অসম
ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত অসমৰ বান-খহনীয়াৰ প্ৰসংগ

গুৱাহাটী,৭ অক্টোবৰঃ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ অধ্যক্ষতাত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ১১ সংখ্যক উচ্চ ক্ষমতা সম্পন্ন পৰ্যালোচনা সমিতিৰ বৈঠকত অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহণ কৰে। উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ কেইবাজনো মন্ত্ৰী তথা উচ্চপদস্থ বিষয়া, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকল উপস্থিত থকা পৰ্যালোচনা বৈঠকখনত মন্ত্ৰী পীযুষ হাজৰিকাই অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি কয় যে অসম চৰকাৰে অসমৰ বান আৰু খহনীয়াৰ দৰে সমস্যাক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু এই ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণেৰে এই সমস্যা সমাধানৰ বাবে যথেষ্ট প্ৰয়াস কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ যৌথ উদ্যোগত এইবাৰ ৰাজ্যখনত প্ৰায় ১০০০ কিল’মিটাৰ দৈঘ্যৰ মথাউৰিৰ ওপৰত ৰাস্তা নিৰ্মাণ কৰাৰ আঁচনিৰ কথাও মন্ত্ৰী পীযুষ হাজৰিকাই বৈঠকত উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে পাই থকা সহায়ৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান আৰু খহনীয়াৰ দৰে গুৰুতৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক সাহাৰ্য আগবঢ়াবলৈ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীক বৈঠকতে অনুৰোধ জনায়। আনহাতে বিগত পাঁচ মাহত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ উদ্যোগত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে হাতত লোৱা বাস্তৱসন্মত কাৰ্যসমূহৰ বিষয়েও মন্ত্ৰী পীযুষ হাজৰিকাই অৱগত কৰে।
বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকলক অঞ্চলটোৰ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আৰু বিশ্বৰ আন দেশবোৰে ব্যৱহাৰ কৰা অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে সচেতন হবলৈ নিৰ্দেশ দিয়ে। পৰ্যালোচনা বৈঠকত মেঘালয়ৰ মন্ত্ৰী ৰেনিটন এল তোংখাৰ, মিজোৰামৰ বিধায়ক তথা মানৱ সম্পদ উন্নয়ন সমিতিৰ উপাধ্যক্ষ এল থাংমাৱিৱা, জল শক্তি মন্ত্ৰণালয়ৰ সচিব পংকজ কুমাৰ, অৰুণাচল প্ৰদেশৰ মুখ্য সচিব নৰেশ কুমাৰ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচী, কেন্দ্ৰীয় জল আয়োগৰ অধ্যক্ষ এচ কে হালদাৰকে ধৰি উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য কেইখনৰ কেইবাজনো উচ্চপদস্থ বিষয়া আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াসকল উপস্থিত আছিল।
অসম
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।
৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।
উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।
অসম
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।
বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
অসম
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।
চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।
ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত