Connect with us

বিশ্ব

বায়ু প্ৰদূষণৰ প্ৰভাৱত গৰ্ভৱতী মহিলা

বায়ু প্ৰদূষণ

গুৱাহাটী,১১ অক্টোবৰঃ বায়ু প্ৰদূষণৰ বাবে বহু লোকৰ মৃত্যু হৈছে। এই প্ৰদূষণে গৰ্ভৱতী মহিলাকো প্ৰভাৱিত কৰিছে। বায়ু প্ৰদূষণৰ বাবে ২০১৯ চনত ৬০ লাখ শিশু অকালতে জন্ম হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰাঞ্চিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ শেহতীয়া গৱেষণাত এই কথা প্ৰকাশ কৰিছিল। গৱেষকসকলে ২০৪ খন দেশৰ তথ্য অন্তৰ্ভুক্ত কৰিছিল। তেওঁলোকে প্ৰতিবেদনখনত উল্লেখ কৰিছিল যে গৰ্ভধাৰণৰ সময়ত বিষাক্ত বায়ু প্ৰদূষণৰ বাব পিএম ২.৫ ৰ বেয়া প্ৰভাৱ পৰে। পিএম ২.৫ হৈছে এক অতি সূক্ষ্ম কণা, যাক খালি চকুৰে মনিব নোৱাৰে। গৱেষকসকলে জানিবলৈ দিয়ে যে বায়ু প্ৰদূষণ হ্ৰাস কৰিব নোৱাৰিলে পৰিস্থিতি অধিক বেয়া হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে শিশু দুৰ্বল আৰু ওজন হ্ৰাস হ’লে ভিন্ন ৰোগ হ’ব পাৰে। বিশ্বজুৰি প্ৰতি বছৰে ১ নিয়ুত শিশুৰ অকাল মৃত্যু হয় । সেয়ে আগন্তুক সময়ত বায়ু প্ৰদূষণ ৰোধৰ বাবে অচিৰেই পৰিকল্পনা গ্ৰহণ কৰা উচিত।

বিশ্ব

টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে পৰা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব ভাৰতীয় মূলৰ পৰাগ আগৰৱাল। ইয়াৰ পিছতে বিভিন্নজনে পৰাগক শুভেচ্ছা জ্ঞাপন কৰিছে।

আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰা জেক ডাৰ্চিয়েও পৰাগক এই দায়িত্ব দিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰশংসা কৰিছে। জেক ডাৰ্চিয়ে কৈছে যে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰাগৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁৰ কাম অত্যন্ত দৰ্শনীয় আছিল। ডৰ্চিয়ে লগতে কৈছে যে তেওঁ পৰাগৰ হৃদয়, ব্যক্তিত্ব আৰু দক্ষতাৰ বিষয়ে নিশ্চিত আৰু অতি কৃতজ্ঞ।

এতিয়া তেওঁৰ নেতৃত্ব দিয়াৰ সময়। উল্লেখ্য যে পৰাগ আগৰৱাল টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’) হিচাপে কৰ্মৰত আছিল। তেওঁ টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া আৰু সম্পূৰ্ণ কাৰিকৰী দায়িত্বত আছিল। ডাৰ্চিৰ মতে পৰাগ আগৰৱালে টুইটাৰত এজন অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এতিয়া তেওঁ চি ই অ’ৰ দায়িত্ব ল’ব। কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট লাভ কৰা পৰাগ আগৰৱালে আই আই টি বোম্বাইৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি কৰিছে।

আগৰৱালে ২০১১ চনত টুইটাৰত যোগদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ টুইটাৰত কাম কৰি আছে। তেওঁক ২০১৭ চনত কোম্পানীৰ চি টি অ’ হিচাপে দায়িত্ব দিয়া হৈছিল। যিসময়ত পৰাগে টুইটাৰত যোগদান কৰিছিল সেই সময়ত কৰ্মচাৰীৰ সংখ্যা ১০০০ তকৈ কম আছিল। পৰাগে টুইটাৰত যোগদান কৰাৰ আগতে মাইক্ৰছফ্ট আৰু য়াহুতো সেৱা আগবঢ়াইছে।

Continue Reading

বিশ্ব

আমেৰিকাক অতিক্ৰমি শীৰ্ষস্থানত চীন

শীৰ্ষস্থানত চীন

গুৱাহাটী,১৭ নবেম্বৰঃ মহাশক্তিশালী আমেৰিকাক পিছ পেলাই পৃথিৱীৰ সকলোতকৈ সম্পদশালী ধনাঢ়্য দেশ হিচাপে পৰিগণিত হৈছে এছিয়াৰ ছুপাৰ পাৱাৰ চীন। মাত্র দুটা দশকৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি শীর্ষত অৱস্থান কৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনে।

ৱর্ল্ড ট্রেড অর্গেনাইজেচনৰ এক সমীক্ষা মতে ২০০০ চনত কেৱল ৭ ত্রিলিয়ন ডলাৰৰ সম্পদ থকা চীনে ২০২১ত ১২০ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে ২০০০ চনত বিশ্বৰ মুঠ সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিলিয়ন আৰু এতিয়া এই পৰিমাণ ত্রিগুণতকৈ বেছি বৃদ্ধি হৈ ৫১৪ ত্রিলিয়ন ডলাৰ হৈছেগৈ।

আমেৰিকাৰ মুঠ সম্পদৰ পৰিমাণ এই সময়ছোৱাত দ্বিগুণ বৃদ্ধি হৈছে যদিও চীনতকৈ বহু পিছপৰি ৰৈছে। আমেৰিকাৰ সম্পদৰ পৰিমাণ হ’ল ৯০ ত্রিলিয়ন৷ প্রকাশ পোৱা তথ্য মতে চীনে যোৱা দুটা দশকত বিশ্বজুৰি ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ ফলতেই প্রভুত সম্পদৰ অধিকাৰী হৈছে আৰু শক্তিশালী আমেৰিকাক স্থানচ্যুত কৰি শীর্ষত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷

Continue Reading

বিশ্ব

ছিংগাপুৰৰ চিৰিয়াখানাত চাৰিটা সিংহৰ দেহত ক’ভিডৰ উপস্থিতি

সিংহ

গুৱাহাটী,১১ নবেম্বৰঃ ছিংগাপুৰৰ এখন চিৰিয়াখানৰ চাৰিটা সিংহৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। চিৰিয়াখানাখনৰ ক’ভিড সংক্ৰমিত কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পাছতে সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি ধাৰণা কৰা হৈছে। ছিংগাপুৰৰ নাইট চাফাৰী চিৰিয়াখানাত থকা সিংহ চাৰিটাৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে।

সিংহ চাৰিটাৰ শৰীৰত কাঁহ আৰু চৰ্দিৰ নিচিনা ক’ভিডৰ প্ৰাথমিক লক্ষণ ধৰা পৰাৰ পাছতে পি চি আৰ পৰীক্ষা কৰা হয় আৰু উক্ত পৰীক্ষাত সিংহ চাৰিটা ক’ভিড প’জিটিভ হোৱা বুলি নিশ্চিত হয়। চিৰিয়াখনৰ কৰ্মচাৰীয়ে উল্লেখ কৰা অনুসৰি সিংহ চাৰিটা ক’ভিড প’জিটিভ হ’লেও এতিয়াও ভালদৰে খোৱা-লোৱা কৰি আছে। চিৰিয়াখানা কৰ্তৃপক্ষই সিংহ চাৰিটাৰ স্বাস্থ্যৰ ওপৰত অহৰ্নিশে নজৰ ৰখা বুলিও উল্লেখ কৰে।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব1 year ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম1 year ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম1 year ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম1 year ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম1 year ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী1 year ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending