উত্তৰ-পূব
উত্তৰ-পূবত আয়ুষভিত্তিক উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছে

গুৱাহাটী,৯ অক্টোবৰ: কেন্দ্রীয় আয়ুষ তথা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে আজি মেঘালয়ৰ ৰিভয় জিলাৰ বৰাপানীৰ সমীপত উত্তৰ-পূর্বাঞ্চলীয় আয়ুর্বেদ আৰু হােমিঅ’পেথী প্রতিষ্ঠানৰ এক অনুষ্ঠানত অংশগ্রহণ কৰে।
২০১৬ চনত স্থাপিত এই প্রতিষ্ঠানখনৰ অধীনস্থ ২ খন আয়ুর্বেদিক তথা হােমিঅ’পেথী মহাবিদ্যালয়ত উচ্চশিক্ষাৰ ব্যৱস্থা থকাৰ লগতে দুখন চিকিৎসালয়ে জনসাধাৰণৰ প্রতি সেৱা আগবঢ়াই আহিছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয়-‘ উত্তৰ-পূর্বাঞ্চলে দেশৰ অর্থনৈতিক বিকাশৰ নিৰন্তৰ যাত্ৰাত এক গুৰুত্বপূর্ণ সম্ভাৱনা বহন কৰিছে। আয়ুষ খণ্ডতাে যথেষ্ট চহকী এই উত্তৰ-পূব ক্ষেত্ৰত মজুত আছে দেশৰ হিতৰ বাবে ব্যৱহাৰ হ’ব পৰা বিভিন্ন সুযােগ-সম্ভাৱনা। পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু সমৃদ্ধ ঔষধি উদ্ভিদৰ বৈচিত্র্যই অঞ্চলটোত আয়ুষ আধাৰিত উদ্যোগসমূহৰ বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰাৰ যথেষ্ট থল আছে।’ তেওঁ লগতে কয়-‘ প্রকৃতি আৰু আয়ুষৰ সম্পর্ক ওতপ্রােত।
প্রকৃতিৰ মাজত আয়ুষ চিকিৎসা প্রণালীৰ বিভিন্ন সম্ভাৱনা মজুত হৈ আছে। সেয়েহে ঔষধি বৈচিত্র্যতাৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডক ত্বৰান্বিত কৰাত আয়ুষ মন্ত্রালয়ে বিশেষ গুৰুত্ব আৰােপ কৰিছে।’ সহস্র বছৰজোৰা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰােপ কৰি সােণােৱালে প্রতিষ্ঠানখনত ছাত্র-ছাত্ৰী আৰু শিক্ষার্থীসকলক আধুনিক ধ্যান-ধাৰণাৰে আয়ুষ সম্পর্কীয় গৱেষণা, অধ্যয়ন আৰু সুযােগ-সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্রতিষ্ঠানৰখনত শীঘ্ৰে স্নাতকোত্তৰ মহলা আৰম্ভ কৰাৰ লগতে অত্যাধুনিক আন্তঃগাঁথনি গঢ় দিয়া হ’ব বুলি সােণােৱালে ভাষণ প্রসংগত উল্লেখ কৰে। লগতে আয়ুর্বেদৰ ইণ্টাৰনীৰ সমানেই হােমিঅ’পেথী ইণ্টাৰনীসকলৰ দৰমহা বৃদ্ধি কৰা হ’ব বুলিও তেখেতে এক গুৰুত্বপূৰ্ণ ঘােষণা কৰে।
প্রতিষ্ঠানখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যাৱতীয় সকলাে সহযােগিতা আগবঢ়োৱা হ’ব বুলি তেখেতে আশ্বাস দিয়ে। অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমক সম্বােধন কৰি সােণােৱালে প্রতিষ্ঠানখনৰ শিক্ষার্থীসকলৰ বাবে সর্বশ্রেষ্ঠ মানদণ্ডৰ শিক্ষাৰ প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। আয়ুর্বেদ নার্চিং আৰু ফার্মাচীৰ সর্বশ্রেষ্ঠ শিক্ষাৰ লগতে পঞ্চকর্মা থেৰাপীত পেছাদাৰী হ্রস্বম্যাদী পাঠ্যক্রম যাতে উত্তৰ-পূব আৰু দেশৰ আন প্ৰান্তৰ শিক্ষার্থীসকলে লাভ কৰিব পাৰে, তাৰ ওপৰতাে তেখেতে গুৰুত্ব আৰােপ কৰে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে উত্তৰ-পূবক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ হৈ আছে। এই ক্ষেত্ৰত তেওঁ প্ৰকৃতিয়ে প্রদান কৰা সমৃদ্ধিশালী ঔষধি উদ্ভিদৰ ওপৰত এক সম্যক আলােকপাত কৰে। তদুপৰি, প্রতিষ্ঠানখনৰ শিক্ষার্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও তেখেতে মত বিনিময় কৰে আৰু আয়ুষ খণ্ডত পেছাদাৰীত্ব আৰু জনসেৱাক অগ্রাধিকাৰ দি ইয়াৰ প্ৰসাৰৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানত মেঘালয় চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰেনিকটন লিংডহ, আয়ুষ মন্ত্ৰালয়ৰ হােমিঅ’পেথী উপদেষ্টা সংগীতা গুগল, এন ই আই জি আৰ আই এইচ এম এছৰ সঞ্চালক ড° নলীন মেহতা, নেচনেল কমিছন ফ’ৰ ইণ্ডিয়ান ছিষ্টেম অৱ মেডিচিনৰ উচ্চপদস্থ বিষয়া ভি এছ মেহতা, উত্তৰ-পূর্বাঞ্চল পার্বত্য বিশ্ববিদ্যালয়ৰ উপাচার্য প্রভাশংকৰ শুক্লা প্রমুখ্যে প্রতিষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
উত্তৰ-পূব
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে ।
গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়। ৰিঅ’ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন ।
উল্লেখ যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰাৰ বুধবাৰে ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিয়ে। ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ’ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ’ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।
উত্তৰ-পূব
অৰুণাচললৈ বলীউডৰ মুন্নাভাই সঞ্জয় দত্ত

গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় বলীউদৰ অভিনেতাগৰাকী। তাৰ পাছতেই সেনা বাহিনীৰ হেলিকপ্টাৰেৰে পোনে পোনে অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হয় অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচাদৰ সঞ্জয় দত্ত।
প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে তেওঁক আদৰণি জনোৱা হয়। অৰুণাচলৰ মেচুকাতে দুদিন কটাব অভিনেতা গৰাকীয়ে। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ অভিনেতাগৰাকীয়ে।
উত্তৰ-পূব
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ১৩ টা এ কে ৫৬ ৰাইফল , এটা এ কে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। প্ৰফুল্ল সিঙৰ আৰক্ষীয়ে জেৰাত এই মাৰণাস্ত্ৰখিনি জব্দ কৰিবলৈ সক্ষম হয়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ