উত্তৰ-পূব
অসম-মেঘালয় সীমান্তৰ বিবাদমান এলেকাত দুই ৰাজ্যৰ প্ৰতিনিধি দল

গুৱাহাটী,৯ অক্টোবৰঃ অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দুয়োখন ৰাজ্যৰ চৰকাৰে। দুয়োখন ৰাজ্যৰ চৰকাৰী পৰ্যায়ত ইতিমধ্যা কেইবালানি আলোচনা হোৱাৰ পাছত বিবাদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মন্ত্রী পৰ্যায়ত কমিটী গঠন কৰি দিয়া হৈছিল। সেই অনুসৰি
দুই ৰাজ্যৰ মন্ত্ৰীৰ দলৰ সীমান্তৰ বিবদমান এলেকা পৰ্যবেক্ষণ কাৰ্য অব্যাহত আছে। দুই ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত চলিছে জন শুনানি। বিবাদমান এলেকাত থকা ৰাইজে কোন ৰাজ্যৰ লগত থাকিব বিচাৰে তাৰ শুনানি লোৱা হৈছে। শনিবাৰে কইনাধৰা, পাটৰকুছি, পিলিংকাটা অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় দুই ৰাজ্যৰ প্ৰতিনিধি দলে। এই জন শুনানিত উপস্থিত আছিল মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিচং, অসমৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক অতুল বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু। অসম মেঘালয়ৰ সীমান্তৰ উক্ত অঞ্চলৰ লোকৰ লগত আলোচনা কৰে দুই খন ৰাজ্যৰ প্ৰতিনিধি দলে। সংবাদ মাধ্যমৰ আগত প্ৰতিনিধি দলটোৱে কয়-‘ আমি কাজিয়াৰে নহয়, মিলাপ্ৰীতিৰে সমস্যাৰ সমাধান হোৱাটো বিচাৰো। আজি আমি সীমা লোক সকলৰ লগত কথা পাতিব হে আহিছোঁ। অতি কম দিনৰ ভিতৰতে দুই খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যা সমাধানৰ ক্ষেত্রত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিব।’
মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিচঙে কয়-‘ আজি আমি পৰিস্থিতিৰ বুজ লবলৈ ইয়ালৈ আহিছো। দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আছে। আমি কোনো সিদ্ধান্তত উপনীত নহও। সিদ্ধান্ত গ্ৰহণ কৰিব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে। আমি অঞ্চলসমূহৰ সমস্যা সম্পৰ্কে অৱগত হ’বলৈ আহিছো। আমি আমাৰ ক্ষেত্রভিত্তিক পৰ্যালোচনাৰ প্ৰতিবেদন চৰকাৰক জমা দিম।’
আনহাতে মন্ত্রী পীয়ুষ হাজৰিকাই কয়-‘ বহুত ডাঙৰ এলেকাক লৈ বিবাদ নাই। বিবাদমান এলেকা আজি পৰিদৰ্শন কৰিছো। আমি আজি ইয়াত কোনো সিদ্ধান্ত লবলৈ অহা নাই। আমি স্থানীয় মানুহৰ লগত কথা পাতিছো আৰু তেওঁলোকৰ সমস্যাৰ বুজ লৈছো। অসম-মেঘালয়ৰ বাসিন্দা আমি সকলো ভাই-ককাই। আমি কেতিয়াও সংঘাতত যাব নোখোজো। কোনো ক’ত থাকিব খোজে সেই কথাৰ আমি বুজ লৈছো। বৰ বেছি সমস্যা নাই। দুয়োখন চৰকাৰে লগ লাগি এই সমস্যাৰ সমাধান কৰিব। সীমান্তৰ ৰাইজে দুয়োখন ৰাজ্যৰ সুবিধা ল’ব বিচাৰিলে কিছু অসুবিধা হয়।’
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ