উত্তৰ-পূব
অৰুণাচল প্ৰদেশৰ সীমান্তত চীনৰ আগ্ৰাসন

গুৱাহাটী,৮ অক্টোবৰঃ এইবাৰ অৰুণাচল প্ৰদেশত চীনে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশত বিগত সপ্তাহত টাৱাং চেক্টৰত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ সংঘটিত হৈছিল।
প্ৰকাশিত খবৰ মতে সীমান্তত টহলৰ সময়ত সীমান্ত বিবাদক লৈ দুয়োখন দেশৰ সৈন্য মুখামুখি হৈছিল আৰু সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। অৱশ্যে ইয়াৰ পাছতে প্ৰ’টকল অনুসৰি এই বিবাদ মীমাংসা কৰা হৈছিল। এই সংঘৰ্ষত দুয়ো দেশৰ সৈনিকৰ ক্ষয়-ক্ষতিৰ কথা প্ৰকাশ পোৱা নাই।
প্ৰকাশিত খবৰ মতে অৰুণাচল প্ৰদেশৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত প্ৰায় ২০০ সেনা জোৱানে আহি অৱস্থান গ্ৰহণ কৰিছিল। চীনা সেনা এইদৰে ভাৰতৰ সীমাৰ কাষলৈ অহাত ভাৰতীয় সেনাই চীনা সেনাক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। মন কৰিবলগীয়া যে চীনে সঘনে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ