গুৱাহাটী
গুৱাহাটীত চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট

গুৱাহাটী,২৪ অক্টোবৰঃ অসম ভাৰতৰ বাবে দক্ষিণ-পূৱ এছিয়া তথা এছিয়ান দেশ সমূহৰ দুৱাৰমুখস্বৰূপ। অসমৰ ভৌগলিক অৱস্থিতিৰ এইক্ষেত্ৰত বিশেষ গুৰুত্ব আছে। এই মন্তব্য দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ। আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম আৰক্ষীয়ে আয়ােজন কৰা প্ৰথম ৰবি কান্ত সিং সোঁৱৰণী বক্তৃতাৰ মূল বক্তৃতা প্রদান কৰি জেনেৰেল ৰাৱটে এইদৰে কয়। ‘আছাম এট ক্ৰছৰডছঃ জিঅ’পলিটিকেল ইভেণ্টছ ইন ইটছ নেইবাৰহুড ইমপেক্টিং নর্থ ইষ্ট ইণ্ডিয়া’ শীর্ষক বক্তৃতাৰ আৰম্ভণিতে জেনেৰেল ৰাৱটে ৰবি কান্ত সিঙলৈ শ্রদ্ধা নিবেদন কৰি কয় যে সিঙৰ দৰে বীৰ সন্তানসকলে দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্রাণ বিসর্জন দিছে। তেওঁলােকৰ এই ত্যাগ আমি পাহৰিব নালাগে।
ভাষণত জেনেৰেল ৰাৱটে কয় যে এছিয়া ২০৩০ চনৰ ভিতৰত বিশ্বৰ প্রধান কেন্দ্ৰ হৈ পৰিব। এই প্রসংগত তেওঁ ভাৰত, চীন, জাপানৰ দৰে এছীয় শক্তিসমূহৰ দ্রুত উত্থানৰ কথা উল্লেখ কৰে। ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বাবে গ্ৰহণ কৰা ‘সাগৰ’ আৰু ‘এক্ট ইষ্ট পলিচী’ৰ দৰে নীতিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে অসমৰ এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আছে। এছিয়ান তথা পূব আৰু দক্ষিণ-পূব এছীয় দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পর্ক উন্নত কৰাৰ পথৰ দুৱাৰমুখেই হৈছে অসম। জেনেৰেল ৰাৱটে তেওঁৰ বক্তৃতাত ভাৰতৰ সৈতে বাংলাদেশ,বভূটান আৰু নেপালৰ সু-সম্পর্কৰ বিভিন্ন দিশৰ ওপৰতাে আলােকপাত কৰে। তেওঁ নিজৰ ভাষণত অঞ্চলটোৰ প্রাকৃতিক সম্পদৰাজি আৰু বৰ্তমানৰ জলবায়ু পৰিৱৰ্তনত ইয়াৰ ভূমিকাৰ কথাও উল্লেখ কৰে।
চীনে ম্যানমাৰত খােপনি পােতা, পাকিস্তানক সহায় কৰা, এক অঞ্চল এক পথ আঁচনি আদিৰ প্রসংগইও তেওঁৰ ভাষণত স্থান পায়। পাকিস্তানৰ সন্ত্রাসবাদী কার্যকলাপ, চীনৰ গতিবিধি আৰু আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ ওপৰতাে ভাৰতে চোকা দৃষ্টি ৰাখিছে বুলি জেনেৰেল ৰাৱটে তেওঁৰ ভাষণত উল্লেখ কৰে। জেনেৰেল বিপিন ৰাৱটে তেওঁৰ ভাষণত অসমৰ মানুহ, প্রকৃতি আৰু অসমীয়া সংস্কৃতিৰ উচ্চ প্রশংসা কৰে। মা কামাখ্যাৰ আশীবাদেৰে ধন্য ৰাজ্যখনৰ ইতিহাসৰ ওপৰত আলােকপাত কৰি তেওঁ আহােমৰ ছশ বছৰীয়া শাসনৰ গৰিমাৰ কথা উল্লেখ কৰে। শৰাইঘাটৰ যুদ্ধৰ প্ৰসংগত তেওঁ অসমৰ মানুহৰ বীৰত্ব, ৰণনীতি আৰু কূটনীতিৰ উচ্চ প্রশংসা কৰে। তেওঁ কয় যে আধুনিক বিশ্বত উন্নয়নৰ বাবে উন্নত যােগাযােগ ব্যৱস্থা অপৰিহাৰ্য। তেওঁ এই প্রসংগত ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্রিদেশীয় ৰাজপথৰ কথা উল্লেখ কৰে। জেনেৰেল ৰাৱটে কয় যে এনে যােগাযােগৰ ক্ষেত্ৰত অসমৰ ভৌগলিক স্থিতিৰ সুকীয়া গুৰুত্ব আছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ জলপথেৰে বাংলাদেশৰ বন্দৰৰ যােগাযােগে বহন কৰা প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি জেনেৰেল ৰাৱটে কয় যে এনে উন্নত যােগাযােগৰ পৰা ভূটান, নেপালৰ দৰে চুবুৰীয়া দেশসমূহ লাভান্বিত হ’ব। অসমৰ শিক্ষিত মানৱ সম্পদৰ প্রশংসা কৰি তেওঁ কয় যে বর্তমান সময়ৰ চাহিদাৰ সৈতে খাপখুৱাই দক্ষতাসম্পন্ন মানৱ সম্পদৰ বিকাশ ঘটালে ৰাজ্যখনৰ লগতে দেশে লাভান্বিত হ’ব। অসমৰ নৱ প্ৰজন্মৰ প্রতিভা প্রসংগত তেওঁ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ সফলতাৰ কথা উল্লেখ কৰে ।
অনুষ্ঠানত উদ্বোধনী ভাষণ প্রদান কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই। বৰুৱাই তেওঁৰ ভাষণত চীন, ম্যানমাৰ আদি চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ইতিহাসতল সম্পৰ্কে আলােকপাত কৰে। চীনা পৰিব্রাজক হিউৱেন চাঙৰ অসম ভ্ৰমণ আৰু পৰিব্রাজকগৰাকীয়ে এই ভ্রমণকালত অসমৰ সৈতে চীনৰ পুৰণি সম্পৰ্কৰ সমল বিচাৰি পােৱাৰ কথাও তেওঁ উল্লেখ কৰে। ভাষণ প্রসংগত মুখ্য সচিবগৰাকীয়ে বৃটিছৰ শাসনকালত চীনৰ সৈতে পথ যােগাযােগৰ বাবে চলা অভিযান, চীনৰ আন্তঃ আঞ্চলিক আর্থিক বৈষম্য, ম্যানমাৰত চীনৰ প্ৰভাৱ বৃদ্ধি আৰু এই ক্ষেত্ৰত ভাৰতৰ কৰণীয় আদিৰ বিষয়ে কয়। অনুষ্ঠানত বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামীয়ে ভাৰত আৰু বাংলাদেশৰ সুসম্পর্কৰ পৰা দেশ দুখনৰ লাভ আৰু এই সম্পর্কই বহন কৰা সম্ভাৱনীয়তাৰ ব্যাখ্যা আগবঢ়ায়। দোৰাইস্বামীয়ে তেওঁৰ ভাষণত বাংলাদেশৰ স্বাধীনতা সংগ্রামত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বাংলাদেশক তিনিফালৰ পৰা ভাৰতে আগুৰি আছে। স্বাধীনতাৰ পূর্বে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে বর্তমান বাংলাদেশৰ সু-যােগাযােগ ব্যৱস্থা আছিল। দেশ বিভাজনৰ ফলত এই যােগাযােগ ব্যাহত হােৱা আৰু বাংলাদেশৰ সৈতে উন্নত যােগাযােগে বহন কৰা সম্ভাৱনীয়তাৰ প্রসংগইও তেওঁৰ বক্তৃতাত স্থান লাভ কৰে।
অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই। অনুষ্ঠানত জেনেৰেল বিপিন ৰাৱট, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰ জ্যোতি মহন্ত, বাংলাদেশস্থিত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামীয়ে ৰবি কান্ত সিঙৰ প্রতিচ্ছবিত শ্রদ্ধা নিবেদন কৰে।
উল্লেখ্য যে ১৯৮৭ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰবি কান্ত সিঙে ১৯৯৬ চনত তিনিচুকীয়াত উগ্রপন্থীৰ আক্ৰমণত নিহত হৈছিল। অনুষ্ঠানত প্রয়াত ৰবি কান্ত সিঙৰ জীয়ৰী নুপুৰ সিঙো উপস্থিত আছিল।
গুৱাহাটী
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ অভিযানত ভোট কেন্দ্ৰৰ ভোটাৰ ট্ৰেক কৰি সন্ধান বিচাৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।
দ্বিতীয় দিনা কামৰূপ মহানগৰ জিলাত ‘হৰ ঘৰ দস্তক’ৰ নীৰিক্ষক হিচাপে নিয়োজিত মুখ্য সচিব জিষ্ণু বৰুৱাই পাটৰকুছিৰ পাহাৰীয়া এলেকাত কেইজনমান লোকে ক’ভিড প্ৰতিষেধক ল’বলৈ দ্বিধাগ্ৰস্ত হৈ আছে বুলি জানিব পাৰি উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, দিছপুৰৰ চক্ৰ বিষয়া (ভাৰপ্ৰাপ্ত) চিন্ময় নেওগ তথা চিকিংসক, স্বাস্থ্যকৰ্মীৰ সৈতে পাহাৰত বাস কৰা কেবাজনো ব্যক্তিক পুৱাতে ক’ভিড প্ৰতিষেধক প্ৰদান কৰোৱায়।
হেঙেৰাবাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰৰ কাম-কাজ নীৰিক্ষণ কৰাৰ উপৰি মুখ্য সচিবগৰাকীয়ে বৰবাৰীস্থিত কেবাখনো দোকানত সোমাই কৰ্মচাৰীসকলৰ ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে সোধ-পোচ কৰাৰ উপৰি অঞ্চলৰটোৰ ঘৰত গৈ দীৱাংগসহ ২২ গৰাকী পুৰুষ-মহিলাক প্ৰথম পালি আৰু ২৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।
অনুৰূপ ধৰণে জিলাখনত নিয়োজিত আন এজন নিৰীক্ষক, সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, সোণাপুৰৰ চক্ৰ বিষয়া (সংলগ্ন) হিমাদ্ৰি বৰা আৰু স্বাস্থ্যকৰ্মীৰ সৈতে সোণাপুৰৰ ভড়াগাঁও, টেঘেৰিয়া, খমাৰ, কিলিং, টালনি আদি গাঁৱত গৈ মানুহৰ ঘৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইদৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আজাৰা, গড়ল আদি স্থানত, ড° ধ্ৰুৱ জ্যোতি হাজৰিকাই জালুকবাৰী, পাণ্ডু, কামাখ্যা কলনি আৰু চাৰিওটা ৰাজহ চক্ৰত সংশ্লিষ্ট চক্ৰ বিষয়াসকলে ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ তদাৰক কৰে।
গুৱাহাটী
গুৱাহাটী টেক চিটীত হ’ব ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স

গুৱাহাটী,২৭ নৱেম্বৰঃ চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ অসমতো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা কবচ শক্তিশালী কৰাৰ লগতে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ দল বিকশিত কৰাৰ ভৱিষ্যদৰ্শী উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লৈছে এটা ‘ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰ অব এক্সেলেন্স’।
তথ্য-প্ৰযুক্তি আধাৰিত বিত্তীয় তথা ব্যৱসায়িক সেৱা সুনিশ্চিতকাৰী বিশ্বৰ অগ্ৰণী বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ‘মাষ্টাৰকাৰ্ড এচিয়া পেচিফিক’ আৰু চাইবাৰ সুৰক্ষা পৰীক্ষণকাৰী সংস্থা ‘আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড’ৰ কাৰিকৰী সহযোগিতাত অসম চৰকাৰৰ অধীনৰ ‘আছাম ইলেকট্ৰনিকছ ডেভেল’পমেণ্ট ক’ৰ্পোৰেচন লিমিটেড’ (এমট্ৰন)-এ টেক চিটীত এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰটো বিকশিত কৰিব। এই সন্দৰ্ভত গুৱাহাটীত আজি ৰাজ্যৰ তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত তিনিওটা পক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদিত হয়। এমট্ৰনৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব তথা গুৱাহাটী বায়’টেক পাৰ্কৰ সঞ্চালক আকাশদীপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এমট্ৰনৰ হৈ পৰিচালন সঞ্চালক এম কে যাদৱ, মাষ্টাৰকাৰ্ড এছিয়া পেচিফিকৰ হৈ কোম্পানীটোৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী নিখিল চাহানী আৰু আই-ছেক ছিকিউৰিটী ছাৰ্ভিচেজৰ হৈ সঞ্চালিকা অমৃতা সিঙে বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে।
এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী টেক চিটীত স্থাপন কৰিবলৈ লোৱা অত্যাধুনিক তথা বিশ্বমানৰ চাইবাৰ ছিকিউৰিটী চেণ্টাৰটোৰ দ্বাৰা ভৱিষ্যতে অসম তথা দেশৰ চাইবাৰ ছিকিৰিটী এক্সপাৰ্টাইজৰ চাহিদা পূৰাব পৰাকৈ চাইবাৰ সুৰক্ষা প্ৰযুক্তি বিকাশৰ লগতে উপযুক্ত মানৱসম্পদ (চাইবাৰ ছিকিউৰিটী স্পেচিয়েলিষ্ট) গঢ়ি তোলাৰ উপৰি ইয়াক দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবেও নিৰ্ভৰযোগ্য চাইবাৰ ছিকিউৰিটী এক্সপাৰ্টাইজৰ হাব ৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে বুলি অনুষ্ঠানত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই উল্লেখ কৰে। বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাতিদূৰৰ বঙৰাত ইতিমধ্যে ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগে স্থাপন কৰা টেক চিটীত এই চাইবাৰ ছিকিউৰিটীৰ চেণ্টাৰ অব এক্সেলেন্সৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি সাজু হৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে।
মন্ত্ৰী মহন্তই কয় যে চাইবাৰ নিৰাপত্তাৰ দিশত দিনে দিনে বিপদাশংকা-ভাবুকি বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত অসমেও এনে ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ পূৰ্ণ কাৰিকৰী সামৰ্থ আৰু বিশেষজ্ঞ মানৱসম্পদেৰে সাজু হৈ উঠিব পাৰিবই লাগিব। এই ষ্ট্ৰেটেজিক চাইবাৰ ইণ্টেলিজেন্স চেণ্টাৰে আগন্তুক দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে দেশৰ আন ৰাজ্য চৰকাৰসমূহ, ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ভাৰতীয় কৰ্পোৰেট গোষ্ঠীক ক্ৰমবৰ্ধমান চাইবাৰ ছিকিউৰিটীৰ ভাবুকি প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় চাইবাৰ ইণ্টেলিজেন্স সেৱা উপলব্ধ কৰিব।
গুৱাহাটী
কেবিনেটৰ সিদ্ধান্তক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী,২৬ নবেম্বৰঃ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কেবিনেটৰ এই সিদ্ধন্তক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে। লগতে জাতিদ্ৰোহী এই সিদ্ধান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছে।
সংবাদমেলত ভৰত নৰহে কয় যে বঙাইগাঁৱত চৰকাৰে কেবিনেট পাতি বহু সিদ্ধান্ত ল’লে ৷ তাৰে এ পি এছ চিৰ পৰীক্ষাৰ পৰা ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক। ইয়াৰ দ্বাৰা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া ক’ব নাজানিলে চাকৰি কৰিব নোৱাৰিব বুলি কৈছিল। কিন্তু এতিয়া এ পি এছ চি পৰীক্ষাৰ পৰা ভাষাই প্ৰত্যাহাৰ কৰিলে। কি কাৰনে চৰকাৰে এই হঠকাৰী আৰু ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা ৰাইজক জনাওক। কাক সন্তুষ্ট কৰাৰ বাবে তথা কাৰ নিৰ্দেশত চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়-‘ বিজেপি চৰকাৰৰ ক্ষমতাই মূৰত ধৰিছে। আইৰ মুখৰ মাত কাঢ়ি নিব বিচাৰিছে ৷ মোৰ মাটি, মোৰ ভাষা উপেক্ষিত হ’ব ৷ বিষয়াৰ ভাষাক আমি শিকিব লাগিব ৷ কি যে দুৰ্ভাগ্যজনক কথা ৷ নাগপুৰে আমাৰ ভাষা-সাহিত্য আৰু আমাৰ সংস্কৃতিক গোগ্ৰাসে গিলিব আৰম্ব কৰিছে।’
তেওঁ লগতে কয় যে ১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলত দলৰ কেইবাজনো নেতা উপস্থিত আছিল।
-
অসম2 years ago
জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ
-
অসম2 years ago
চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ
-
উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
-
অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
-
গুৱাহাটী2 years ago
গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব
-
অসম2 years ago
ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়
-
ভাৰত2 years ago
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত মতান্তৰ
-
উত্তৰ-পূব2 years ago
মণিপুৰত ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ, জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ