আৰক্ষীয়ে ৫ দিনৰ জিম্মাত বিচাৰিছিল ৰাজকন্যাক বৰুৱাক। কিন্তু আদালতে এদিনৰ জিম্মাত দিয়ে। আনহাতে ৰাজকন্যা বৰুৱাৰ ড্ৰাগছ সংক্ৰান্তিয় পৰীক্ষা কৰাও হ’ব। বৰ্ত্তমান ৰাজকন্যা বৰুৱাক পানবজাৰ থানাত ৰখা হৈছে আৰু তাতেই জেৰা চলোৱা হ’ব।
উল্লেখ যে ১ অক্টোবৰৰ নিশা ১.৩০ বজাত সুৰামত্ত হৈ ৰাজকন্যা বৰুৱাই গাড়ীৰে ৰাজপথত কৰ্মৰত আঠজনকৈ শ্ৰমিকক মহতীয়াই নিছিল। ইয়াৰে এজন শ্ৰমিকৰ দুয়োখন ভৰি ইতিমধ্যে কাটি পেলাব লগীয়া হৈছে। ঘটনাটো সংঘটিত কৰাৰ পাছত আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ আটক কৰিছিল যদিও ২৪ ঘণ্টাৰ পাছত জামিন লাভ কৰিছিল। এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি ঘটনাটোত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছিল। মুখ্যমন্ত্রীৰ সতৰ্কবানীৰ পাছতেই সমগ্ৰ ঘটনাই নতুন মোৰ লয়। ঘটনা সন্দৰ্ভত দুজনকৈ আৰক্ষীৰ লোকক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত দিয়া হয়। ইফালে ৰাজকন্যা বৰুৱালৈ জাৰি কৰা হয় চমন।
কিন্তু ৰাজকন্যা বৰুৱাই থানাত হাজিৰ হোৱাৰ বিপৰীতে অসুস্থতাৰ অজুহাতত জি এন আৰ চিৰ আই চি ইউত ভৰ্তি হৈ আছিল। এইক্ষেত্রত ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিকেল বৰ্ড গঠন কৰা হয়। ছয়জনীয়া মেডিকেল বৰ্ডে বুধবাৰে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি সুস্থতাৰ প্ৰমানপত্র দিয়াৰ পাছতেই আৰক্ষীয়ে জি এন আৰ চি হাস্পতালৰ ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে। নিশাটো দিছপুৰ থানাত ৰখাৰ পাছত আজি ৰাজকন্যা বৰুৱাক আদালতত হাজিৰ কৰোৱা হয়। আদালতে ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীৰ সূত্রে জানিব পৰা মতে আঠজনকৈ লোকক আহত কৰাৰ ঘটনাটোকলৈ ৰাজকন্যা বৰুৱা অলপো অনুত্তপ্ত নহয়।
আনহাতে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰক্ষীক সহযোগ নকৰাৰো অভিযোগ উঠিছে। আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোনটোৰ পাচবৰ্ড ৰাজকন্যা বৰুৱাই প্ৰথমতে দিয়া নাছিল যদিও আজি আৰক্ষীয়ে ধমক দিয়াত পাচৱাৰ্ড দিয়ে বুলি জানিব পৰা গৈছে। ইফালে ৰাজকন্যা বৰুৱা অসুস্থ বুলি মিছা প্ৰমাণপত্র দি চিকিৎসালয়ত ভৰ্তি কৰোৱা জি এন আৰ চিৰ বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱাক আজি আৰক্ষীয়ে জেৰা কৰে। লগতে জি এন আৰ চি হাস্পতালত আৰক্ষীয়ে তালাচী চলায়। মিছা প্ৰমাণপত্র দিয়াৰ ঘটনা সন্দৰ্ভত ডাঃ নৱনীল বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ডাঃ নৱনীল বৰুৱাই কিয় ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে মিছা প্ৰমাণপত্র দিলে তাক লৈ চলিছে চৰ্চা। এই ঘটনাৰ বাবে ডাঃ নৱনীল বৰুৱা বিপদত পৰাৰ সম্ভাৱনা আছে। ঘটনা সন্দৰ্ভত চিকিৎসকজনলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন। শুকুৰবাৰৰ ভিতৰত তেওঁ থানাত হাজিৰ হ’ব লাগিব। ডাঃ নৱনীল বৰুৱা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
অসম
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।
৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।
উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।
অসম
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।
বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
অসম
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।
চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।
ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ