অসম
১৫-৬৫ বছৰ বয়সৰ লোকৰ বাবেও জাপানী এনকেফেলাইটিজৰ প্ৰতিষেধক

গুৱাহাটী,১৩ অক্টোবৰ : ৰাজ্যত এতিয়াৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ’ল জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰতিষেধক। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ১৫-৬৫ বছৰ বয়স সীমাৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিজ (জে ই) টীকাকৰণৰ ৰাজ্যজোৰা অভিযানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
সোণাপুৰৰ জিলা চিকিৎসালয়ত মঙ্গলবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই জে ই টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষমনন, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰনাথ নাটে, স্বাস্থ্য বিভাগৰ উপ সচিব কমলজিৎ তালুকদাৰ আৰু স্বাস্থ্যসেৱা (প্ৰতিষেধক) উপসঞ্চালক ডাঃ লাল সিঙে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানীজ এনকেফেলাইটিজ প্ৰতিষেধক অভিযানৰ জৰিয়তে এতিয়ালৈকে ১ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু তথা কিশোৰ-কিশোৰীৰ বাবেহে এই প্ৰতিষেধক উপলব্ধ হৈছিল। ভাৰত চৰকাৰে ইতিপূৰ্বে পৰীক্ষামূলক ভাৱে ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত এই প্ৰতিষেধকৰ সফল প্ৰয়োগ নিশ্চিত কৰাৰ পাছত চলিত বৰ্ষৰ পৰা অসমতো এই বয়স সীমাৰ লোকক জাপানীজ এনকেফেলাইটিজ প্ৰতিষেধক প্ৰদানৰ জোৰদাৰ অভিযান চলাবলৈ অনুমতি প্ৰদান কৰে। প্ৰতি বছৰত জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা মাৰ্চৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত এই প্ৰতিষেধক প্ৰদান কৰা নহয় বাবে স্বাস্থ্য বিভাগে এতিয়া অক্টোবৰৰ পৰা এই টীকাকৰণ অভিযান হাতত লৈছে। এই অভিযানৰ জৰিয়তে বিভাগটোৱে সততে জাপানীজ এনকেফেলাইটিজ ৰোগৰ সংক্ৰমণ পৰিলক্ষিত হোৱা ৰাজ্যৰ ৯৯টা উন্নয়ন খণ্ড এলেকাৰ ৪০.১৭ লাখ গৰাকী লোকক জে ই টীকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
এই অভিযান উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই ইতিপূৰ্বে এই ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটা এলেকসমূহৰ জনসাধাৰণক জে ই টীকা গ্ৰহণেৰে নিজকে জাপানীজ এনকেফেলাইটিজৰ দৰে মাৰাত্মক ৰোগ বিধৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়-‘ আজি শাৰদীয় দূৰ্গোৎসৱৰ মহাসপ্তমীৰ পৱিত্ৰ উপলক্ষতে ৰাজ্যবাসীক জাপানীজ এনকেফেলাইটিজ ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অসমত আজিলৈকে ২ কোটি লোকক প্ৰথমপালি ক’ভিড প্ৰতিষেধক প্ৰদানত সফলতাৰ লগতে সৰ্বমুঠ প্ৰায় ২.৬৫ কোটি পালি ক’ভিড দিয়া হৈছে।
ৰাজ্যবাসীৰ বিপুল সহযোগিতাত ক’ভিড প্ৰতিষেধক অভিযানে এনে উল্লেখনীয় অগ্ৰগতি লাভ কৰাৰ পাছত এতিয়া ৰাইজৰ অনুৰূপ সহযোগিতাৰেই জাপানীজ এনকেফেলাইটিজৰ টীকাকৰণ অভিযানো সম্পূৰ্ণ সফল কৰি তুলিবলৈ সক্ষম হম বুলি আমি আশা কৰিছো।’ অনুষ্ঠানত স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰনাথ নাটেই প্ৰকাশ কৰা মতে ইতিমধ্যে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকে ২৮ দিনৰ বিৰতিত জে ই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব।
অনুৰূপ জে ই প্ৰতিষেধক লোৱা লোকেও ২৮ দিনৰ বিৰতিত ক’ভিডৰ প্ৰতিষেধক ল’ব পাৰিব। ইফালে, আজিৰ অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাজ্যৰ ৯খন জিলাৰ দুৰ্গম, ভিতৰুৱা অঞ্চল আৰু চৰ-চাপৰি এলেকাত ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে ‘কেয়াৰ ইণ্ডিয়া’ নামৰ এনজিঅ’ এটাই স্বাস্থ্য বিভাগলৈ আগবঢ়োৱা ৪০খন ‘ক’ভিড টীকা এক্সপ্ৰেছ’ৰ সেৱাও আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। কামৰূপ (মহানগৰ), ধুবুৰী, বৰপেটা, গোৱালপাৰা, ডিমা হাচাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাৰ দুৰ্গম এলেকাত ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে কেয়াৰ ইণ্ডিয়াই আগবঢ়োৱা এই ৪০খন টীকা এক্সপ্ৰেছৰ ভিতৰৰে ২৮খন মোবাইল ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী ভান আৰু ১২খন ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী নৌকা। কেয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী ৰশ্মি মহান্তিয়েও ভাগ লোৱা এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পতাকা জোকাৰি মোবাইল ক’ভিড প্ৰতিষেধক ভান কেইখন সংশ্লিষ্ট জিলাসমূহলৈ প্ৰেৰণ কৰে।
অসম
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।
৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।
উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।
অসম
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।
বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।
অসম
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।
চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন সমগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।
ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ