Connect with us

অসম

বিগত বৰ্ষত অসমত ৩,২৪৩ জন লোকৰ আত্মহনন

আত্মহনন

গুৱাহাটী,২ নৱেম্বৰঃ ক’ভিড পৰিস্থিতিয়ে জুৰুলা কৰা ৰাজ্যখনত ২০১৯ বৰ্ষৰ তুলনাত ২০২০ বৰ্ষত আত্মহননৰ ঘটনা ৩৬.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ তথ্য পােহৰলৈ আহিছে। ২০২০ বৰ্ষত ৰাজ্যত আত্মহননৰ ৩,২৪৩ টা ঘটনা সংঘটিত হৈছিল।ৰাজ্যখনত আত্মহননৰ পথ বাছি লােৱা লােকসকলৰ বেছিভাগেই সমাজৰ অর্থনৈতিকভাৱে পিছপৰা আৰু দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা লোক। ক’ভিড অতিমাৰী ৰােধৰ নামত মাহৰ পাছত মাহ ধৰি ঘােষণা কৰা লকডাউনৰ ফলত সৰ্বসাধাৰণ লোকৰ পানীত হাঁহ নচৰাৰ অৱস্থা হৈছিল। সংস্থাপনহীন হৈ পৰিছিল লাখ লাখ লোক। সকলো ক্ষেত্রতেই ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ পৰিছিল যদিও সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে জীয়াই থকাটোৱেই কঠিন হৈ পৰিছিল।

ইফালে নিত্য ব্যৱহার্য সামগ্রীকে ধৰি সকলাে বয়-বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। উল্লেখ যে নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ চমুকৈ এন চি আৰ বিয়ে আত্মহত্যাৰ ঘটনাক লৈ শেহতীয়াকৈ প্ৰকাশ কৰা প্রতিবেদনত অসম সম্পৰ্কত উদ্বেগজনক তথ্য প্রকাশ পাইছে। এন চি আৰ বিৰ তথ্য মতে ২০২০ চনত ৰাজ্যখনত সৰ্বমুঠ ৩,২৪৩টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল। ২০১৯ চনত ৰাজ্যখনত আত্মহত্যাৰ ২,৩৭০ টা ঘটনা সংঘটিত হৈছিল। ক’ভিড মহামাৰী আৰু লকডাউনৰ কৱলত থকা ২০২০ চনত অসমত আত্মহত্যাৰ ঘটনা ৩৬.৮ শতাংশ বৃদ্ধি হােৱাৰ বিপৰীতে দেশত এনে ঘটনা বৃদ্ধিৰ ৰাষ্ট্ৰীয় গড় আছিল ১০ শতাংশ।

উল্লেখ্য যে ২০২০ চনত আত্মহত্যাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পােৱা অসমত ২০১৮ চনৰ তুলনাত ২০১৯ চনত আত্মহত্যাৰ ঘটনা ০.৪ শতাংশ হ্রাস পাইছিল। কিন্তু ২০২০ চনত এই হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পায়। এন চি আৰ বিৰ তথ্য মতে ৰাজ্যখনত বিগত বছৰটোত সংঘটিত আত্মহত্যাৰ ঘটনাৰ অন্যতম কাৰণ পাৰিবাৰিক সমস্যা। পাৰিবাৰিক সমস্যাৰ বাবে ১,৩৮৬জন লােকে অৰ্থাৎ ৪২.৭ শতাংশ লোকে আত্মহননৰ পথ বাচি লয়।

আনহাতে ৩৫৮ জনে বিবাহ সম্পর্কীয় কাৰণ, ৪৩৪ জনে প্রেমজনিত কাৰণ, ২৪০ জনে দৰিদ্ৰতা, ২৩৪ জনে উপার্জনহীনতা, ১৯০ জনে ৰােগগ্রস্ততা আদি কাৰণত আত্মহত্যাৰ দৰে চৰম পথ লৈছিল। বিগত বছৰটোত আত্মহত্যা কৰাসকলৰ সর্বাধিক সংখ্যকেই আর্থিকভাৱে দুর্বল শ্ৰেণীৰ লােক আছিল। এন চি আৰ বিয়ে প্রকাশ কৰা মতে আত্মহত্যা কৰাসকলৰ ভিতৰত ২০১১ জনৰ বার্ষিক আয় ১ লাখ টকাতকৈ কম আছিল।

বছৰি ১ লাখ টকাৰ বেছি আৰু ৫ লাখ টকাৰ কম উপার্জন কৰা ৯৯৮জনে আৰু ৫ লাখতকৈ বেছি আৰু ১০ লাখ টকাতকৈ কম উপার্জন কৰা ২৩৪ জনে আত্মহত্যা কৰিছিল। আত্মহত্যা কৰাসকলৰ ভিতৰত বছৰি ১০ লাখ টকাৰ বেছি উপার্জন কৰা কোনাে লােক নাছিল।

প্রতিবেদনখনত আত্মহত্যাকাৰীৰ পেছাভিত্তিক তথ্যৰ বিশ্লেষণ কৰি উল্লেখ কৰা তথ্য মতে ২০২০ চনত সর্বাধিক ৯৭৪জন নিবনুৱা আৰু ৭৮৯ জন দিন হাজিৰা কৰা লােকে আত্মহননৰ দৰে চৰম পথ বাছি লৈছিল। আনহাতে ২০১৯ চনত আত্মহত্যাকাৰীৰ তথ্যৰ তালিকাত আছিল ২৭৯ জন দিন হাজিৰা কৰা লােক। বিগত বছৰটোত ৪০৫ গৰাকী গৃহিণী, ৩৫৬ জন বেতনভােগী লােক, ২৪৫ জন ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, ১০৪ জন ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী, ৩৯০ জন শিক্ষার্থী, ১৬৩ জন স্বনিয়ােজিত ব্যক্তি, ১১৭ জন কৃষি খণ্ডৰে জড়িত লােক আৰু ১২ জন কৃষকে আত্মহত্যা কৰা বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে।

অসম

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ৰৌণক আলী হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা গোচৰৰ আজি চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। জানিব পৰা মতে অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নামো আছে। তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত। চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ। মুঠ সম্পত্তিৰ মুল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা।

উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল।

Continue Reading

অসম

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

পীযুষ হাজৰিকা

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত বিভাগে কৰিবলগীয়া বিভিন্ন কামৰ খতিয়ান লয় আৰু সকলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰাৰ বাবে নিৰ্দেশ দিয়ে।

 বৈঠকতে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ আঁচনিবোৰৰ বাবে প্ৰয়োজনীয় সকলো বিভাগীয় অনুমতিৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰি তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিভাগটোক অধিক ৰূপত গতিশীল কৰি ডিচেম্বৰ মাহৰ ভিতৰতে চলিত বৰ্ষৰ সকলো কাম আৰম্ভ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু অভিযন্তাসকলক নিৰ্দেশ দিয়ে।

আনহাতে বানমুক্ত অসমৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জলসম্পদ বিভাগক ভালদৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোক প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই আহিছে। আনহাতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰ কৰি নিয়াৰিকৈ কামবোৰ আগবঢ়াই নিবলৈ সকলোকে নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কামৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলিও উল্লেখ কৰে। বৈঠকত বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Continue Reading

অসম

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

চান্দা সংস্কৃতি

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা সংস্কৃতিত পৰিণত কৰিছে। যাৰ বাবে এইক্ষেত্রত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ ‘এৰিডা’ই। এই সন্দৰ্ভত ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয়-‘ বছৰৰ পাছত বছৰ ধৰি চলি অহা বেআইনী চান্দা সংস্কৃতিৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক আমি স্বাগতম জনাইছো।

চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাটো একাংশ সংগঠনৰ বাবে ব্যৱসায়ত পৰিণত হৈছে।’ শৰ্মাই লগতে কয়-‘ এই চান্দা সংস্কৃতিয়ে অসমৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রখনত প্ৰভাৱ পেলাই আহিছে। ইয়াৰ বাবে ৰাজ্যখনত ব্যৱসায় কৰাটো বহুতৰে বাবে যথেষ্ট কষ্টকৰ হোৱাৰ উপৰি বিনিয়োগৰ ক্ষেত্রতো প্ৰভাৱ পৰিছিল। বিভিন্ন সংগঠনৰ চান্দাৰ হাৰাশান্তিৰ বাবেই বহুতে বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হোৱা নাছিল।’ বিভিন্ন স‍মগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত চান্দা সংস্কৃতিৰ প্ৰভাৱ থকাৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়-‘ চান্দাৰ অভাৱনীয় বোজা ব্যৱসায়ীয়ে মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত জাপি দিবলৈ বাধ্য হয়।

ব্যৱসায়-বাণিজ্যৰ বিস্ত‍াৰ তথা বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে এনে চান্দা সংস্কৃতি বন্ধ কৰাটো নিত্যান্তই প্ৰয়োজন।’ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই শৰ্মাই ৰাজ্যজুৰি চান্দবাজিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।

Continue Reading

আপডেট খবর

প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱস
উত্তৰ-পূব1 year ago

নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী,২ ডিচেম্বৰঃ নাগালেণ্ডৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বুধবাৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হয়। ৰাজধানী ক’হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত...

ৰৌণক আলী হাজৰিকা ৰৌণক আলী হাজৰিকা
অসম1 year ago

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত...

পীযুষ হাজৰিকা পীযুষ হাজৰিকা
অসম1 year ago

জলসম্পদ বিভাগৰ সকলো কাম ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰাৰ নিৰ্দেশ

গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে।...

চান্দা সংস্কৃতি চান্দা সংস্কৃতি
অসম1 year ago

চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি ‘এৰিডা’ৰ

গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই...

মহাবিদ্যালয় মহাবিদ্যালয়
অসম1 year ago

ক’ভিড সংক্ৰমণ : সাত দিনৰ বাবে বন্ধ সন্দিকৈ কন্যা মহাবিদ্যালয়

গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা...

কামৰূপ কামৰূপ
গুৱাহাটী1 year ago

গুৱাহাটীৰ দুৰ্গম স্থানত ৰাজ্যৰ মুখ্য সচিব

গুৱাহাটী,১ ডিচেম্বৰঃ কামৰূপ মহানগৰ জিলাত ভেকচিন নোলোৱাকৈ এজনো লোক যাতে বাদ যাব নোৱাৰে তাৰ বাবে ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ...

Trending