Connect with us

ভাৰত

শিশু-কিশোৰৰ বাবে ক’ভিড ভেকচিন

ক'ভিড ভেকচিন

গুৱাহাটী,১৪ অক্টোবৰঃ দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ’ব কৰ’নাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কৰ’নাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।

ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক দিয়া হ’ব। এই সন্দৰ্ভত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাৰী কৰিব। উল্লেখ্য যে ভাৰত বায়টেক আৰু আই চি এম আৰে শিশুৰ বাবে একেলগে ভেকছিন তৈয়াৰ কৰিছে। ভাৰত বায়োটেক হৈছে দেশৰ প্ৰথম কোম্পানী যিয়ে শিশুসকলৰ বাবে ভেকছিনৰ ওপৰত পৰীক্ষণ চলাইছে। দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ পিছত কোম্পানীটোৱে মন্ত্ৰালয়ৰ সমিতিৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে কোম্পানীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই ভেকছিনত অনুমোদন জনাইছে। এতিয়া প্ৰাপ্ত বয়স্কসকলৰ লগতে একে সময়তে শিশুসকলকো কৰ’নাৰ ভেকছিনৰ এটা পালি দিয়া হ’ব।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

ভাৰত

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো শ্ৰমিক। ঘটনা অনুসৰি চুৰাটৰ কাডোৰা ডি আই ডি চিৰ এটা পেকেজিং কাৰখানাত পুৱা জুই লাগে। উদ্ধাৰকাৰী দলে ১২৫ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে কেইবাজনো শ্ৰমিকে জুইৰ পৰা ৰক্ষা পাবলৈ পাঁচ মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই দিয়ে। যাৰ ফলত বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। চুৰাট অগ্নি নিৰ্বাপক বাহিনীয়ে সংবাদ মাধ্যমত জনোৱা অনুসৰি তেওঁলোকে পুৱা ৪.৩০ বজাত দুৰ্ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল।

ইয়াৰ ঠিক পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ ১০ খন বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে। প্ৰায় চাৰে তিনি ঘণ্টাৰ অন্তত তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ২০ জন কৰ্মচাৰী অগ্নিদগ্ধ হৈছে। ইয়াৰে ১৫ জন লোকক চুৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে আন আহতসকলক একেদৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী ভাষ্য অনুসৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সময়ত কেইবাজনো শ্ৰমিকে পঞ্চম মহলাত কাম কৰি আছিল। শ্ৰমিকসকলে জুই দেখি ভয় খাইছিল আৰু তেওঁলোকৰ জীৱন বচাবলৈ তাৰ পৰা জঁপিয়াই দিছিল। আনহাতে এছ ডি এম কেজি বাঘেলাই কৈছে যে অগ্নিকাণ্ডৰ সময়ত ভৱনটোত ১০০ তকৈও অধিক লোক আছিল। অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকক বচাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল।

Continue Reading

ভাৰত

কেৰালাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে

flood

গুৱাহাটী,১৭ অক্টোবৰঃ কেৰালাত বানপানীয়ে কালৰূপ ধাৰণ কৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ১১ জন লোকে এই বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে।

ৰাজ্যখনৰ কেইবাঠাইতো প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে আজি আৰু কাইলৈ সবৰীমালা মন্দিৰ দৰ্শনৰ বাবে নাযাবলৈ ভক্ত সকলক অনুৰোধ জনাইছে প্ৰশাসনে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সদৰি কৰিছে যে বৰ্তমানে ৰাজ্যখনৰ স্থিতি গম্ভীৰ। বহু ঠাইত আৱদ্ধ হৈ আছে লোক। সেয়ে সেনাক সহায়ৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে সেনা জোৱানো উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে।  বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ মজুত কৰি ৰখা হৈছে।

Continue Reading

ভাৰত

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

ৰাহুল দ্ৰাবিড়

গুৱাহাটী,১৬ অক্টোবৰঃ ৰবি শাস্ত্ৰীৰ পিছত এইবাৰ ভাৰতীক ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হ’ব ৰাহুল দ্ৰাবিড়। বি চি চি আইয়ে ঘোষণা কৰিলে এই কথা। ২০২১ চনৰ ১৭অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা টি-২০ বিশ্বকাপৰ পাছতে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব ল’ব প্ৰাক্তন খেলুৱৈ ৰাহুল দ্ৰাবিড়ে। ডুবাইত এক বৈঠকত মিলিত হয় বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলি আৰু সচিব জয় শ্বাহসহ ৰাহুল দ্ৰাবিড়। সেই বৈঠকতে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক হোৱাৰ বাবে দ্ৰাবিড়ক সন্মতি কৰায়। এতিয়া বিশ্বকাপ ২০২৩ লৈকে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিবাহ কৰিব ৰাহুল দ্ৰাবিড়ে।

উল্লেখ্য যে এই বিশ্বকাপৰ পাছতে টি-২০ ৰ অধিনায়কত্ব এৰিব বিৰাট কোহলীয়ে। লগতে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও এৰিব প্ৰশিক্ষকৰ পদ।

Continue Reading

আপডেট খবর

প্ৰতিবাদ প্ৰতিবাদ
গুৱাহাটী1 day ago

বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত গুৱাহাটীত প্ৰতিবাদ

গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা...

পেঞ্চন পেঞ্চন
অসম1 day ago

পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

গুৱাহাটী,১৮ অক্টোবৰঃ কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত...

কংগ্ৰেছ-বি পি এফ কংগ্ৰেছ-বি পি এফ
অসম1 day ago

কংগ্ৰেছ-বি পি এফৰ কেইবাজনো নেতাৰ বিজেপিত যোগদান

গুৱাহাটী,১৮ অক্টোবৰঃ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ দুই প্ৰভাৱশালী যুৱ নেতাই দেওবাৰে বিজেপিত যোগদান কৰে। কংগ্রেছৰ প্রাক্তন ৰাজ্যিক সম্পাদক তথা...

আই এছ আই আই এছ আই
অসম1 day ago

ৰাজ্যত আই এছ আই আৰু অল কায়দাৰ ভয়ংকৰ কূটাঘাতৰ আশংকা

গুৱাহাটী,১৮ অক্টোবৰঃ এখন বিশেষ পত্ৰই এতিয়া হাহাকাৰ লগাইছে ৰাজ্যৰ গৃহ বিভাগত। ৰাজ্যত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ আশংকা। জনসমাগম হোৱা...

ভয়ংকৰ অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ড
ভাৰত1 day ago

গুজৰাটৰ চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী,১৮ অক্টোবৰঃ গুজৰাটৰ চুৰাটত সোমবাৰে পুৱাই সংঘটিত হ’ল এক বৃহৎ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলক ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আহত...

কাতি বিহু কাতি বিহু
অসম1 day ago

ৰাজ্যজুৰি কাতি বিহুৰ ব্যস্ততা

গুৱাহ‍‍াটী,১৮ অক্টোবৰঃ আজি কাতি বিহু। বিহুৰ এই সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কৰ’না সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি...

Trending