Connect with us

ভাৰত

কেৰালাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে

flood

গুৱাহাটী,১৭ অক্টোবৰঃ কেৰালাত বানপানীয়ে কালৰূপ ধাৰণ কৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ১১ জন লোকে এই বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে।

ৰাজ্যখনৰ কেইবাঠাইতো প্ৰশাসনৰ ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে আজি আৰু কাইলৈ সবৰীমালা মন্দিৰ দৰ্শনৰ বাবে নাযাবলৈ ভক্ত সকলক অনুৰোধ জনাইছে প্ৰশাসনে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সদৰি কৰিছে যে বৰ্তমানে ৰাজ্যখনৰ স্থিতি গম্ভীৰ। বহু ঠাইত আৱদ্ধ হৈ আছে লোক। সেয়ে সেনাক সহায়ৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে সেনা জোৱানো উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে।  বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে হেলিকপ্টাৰ মজুত কৰি ৰখা হৈছে।

Continue Reading
Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

ভাৰত

ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্বত এডমিৰেল আৰ হৰি কুমাৰ

আৰ হৰি কুমাৰ

গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে অৱসৰ গ্রহণ কৰাৰ পাছতেই ২৫ সংখ্যক চীফ অৱ দ্য নেভেল ষ্টাফ (চিএনএছ) হিচাপে এডমিৰেল আৰ হৰি কুমাৰক দায়িত্ব অর্পণ কৰা হয়।

৪১ বছৰ ধৰি সেৱা আগবঢ়োৱা নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙক স্থলাভিষিক্ত কৰি দেশৰ নৌসেনাৰ নতুন মুৰব্বী ৰূপে দায়িত্ব গ্রহণ কৰা এডমিৰেল কুমাৰে ৱেষ্টার্ন নেভেল কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কার্যনির্বাহ কৰি আছিল৷ ১৯৬২ চনৰ ১২ এপ্রিলত জন্মগ্রহণ কৰা এডমিৰেল কুমাৰ ভাৰতীয় নৌসেনাৰ কার্যবাহী শাখাত ১৯৮৩ চনৰ ১ জানুৱাৰীত নিযুক্তি লাভ কৰিছিল৷ প্রায় ৩৯ বছৰ ধৰি নৌসেনা বাহিনীৰ বিভিন্ন পদবীত কার্যনির্বাহ কৰাৰ অভিজ্ঞতাৰে পুষ্ট এডমিৰেল কুমাৰে আইএনএছ নিশাংক, ক্ষেপণাস্ত্র সন্নিৱিষ্ট আইএনএছ কোৰা আৰু মিছাইল বিধ্বংসী আইএনএছ ৰণবীৰৰ দায়িত্বও চম্ভালিছিল৷

ৱেষ্টার্ন ফ্লীটৰ ফ্লীট অপাৰেচন অফিচাৰ হিচাপে সেৱা আগবঢ়োৱা এডমিৰেল কুমাৰে নৌসেনাৰ বিমান পৰিবাহী আইএনএছ বীৰাটৰো কমাণ্ডাৰ আছিল৷ আমেৰিকা যুক্তৰাষ্ট্রত নেভেল ৱাৰ কলেজত পাঠ্যক্রম সমাপ্ত কৰাৰ লগতে গ্রেট ব্রিটেইনৰ ৰয়েল কলেজ অৱ ষ্টাডিজতো অধ্যয়ন কৰিছিল এডমিৰেল কুমাৰে৷ নৌসেনাত সেৱা আগবঢ়োৱাৰ বাবে এডমিৰেল কুমাৰক পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল আৰু বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত কৰা হৈছে৷ আজি ছাউথ ব্লক লনত গার্ড অৱ অনাৰ গ্রহণ কৰাৰ পাছত নতুন মুৰব্বী এডমিৰেল কুমাৰে কয়– চীফ অৱ নেভেল ষ্টাফ হিচাপে দায়িত্ব গ্রহণ কৰাটো মহৎ সন্মান৷ ভাৰতীয় নৌবাহিনীয়ে আমাৰ ৰাষ্ট্রীয় সাগৰীয় সুৰক্ষা আৰু প্রত্যাহ্বানৰ ওপৰত প্রাধান্য দি আহিছে৷

Continue Reading

ভাৰত

কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ

মতান্তৰ

গুৱাহাটী,২৮ নবেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশন প্ৰাৰ্কক্ষণত বিৰোধী ঐক্যত ফাট মেলা পৰিলক্ষিত হৈছে। দৰাচলতে শীতকালীন অধিৱেশনত ঐক্যৱদ্ধভাৱে থিয় দিয়াৰ বাবে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধীৰ বৈঠকত অংশগ্ৰহণ নকৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে।

সোমবাৰে বিৰোধী দলসমূহৰ বৈঠকৰ আহ্বান জনাইছিল বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। তৃণমূল কংগ্ৰেছৰ বৰ্জনৰ পিছত দুটা বিৰোধী দল সমাজবাদী পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে এই বৈঠকৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা বৃদ্ধি পাইছে। জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ গোৱা শাখাৰ বিৰোধিতাৰ বাবই কংগ্ৰেছে আহ্বান কৰা এই বৈঠকৰ পৰ আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই। উল্লেখ্য যে গোৱাত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধ নিৰ্বাচনত অৱৰ্তীণ হৈছিল তৃণমূল কংগ্ৰেছ।

Continue Reading

ভাৰত

ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

Narendra Putin

গুৱাহাটী,২৭ নবেম্বৰঃ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ভাৰতলৈ আহিব পুটিন। ৬ ডিচেম্বৰত ভাৰতত উপস্থিত হ’ব পুটিন। এই সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠকত অংশগ্ৰহণ কৰিব। কৰ’না কালত এইখন দুয়োজন নেতাৰ প্ৰথম বৈঠক হ’ব। এই সন্মিলনত কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই কথা জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন শীৰ্ষ বৈঠকৰ সৈতে ভাৰত-ৰাছিয়া ‘টু-প্লাছ-টু’ বৈঠকৰ প্ৰথম সংস্কৰণ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ আলোচনা অনুষ্ঠিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত কেইবাটাও চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ২০২১ চনত ভ্লাদিমিৰ পুটিনৰ এইটো দ্বিতীয় বিদেশ ভ্ৰমণ হ’ব। পুটিনে শেষবাৰৰ বাবে ২০১৮ চনত সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল। দুয়োখন দেশে এছ-৪০০ চুক্তিস্বাক্ষৰ কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পূৱ ৰাছিয়াৰ ভ্লাদিভষ্টক চহৰ ভ্ৰমণ কৰিছিল। ভাৰতে সেই সময়ত পূৱ ৰাছিয়াৰ বিকাশত ভাৰতীয় ব্যৱসায়িক অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ১ বিলিয়ন ডলাৰৰ ছফ্ট ক্ৰেডিট লাইন ঘোষণা কৰিছিল। ইফালে সন্মিলনখনত এছ-৪০০ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতত ৰাছিয়ান স্পুটনিক লাইট ভেকছিন ব্যাপকভাৱে প্ৰস্তুত কৰা হৈছে। সেই অনুসৰি কৰ’না ভাইৰাছৰ বিষয়েও বৈঠকত আলোচনাৰ সম্ভাৱনাও আছে।

Continue Reading

আপডেট খবর

কামৰূপ কামৰূপ
গুৱাহাটী17 hours ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

আৰ হৰি কুমাৰ আৰ হৰি কুমাৰ
ভাৰত17 hours ago

ভাৰতীয় নৌসেনাৰ মুৰব্বীৰ দায়িত্বত এডমিৰেল আৰ হৰি কুমাৰ

গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ...

নীৰজ দাস নীৰজ দাস
অসম17 hours ago

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ দুৰ্ঘটনাত মৃত্যু

গুৱাহাটী,১ ডিচেম্বৰঃ ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা...

মাজুলী-যোৰহাট দলঙ মাজুলী-যোৰহাট দলঙ
অসম2 days ago

মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী,৩০ নবেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল’মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।...

ড° হিমন্ত বিশ্ব শর্মা ড° হিমন্ত বিশ্ব শর্মা
অসম2 days ago

প্রশাসনিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘সমগ্র’ৰ মুখ্য কাৰ্যবাহী বিষয়াৰে মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী,৩০ নবেম্বৰঃ গুৱাহাটীৰ কইনাধৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রশাসনিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘সমগ্র’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ গোৱেলৰ...

পৰাগ আগৰৱাল পৰাগ আগৰৱাল
বিশ্ব2 days ago

টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল

গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ...

Trending