Connect with us

অসম

উগ্রপন্থীৰ গুলী-বিস্ফোৰণত ঘূণীয়া আৰক্ষীৰ লোকসকলে পাব পদোন্নতি

উগ্রপন্থী

গুৱাহাটী,৩১ অক্টোবৰ : কৰ্তব্যৰত অৱস্থাত উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হৈ শাৰিৰীক অক্ষমতাৰ হেতু প্রয়ােজনীয় বিশেষ পাঠ্যক্ৰমত অংশ ল’ব নােৱাৰি পদোন্নতি লাভ নকৰা আৰক্ষীৰ লোকসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ’ব। এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই। আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যলয়ৰ সভাকক্ষত উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত আহত হােৱা ২৫ গৰাকী আৰক্ষীৰ লােক আৰু তেওঁলােকৰ পৰিয়ালবৰ্গৰ লগত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানতে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই কয় যে ভুক্তভােগী এইসকল আৰক্ষীয়ে প্রয়ােজনীয় প্রশিক্ষণত অৱতীৰ্ণ নােহােৱাকৈয়ে পদোন্নতি লাভ কৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত বাধ্যতামূলক এই পাঠ্যক্রম তেওঁলােকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব। এইক্ষেত্ৰত চৰকাৰী অনুমােদন প্রক্রিয়া চুড়ান্ত পর্যায়ত আছে বুলি তেওঁ কয়। সঞ্চালক প্রধানগৰাকীয়ে উল্লেখ কৰে যে পদোন্নতিৰ পৰা বঞ্চিত এইসকল আৰক্ষীৰ লােকৰ প্ৰতিগৰাকীকে তেওঁৰ কনিষ্ঠজনে ইতিমধ্যে পদোন্নতিৰ জৰিয়তে লাভ কৰা পদবীত মকৰল কৰা হ’ব।

উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হােৱা আৰক্ষীৰ আৰু বহু লােক আছে আৰু প্রত্যেকেই এই সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। সঞ্চালকপ্রধানগৰাকীয়ে কয় যে আজি কেৱল প্রতিনিধিত্বমূলকভাৱেহে এই অনুষ্ঠানৰ আয়ােজন কৰা হৈছে আৰু ঘূণীয়া হােৱা আৰক্ষীৰ এইসকল লােকক ‘পৰাক্ৰমী’পদকেৰে বিভূষিত কৰাৰ বাবেও ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ লগত যােগাযােগ কৰি থকা হৈছে। অনুষ্ঠানত অংশ গ্রহণ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বাৰ্মাই আৰক্ষীৰ এইসকল লােকৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলােধৰণৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি সদৰি কৰে। মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জি পি সিঙে আহত আৰক্ষীৰ লােকসকলে চিকিৎসাৰ বাবে সেইসময়ত নিজে ব্যয় কৰা ধনৰাশি তেওঁলােকক চৰকাৰীভাৱে পৰিশােধ কৰাকে আদি ধৰি আন ভালেমান পৰামৰ্শ দাঙি ধৰে।

এই মত-বিনিময় অনুষ্ঠানতে আৰক্ষীৰ এই লােকসকলৰ লগতে তেওঁলােকৰ পৰিয়ালবৰ্গকো সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উগ্রপন্থীৰ গুলী আৰু বিস্ফোৰণত আহত কেবাগৰাকীও আৰক্ষীৰ লােকে সেই সময়ত সংঘটিত শিহৰণকাৰী ঘটনাৰ বিষয়ে বর্ণনা কৰাৰ লগতে আজিৰ অনুভৱখিনিও ব্যক্ত কৰে। অনুষ্ঠানটোত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (প্রশাসন) এম পি গুপ্তাই আদৰণি ভাষণ প্রদান কৰে।

অনুষ্ঠানটিৰ আত ধৰে আৰক্ষী উপ-মহাপৰিদৰ্শক (প্রশাসন) নিতুল গগৈয়ে।

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব2 years ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম2 years ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম2 years ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম2 years ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম2 years ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী2 years ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending