Connect with us

ভাৰত

এয়াৰ ইণ্ডিয়া ক্ৰয় কৰিলে টাটাই

এয়ার ইন্ডিয়া

গুৱাহাটী,৯ অক্টোবৰঃ এয়াৰ ইণ্ডিয়া ক্রয় কৰিলে টাটাই। নিমখৰ পৰা ছফটৱেৰ, যান-বাহন খণ্ডলৈকে প্রতিষ্ঠিত কোম্পানী টাটা ছনছে শুকুৰবাৰে নিবিদাত এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰিত্ব লাভ কৰিবলৈ সক্ষম হ’ল৷ স্পাইচ জেটৰ অজয় সিং নেতৃত্বাধীন কনচৰটিয়ামক নিবিদাত পৰাজিত কৰি এয়াৰ ইণ্ডিয়া ক্রয় কৰিলে টাটা ছনছে।

৬১,৫৬২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ থকা এয়াৰ ইণ্ডিয়াৰ নিবিদা ১৮ হাজাৰ কোটি টকাত ক্রয় কৰিবলৈ সক্ষম হ’ল টাটাই৷ এয়াৰ ইণ্ডিয়াৰ এশ শতাংশ স্বত্বাধিকাৰী লাভ কৰাৰ উপৰি টাটাই এয়াৰ ইণ্ডিয়া এছএটিএছ এয়াৰপ’ট ছার্ভিচেছ প্রাইভেট লিমিটেডৰ ৫০ শতাংশ শ্বেয়াৰ ক্রয় কৰে৷ উল্লেখ্য যে ২০২০ চনৰ ডিচেম্বৰ মাহত কেন্দ্রীয় চৰকাৰে এয়াৰ ইণ্ডিয়াত নির্বিনিয়োগৰ ঘোষণাৰে আগ্রহী কোম্পানীক এয়াৰ ইণ্ডিয়াৰ নিবিদাত অংশগ্রহণৰ বাবে আহ্বান জনায়৷ এই আহ্বানৰ পাছতেই টাটা ছনছ আৰু স্পাইচ জেটৰ লগতে কেইবাটাও বিমান সংস্থাই নিবিদাত অংশগ্রহণ কৰে যদিও চূড়ান্ত দৌৰত টাটা ছনছ আৰু স্পাইচ জেট ৰৈ যায়৷

অৱশেষত  এই নিবিদাৰ ফলাফলত স্পাইচ জেটক অতিক্রম কৰি এয়াৰ ইণ্ডিয়াক নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় টাটা ছনছে৷ গুৰুত্বপূর্ণ যে এয়াৰ ইণ্ডিয়াৰ নিবিদাত জয়লাভ কৰাৰ পাছতে ৰতন টাটাই সন্তুষ্টি প্রকাশ কৰিছে৷ কিয়নো এয়াৰ ইণ্ডিয়াৰ প্রকৃত স্বত্বাধিকাৰী আছিল টাটা৷ দেশত অসামৰিক বিমান পৰিবহণৰ বাট মুকলি কৰা টাটা গ্রুপে ১৯৪৬ চনত নিজৰ টাটা এয়াৰলাইনছক ৰাজহুৱা খণ্ডলৈ ৰূপান্তৰিত কৰিছিল৷ যুটীয়া ষ্টক কোম্পানী হিচাপে টাটাই এয়াৰ ইণ্ডিয়া নামকৰণ কৰি ১৯৪৮ চনৰ ৮ জুনত এয়াৰ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ ৰূপত প্রথম ৰাজহুৱা ব্যক্তিগত খণ্ডৰ উদ্যোগ স্থাপন কৰিছিল৷

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

ভাৰত

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

মাতৃত্ব

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত।

৭০ বছৰ বয়সত এটি সুস্থ সন্মান জন্ম দিলে জিভুবেন ৰাবাৰি নামৰ মহিলাগৰাকীয়ে। এমাহ পূৰ্বে জন্ম লাভ কৰা শিশুটিৰ নাম ৰখা হৈছে লালু। গুজৰাটৰ ৰাপাৰ তালুকা এলেকাৰ বাসিন্দা জিভুবেন ৰাবাৰী আৰু ভালজিৰাই ৰাবাৰিৰ ৪৫ বছৰীয়া সংসাৰ। কিন্তু দীৰ্ঘ দাম্পত্য জীৱনত তেওঁলোকৰ নাছিল কোনো সন্তান। অৱশেষত জিভুবেন ৰাবাৰীয়ে ৭০ বছৰ বয়সত জন্ম দিয়ে সন্তান।

প্ৰথম অৱস্থাত চিকিৎসকৰ বাবে এয়া অত্যন্ত প্ৰত্যাহ্বান আছিল। কিন্তু জিভুবেনৰ দৃঢ় মনোভাৱৰ বাবেই চিকিৎসকসকলক উদ্বুদ্ধ হয়। এখন সৰ্বভাৰতীয় বাতৰি কাকতত বাতৰিতো প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশতে বিয়পি পৰিছে খবৰটো।

Continue Reading

ভাৰত

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো শ্ৰমিক। ঘটনা অনুসৰি চুৰাটৰ কাডোৰা ডি আই ডি চিৰ এটা পেকেজিং কাৰখানাত পুৱা জুই লাগে। উদ্ধাৰকাৰী দলে ১২৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে কেইবাজনো শ্ৰমিকে জুইৰ পৰা ৰক্ষা পাবলৈ পাঁচ মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই দিয়ে। যাৰ ফলত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। চুৰাট অগ্নি নিৰ্বাপক বাহিনীয়ে সংবাদ মাধ্যমত জনোৱা অনুসৰি তেওঁলোকে পুৱা ৪.৩০ বজাত দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল।

ইয়াৰ ঠিক পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ ১০ খন বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে। প্ৰায় চাৰে তিনি ঘণ্টাৰ অন্তত তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ২০ জন কৰ্মচাৰী অগ্নিদগ্ধ হৈছে। ইয়াৰে ১৫ জন লোকক চুৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে আন আহতসকলক একেদৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী ভাষ্য অনুসৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত কেইবাজনো শ্ৰমিকে পঞ্চম মহলাত কাম কৰি আছিল। শ্ৰমিকসকলে জুই দেখি ভয় খাইছিল আৰু তেওঁলোকৰ জীৱন বচাবলৈ তাৰ পৰা জঁপিয়াই দিছিল। আনহাতে এছ ডি এম কেজি বাঘেলাই কৈছে যে অগ্নিকাণ্ডৰ সময়ত ভৱনটোত ১০০ তকৈও অধিক লোক আছিল। অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকক বচাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল।

Continue Reading

ভাৰত

কেৰালাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে

flood

গুৱাহাটী,১৭ অক্টোবৰঃ কেৰালাত বানপানীয়ে কালৰূপ ধাৰণ কৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ১১ জন লোকে এই বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে।

ৰাজ্যখনৰ কেইবাঠাইতো প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে আজি আৰু কাইলৈ সবৰীমালা মন্দিৰ দৰ্শনৰ বাবে নাযাবলৈ ভক্ত সকলক অনুৰোধ জনাইছে প্ৰশাসনে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সদৰি কৰিছে যে বৰ্তমানে ৰাজ্যখনৰ স্থিতি গম্ভীৰ। বহু ঠাইত আৱদ্ধ হৈ আছে লোক। সেয়ে সেনাক সহায়ৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে সেনা জোৱানো উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে।  বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ মজুত কৰি ৰখা হৈছে।

Continue Reading

আপডেট খবর

অভিযোগ কংগ্ৰেছৰ অভিযোগ কংগ্ৰেছৰ
অসম1 day ago

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

গুৱাহাটী,২৩ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ...

মাতৃত্ব মাতৃত্ব
ভাৰত1 day ago

৭০ বছৰ বয়সত মাতৃত্ব লাভৰ গৌৰৱ

গুৱাহাটী,২৩ অক্টোবৰঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০...

ড্ৰাগ ড্ৰাগ
অসম1 day ago

কাছাৰ জিলাত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটী,২৩ অক্টোবৰঃ ৰাজ্যত এইবাৰ ড্ৰাগছৰ কেন্দ্ৰস্থল হৈ পৰিছে কাছাৰ জিলা। জিলাখনত পুনৰ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলঙৰ পিছত এইবাৰ...

ইকবাল হুছেইন ইকবাল হুছেইন
বিশ্ব2 days ago

বাংলাদেশৰ হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী,২২ অক্টোবৰঃ বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰৰ মূল অভিযুক্তক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটক কৰা লোকজনৰ নাম ইকবাল হুছেইন। উল্লেখ...

সুৰা সুৰা
অসম2 days ago

ৰাজ্যজুৰি শাৰদীয় দুর্গোৎসৱৰ সময়ত প্রায় ৩৫০ কোটি টকাৰ সুৰা বিক্ৰী

গুৱাহাটী,২২ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই। সেইদৰে ৰাজ্যবাসীয়েও ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা অৱস্থাৰ পৰা...

উপ নির্বাচন উপ নির্বাচন
অসম2 days ago

উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভােটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

গুৱাহাটী,২২ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্রমে ২৮-গােসাইগাঁও, ৪১-ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰাত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপনিৰ্বাচন। মুঠ...

Trending