উত্তৰ-পূব
নগা শান্তি আলোচনা : দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,৯ অক্টোবৰঃ ভাৰত চৰকাৰৰ সৈতে সদ্য যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰা নগা বিদ্ৰোহী সংগঠন এন এছ চিন এন খাপলাঙৰ নিক্কি চুমীৰ গোট আৰু নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰৰ মাজত বৃহস্পতিবাৰে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জানিব পৰা মতে খাপলাঙ গোটৰ প্ৰাক্তন সেনাধ্যক্ষ নিক্কি চুমী আৰু ষ্টাৰচন লামকাঙে অক্ষয় কুমাৰ মিশ্ৰক সাক্ষাৎ কৰি শান্তি প্ৰতি দায়বদ্ধতা আৰু নগা শান্তি আলোচনাৰ সন্দৰ্ভত তেওঁলোকৰ গোটৰ দৃষ্টিভংগী অৱগত কৰে। নিক্কি চমী গোটে নগাসকলৰ আশা-আকাংক্ষা অনুসৰি নগা ৰাজনৈতিক সমস্যাটো শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে সন্মানজনক সমাধানৰ বাবে ভাৰত চৰকাৰক আহবান জনায়। নগা জনগণৰ আশা পূৰণ প্ৰতি দায়বদ্ধ হৈয়ে তেওঁলোক এনেদৰে যুদ্ধ বিৰতিৰে শান্তি প্ৰক্ৰিয়ালৈ উভতি আহিছে। এন এছ চি এন নিক্কি চুমী গোটে কৈছে যে নগা শান্তি আলোচনা প্ৰক্ৰিয়া এক পৃথক সত্তা। ই নগা জনগণৰ ইচ্ছা আৰু আকাংক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব।
যেতিয়ালৈকে নগা শান্তি আলোচনাত নগাসকলৰ একত্ৰিতকৰণ, সৌহাৰ্দ্যপূৰ্ণ আৰু সন্মানজনক ৰাজনৈতিক সমাধান কৰা নহ’ব তেতিয়ালৈকে তেওঁলোকে কোনোধৰণৰ বাধা প্ৰদান নকৰে।
ইফালে এন এছ চি এন ইশ্বাক- মুইভা গোটৰ এটা ৪০ জনীয়া প্ৰতিনিধি দলে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰাৰ উদ্দেশ্য মংগলবাৰে নতুন দিল্লীত উপস্থিত হৈছে। এন এছ চি এনৰ সাধাৰণ সম্পাদক থুইংগালেঙ মুইভা , সভাপতি কিউ টুচ্ছু আৰু উপসভাপতি টি ৱাঙনাওৰ নেতৃত্বৰ সামূহিক নেতৃত্বতই ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী অক্ষয় কুমাৰ মিশ্ৰৰ সৈতে আলোচনাত মিলিত হ’ব ।

এই বৈঠকৰ সন্দৰ্ভত এন এছ চি এনৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ে বিগত দুবছৰ ধৰি স্তব্ধ হৈ পৰা নগা শান্তি আলোচনা পুনৰ আৰম্ভ বিষয়টো ইতিবাচক । খুব সোনকালে আলোচনাৰ ভাল ফল আহিব বুলি আশাবাদী। ইফালে নগা শান্তি আলোচনা আৰু গতিশীল কৰিবৰ বাবে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ নেতৃত্ব এটি দলো শীঘ্ৰেই দিল্লীলৈ ৰাওনা হোৱাৰ কথা।
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম6 months ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
উত্তৰ-পূব6 months ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম6 months ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
অসম6 months ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী6 months ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম6 months ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত6 months ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব6 months ago
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত